NCERT ৰ পাঠ্যপুথিৰ নামতো অবৈধ ব্যৱসায়; জব্দ হ’ল ৩৫ কোটি টকাৰ কিতাপ

book123

ড্ৰাছৰ ব্যৱসায়,চোৰাং কাঠৰ ব্যৱসায় আদিৰ কথা প্ৰায়ে শুনি থকা কথা হৈ পৰিছে যদিও কিতাপৰ অবৈধ ব্যৱসায়ৰ কথা তেনেই কমকৈহে শুনিবলৈ পোৱা যায়।

কিতাপৰ অবৈধ ব্যৱসায়ৰ জৰিয়তে কোটিপতি হোৱাৰ সপোন দেখা উত্তৰ প্ৰদেশৰ ১২ জন লোক শেহতীয়াকৈ আইনৰ জালত বন্দী হৈছে।

উত্তৰ প্ৰদেশৰ মীৰাটৰ পাৰ্টাপুৰ আৰু আমৰোহাত NCERT ৰ কিতাপ কোনো অনুমোদল নোহোৱাকৈয়ে অবৈধ ভাৱে ছপাই কোটি কোটি টকাৰ ব্যৱসায় কৰি আহিছিল এটা চক্ৰই।

চক্ৰটোৱে আমৰোহা আৰু মীৰাটৰ কেইবাটাও ছপাশালত NCERT ৰ পাঠ্যপুথি অবৈধ ভাৱে ছপাই সেইবোৰ দিল্লী আৰু উত্তৰাখণ্ডত বিক্ৰী কৰি আহিছিল।

এই বিষয়ে উত্তৰ প্ৰদেশৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে গোপন সূত্ৰ পৰা খবৰ পোৱাৰ পিছতে আজি আচম্বিতে আমৰোহা আৰু পাৰ্টাপুৰত অভিযান চলায়।

অভিযানকালত স্পেচিয়েল টাস্ক ফ’ৰ্চে দুয়োটা স্থানৰে পৰা বৃহৎ মাত্ৰাত অবৈধ ভাৱে ছপা কৰা NCERT ৰ কিতাপ জব্দ কৰিবলৈ সক্ষম হয়।

আমৰোহাৰ বিশেষ আৰক্ষী অধীক্ষক অজয় চাহনীয়ে প্ৰকাশ কৰা অনুসৰি চক্ৰটোৱে অবৈধ ভাৱে ছপা কৰা ৯ লাখ পাঠ্যপুথি জব্দ কৰা হৈছে।

আন এঠাইত জব্দ কৰা পাঠ্যপুথিৰ সংখ্যা এতিয়াও নিৰূপণ হোৱা নাই বুলি তেওঁ কয়।

তেওঁ লগতে কয় যে জব্দ কৰা পাঠ্যপুথি খিনিৰ মূল্য প্ৰায় ৩৫ কোটি টকা হ’ব।

ঘটনা সন্দৰ্ভত ১২ জন লোকক গ্ৰেপ্তাৰ কৰি জেৰা চলাই থকা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য NCERT ৰ কিতাপ কেৱল দিল্লীৰ এটা প্ৰতিষ্ঠানেহে ছপা কৰে। দিল্লীৰ বাহিৰে দেশৰ আন কোনো ঠাইত NCERT ৰ কিতাপ ছপা কৰা নহয়।