DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন মাফিয়াৰ দৌৰাত্ম্য! বনকৰ্মীক প্ৰাণে মৰাৰ ভাবুকি দি কাঢ়ি নিলে বাহনসহ চোৰাং কাঠ

নীলমনি শর্মা by নীলমনি শর্মা
July 19, 2020 7:14 am
Screenshot_2020-07-18-14-41-13-797_com.mxtech.videoplayer.ad

ফটো: নৰ্থইষ্ট নাও

8.6k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি ৷ শেহতীয়াকৈ জিলা খনৰ কৃষ্ণাইত এদল চোৰাং কাঠ ব্যৱসায়ীয়ে  বনকৰ্মীক প্ৰাণে মৰাৰ ভাবুকি দি বাহন সহ চোৰাং কাঠ লৈ উধাও হোৱা ঘটনাই জিলা খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শূন্য সহনশীলতা যেন এতিয়া ফুটুকাৰ ফেন! চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনিত যেন কম্পমান বিয়াগোম গোৱালপাৰাৰ বন বিভাগ ৷

অৱশ্যে জিলাবাসীৰ বাবে এয়া কোনো নতুন অভিজ্ঞতাৰ কথা নহয় ৷

জিলা বন বিষয়াৰ জ্ঞাতসাৰে বিগত কেইবাবছৰৰ পৰা এনে দৰে বন ধ্বংসৰ অভিযান চলি থকা আৰু শকত কমিচনৰ অংকত বন বিভাগ নিমাত হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

শেহতীয়া তথ্য মতে কৃষ্ণাই মধ্যাঞ্চলিক বন বিষয়া শিৱানী পেগুৱে  এক গোপন সুত্ৰৰ পম খেদি কৃ্ষ্ণাইৰ শালপাৰত অভিযান চলাই এক বৃহৎ পৰিমানৰ চোৰাং কাঠ সহ এখন গাড়ী জব্দ কৰে ৷

জব্দ কৰা কাঠ সহ গাড়ী খন কাৰ্যালয়লৈ আনি থকা অৱস্থাত  খোদ বন বিভাগৰ লোকক প্ৰাণে মৰাৰ ভাবুকি দি চোৰাং কাঠৰ বাহন লৈ চোৰাং কাঠ ব্যৱসায়ী উধাও হয় ৷

এদিন পূৰ্বে কৃষ্ণাই বন বিভাগে কৰায়ত্ত কৰিছিল চোৰাং কাঠসহ এখন বাহন।

বাহন খনত উঠি দুজন বনকৰ্মীয়ে বনাঞ্চলিক কাৰ্যালয়লৈ নি থকাৰ সময়তে কৃষ্ণাই নৈৰ দলঙৰ কাষত কাঠ ব্যৱসায়ী আৰু বাহনৰ চালকে বনকৰ্মী দুজনক মাৰপিট কৰি বাহন দুৰ্ঘটনাগ্ৰস্ত কৰি দুয়োকে হত্যা ভাবুকি দি গাড়ীৰ নমাই দিয়ে।

কাঠ ব্যৱসায়ীৰ দলটোৱে চোৰাং কাঠ সহ বাহনখন লৈ কৃষ্ণাইৰ ভেল্টাৰঘাৰৰ ফালেৰে মেঘালয় অভিমুখে পলায়ন কৰে।

ইয়াৰ পাছতে বনাঞ্চলিক বিষয়া শিৱানী পেগুয়ে কৃষ্ণাই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

এজাহাৰৰ ভিত্তিত পলায়ন কৰা বাহনখন আৰু কাঠখিনি কৃষ্ণাই আৰক্ষীয়ে উদ্ধাৰ  কৰিবলৈ সক্ষম হয় যদিও কাঠ ব্যৱসায়ী আৰু চালকক ৰহস্যজনকভাৱে এতিয়াও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

এই ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে কাঠ ব্যৱসায়ীৰ দপদপনিৰ কথা পোহৰলৈ আহিছে।

এই ক্ষেত্ৰত জিলা বনবিভাগ আৰু আৰক্ষী প্ৰশাসনে পৰৰ্ৱতী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব!

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd