• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমকামিতাই কাল হ’ল নেকি কনিষ্ঠ চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীৰ!

NE NOW NEWS স্মিতা ভট্টাচাৰ্য
যোৰহাট , September 6, 2020 7:33 pm

2 min read

homeopathic-doctors-murderer-750x375
773
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে যোৰহাটৰ কনিষ্ঠ হোমিওপেথিক চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দিগন্ত তাঁতী নামৰ এজন যুৱকক।

তদন্তকাৰী আৰক্ষীৰ মতে পেচাত ৰং মিস্ত্ৰী দিগন্ত তাঁতীয়ে যোৱা নিশা ডাঃ ৰাহুল বসুমতাৰীক হত্যা কৰি তেওঁৰ থাণ্ডাৰবাৰ্ড বুলেট, ডিএছএলআৰ কেমেৰা আৰু মোবাইল ফোনটো লৈ উধাও হৈছিল।

অভিযুক্ত দিগন্ত তাঁতীক জেৰা কৰাৰ পিছতে এই হত্যাকাণ্ডৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।

আৰক্ষীৰ প্ৰাথমিক তদন্তৰ তথ্যৰ মতে মৃত ডাঃ ৰাহুল বসুমতাৰীৰে সৈতে হত্যাকাৰী দিগন্ত তাঁতীৰ সমকামিতাৰ সম্পৰ্ক আছিল।

লিচুবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যুৎ দত্তই কয় যে দিগন্ত তাঁতীৰ সৈতে ডাঃ ৰাহুল বসুমতাৰীৰ সমকামিতাৰ সম্পৰ্ক আছিল আৰু উক্ত দিনা দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হোৱাত দিগন্তই ৰাহুলক হত্যা কৰে।

ইফালে আন এক আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ডাঃ ৰাহুল বসুমতাৰীয়ে দিগন্ত তাঁতীৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰিছিল আৰু নিজৰ প্ৰতিৰক্ষাৰ বাবে ডাঃ ৰাহুলক হত্যা কৰিছিল তাঁতীয়ে।

“তাঁতীয়ে চুৰি কৰা বুলেটখন উদ্ধাৰ কৰা হৈছে আৰু ৰাহুলৰ স্মাৰ্ট ফোন আৰু ডিএছএলআৰ কেমেৰাটো লুকুৱলাই থোৱা ঠাইখন দেখুৱাই দিছে।” সংবাদ মাধ্যমৰ আগত এইদৰে কয় আৰক্ষীয়ে।

লিচুবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দত্তই কয় যে ডাঃ ৰাহুল বসুমতাৰীৰ স্মাৰ্টফোনৰ ফোনকলসমূহ ট্ৰেচ কৰি হত্যাকাৰী তাঁতীৰ সন্ধান লাভ কৰিছিল আৰক্ষীয়ে।

স্মৰ্তব্য যে বিটিচিৰ ওডালগুৰি জিলাৰ কনিষ্ঠ হোমিওপেথিক চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীক যোৱা নিশা যোৰহাটৰ চন্দন নগৰৰ ৪ নং বাইলেনৰ তেওঁৰ ভাড়াঘৰত ডিঙিত চোকা অস্ত্ৰেৰে ৰেপি হত্যা কৰা হৈছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd