NORTHEAST NOW (Assamese)

চামগুৰিত অবৈধ কাঠ ফলা মিল উৎখাত, গাড়ী জব্দ

September 6, 2020 7:28 pm · বিদ্যুত জ্যোতি বৰা

বন বিভাগে অভিযান চলাই নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্ভুক্ত চামগুৰিৰ গেন্ধালিত অবৈধ কাঠ ফলা মিল উৎখাত কৰিছে।

লগতে মিলৰ যন্ত্ৰাংশ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে গোপন খবৰৰ ভিত্তিত শালনা আঞ্চলিক বন বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত বন পালক কুলেন্দ্ৰ ভূঞাসহ বন ৰক্ষীৰ দলে যোৱা নিশা অভিযানটো চলাইছিল।

অভিযানটোত ৰুবু সন্দিকৈ নামৰ লোকজনৰ মিলটো উৎখাত কৰাৰ লগতে মিলৰ যন্ত্ৰাংশসমূহ জব্দ কৰিবলৈ সক্ষম হয়।

যদিও বন ৰক্ষীৰ আগমনৰ উমান পাই অসাধু কাঠ ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয়।

আনহাতে বন বিভাগে জব্দ কৰা মিলৰ যন্ত্ৰাংশসমূহ শালনা ৰেঞ্জত ৰাখিছে বুলি বন বিভাগৰ সূত্ৰে প্ৰকাশ কৰিছে।

ইপিনে শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চাপানালা খণ্ড বন কাৰ্যালয়ৰ এটা বন কৰ্মী দলে ৪ ছেপ্টেম্বৰৰ নিশা চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই চাপানলাৰ পুলিবাগানৰ পৰা এ এছ ০২ এচি ২৯১১ নম্বৰৰ এখন অবৈধ কাঠৰ কুণ্ডা ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।

Related News