অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান নচলায় আবকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে

আবকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অবৈধ সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে নিয়মীয়াকৈ চলাই থকা অভিযান সাময়িকভাৱে বন্ধ ৰাখিব আৰু পূজাৰ বতৰত ইয়াৰ পূৰ্ণ সুযোগ ল’ব পাৰে অবৈধ সুৰা ব্যৱসায়ীসকলে।

“ৰহস্যজনক” পথ দুৰ্ঘটনাত বিভাগটোৰ তিনিজনকৈ বিষয়াৰ মৃত্যু হোৱা ঘটনাটোৰ প্ৰতি বিভাগটোৱে আৰু চৰকাৰে সহমৰ্মিতা প্ৰদৰ্শন নকৰালৈকে অভিযানৰ পৰা বিৰত থাকিবলৈ বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলৰ এই সিদ্ধান্ত।

এটা বিভাগীয় অভিযানত যাওঁতে যোৱা ২৫ ছেপ্টেম্বৰত গোলাঘাট জিলাৰ মৰঙীত ৰহস্যজনক পথ দুৰ্ঘটনাত তিনিজন বিষয়াৰ মৃত্যু হোৱাৰ উপৰি আন তিনিজন গুৰুতৰভাৱে আহত হৈছিল। আহতকেইজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

বিষয়াকেইজন যোৱা গাড়ীখনে এখন ডাম্পাৰত খুন্দা মাৰিছিল আৰু দপদপকৈ জ্বলি উঠিছিল।

ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে বিভাগটোৰ আন আন বিষয়া-কৰ্মচাৰীসকলে।

আনহাতে আবকাৰী বিভাগ বা অসম চৰকাৰ, কোনেও মৃত বা আহত কৰ্মচাৰীকেইজনলৈ সাহায্য ঘোষণা কৰা নাই।

“যদিও এজন কৰ্মচাৰীৰ কৰ্তব্যৰত অৱস্থাত মৃত্যু হ’লে এককালীন সাহায্য দিয়াৰ চৰকাৰী নীতি আছে আমাৰ নিহত সহকৰ্মীকেইজনৰ ক্ষেত্ৰত একো কৰা নাই। দুৰ্ঘটনাটোত বেয়াকৈ আঘাতপ্ৰাপ্ত তিনিজন কৰ্মচাৰীৰ চিকিৎসাৰ খৰচো কামৰূপ আবকাৰী বিভাগৰ কৰ্মচাৰীসকলেহে বহন কৰিছে”, বিভাগটোৰ এজন জ্যেষ্ঠ বিষয়াই কয়।

বিষয়াজনে ইয়াৰ প্ৰতিবাদ স্বৰূপে অনাগত দিনত কৰ্মচাৰীসকলে বেআইনী সুৰা ব্যৱসায়ৰ বিৰুদ্ধে অভিযানত অংশ নোলোৱাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে।

অৱশ্যে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উজনি অসম আয়ুক্ত জুৰি সোণোৱালক এই তদন্তৰ দায়িত্ব দিয়া হয়।