NORTHEAST NOW (Assamese)

কুমাৰীকাটা বন বিভাগ আৰু এছএছবিৰ যুটীয়া অভিযানত চোৰাং গামেৰী গছৰ কুণ্ডাসহ টাটা মবাইল জব্দ

September 26, 2020 3:58 pm · দীপক কুমাৰ পাঠক

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে।

শুকুৰবাৰে  নিশা প্ৰায় ৭ বজাত বন বিভাগৰ লোকে  বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত  কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনস্থ চাহেটোপা গাওঁত কুমাৰীকাটা বন বিভাগ আৰু ২৪ নং এছএছবিৰ গাইদাঙ চ’কস্থিত এটা দলৰ সহযোগত চোৰাং  কাঠ কঢ়িয়াই অনা  বাহন এখন জব্দ কৰে ।

AS-01 EC- 8107 নম্বৰৰ এখন টাটা ম’বাইল বাহন খনত   গামেৰী গছ কঢ়িয়াই আনি থকা অৱস্থাতে অভিযানকাৰী দলে জব্দ কৰিবলৈ সক্ষম হয় ।

গাড়ীৰ চালক গৰাকীয়ে বন বিভাগ আৰু এছএছ বিৰ লোকসকলক দূৰৰ পৰা দেখা মাত্ৰকে এন্ধাৰৰ সুযোগ লৈ গাড়ী খন এৰি পলাই যাবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে বন বিভাগৰ বিষয়া বীৰেন্দ্ৰ নাথ বড়োৱে ।

নিশাই বন বিভাগৰ লোকে টাটা মবাইলসহ গামেৰী গছৰ কুণ্ডা খিনি কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়লৈ লৈ আনে । উল্লেখ্য যে জব্দকৃত কাঠ আৰু গাড়ীখনৰ মূল্য বন বিভাগৰ লোকে জানিব দিয়া অনুসৰি কেইবা লক্ষাধিক টকা হব ।

Related News