• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ ভূ গৰ্ভৰ কয়লা খননিত ব্যৱহাৰ কৰিবলৈ অনা চোৰাং কাঠসহ বলেৰ’ পিক আপ ভান সহ জব্দ

পুঠি খলিহনা ধৰিছে যদিও ৰৌ বৰালী জালত পেলাবলৈ সক্ষম হোৱা নাই বন বিভাগ

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
March 8, 2020 7:38 am
1IMG-20200307-WA0019

জব্দকৃত কাঠখিনিসহ বাহনখন

25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বনাঞ্চল সমূহ এতিয়া বন মাফিয়াৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰিত হৈছে৷

অসমৰ বনাঞ্চল সমূহৰ ধ্বংসযজ্ঞ চলি থকাৰ মাজতেই তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ তথা লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত লিডু মোলাং পথত লেখাপানী বন বিভাগে অভিযান চলাই শুকুৰবাৰে নিশা চোৰাং কাঠ ভিৰ্তি এখন বলেৰে পিক জব্দ কৰিবলৈ সক্ষম হয়।

Apply Now

লেখাপানী বন বিভাগৰ এটা দলে শুকুৰবাৰে নিশা প্ৰায় ১১.০০ বজাত এক আকস্মিক অভিযান চলাই গাড়ীসহ চোৰাং কাঠখিনি জব্দ কৰে৷

অৱশ্যে জব্দ হোৱা চোৰাং কাঠখিনিৰ সৈতে কোনো লোকক বন বিভাগে আটক কৰিবলৈ সক্ষম নহ’ল৷ বন বিভাগে জব্দ কৰা এই চোৰাং কাঠখিনি অবৈধ কয়লাখনিৰ ভূ-গৰ্ভ খনিৰ ভিতৰত ঠেকা দিবলৈ অনা বুলি জানিব পৰা গৈছে৷

এ এছ ২৩ চি চি ২০৪৭ নম্বৰৰ বলেৰ’ পিকআপ ভানখনেৰে আনি থকা অৱস্থাত বন বিভাগে কালি জব্দ কৰা অপৈণত গছৰ কুণ্ডা সদৃশ এই ঠেকাসমূহ ডিগবৈ বন সংমণ্ডলৰ আপাৰ দিহিং বনাঞ্চলৰ পূৱ খণ্ডৰ পৰা দিহিং নৈৰে লিডুৰ মোলাঙলৈ বুলি আনি  গাড়ীৰে সৰবৰাহ কৰোতে ধৰা পৰে৷

ডিগবৈ আৰু ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত বিশেষকৈ মাৰ্ঘেৰিটাৰ মাকুমকিল্লা, মিৰিকা মাজুলী, নৰালতা, ডিৰক, ইনথেম-উলুপকে আদি কৰি সংৰক্ষিত বনাঞ্চলসমূহৰ পৰা অপৈণত গছসমূহ কাটি সংৰক্ষিত বনাঞ্চল কেইখনত ধ্বংসযজ্ঞ চলাই অবৈধ ভূ-গৰ্ভৰ কয়লা খনিৰ ঠেকাৰ নামত দীৰ্ঘদিনৰ পৰা অঞ্চলটোলৈ এনে ধৰণৰ অবৈধ কাঠ আমদানি হৈ আহিছে৷

আনহাতে, শুকুৰ বাৰে দিনৰ ভাগত লেখাপানী সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ বিৰোধী অভিযান চলাই লেখাপানী বন বিভাগে জাৰ্মানত নিৰ্মিত এটা অত্যধুনিক কাঠ ফলা মেচিন জব্দ কৰিবলৈ সক্ষম হয়৷

উল্লেখ যে দিহিং পাটকাই অভায়াৰণ্য তথা পশ্চিম মাৰ্ঘেৰিটা বনাঞ্চলিক আৰু পূৱ বনাঞ্চলিক কাৰ্যালয় অধীনৰ সংৰক্ষিত বনাঞ্চল সমূহত প্ৰতিদিনে চোৰাং কাঠ মাফিয়াৰ হাতুৰা পৰি আহিছে যদিও এইক্ষেত্ৰত বন বিভাগে গোপন অংকৰ বিনিমিয়ত চকু মুদা কুলি ভাও ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছ৷

অন্যহাতে সাধাৰণ দুই এখন ডি আই মেক্স জাতীয় চোৰাং কাঠ সৰবৰাহ কৰা গাড়ী ধৰিছে যদিও প্ৰতিদিনে মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আৰু অসমৰ সীমামূৰীয়া জয়ৰামপুৰৰ লগতে মেওৰ পৰা ১২-১৪-১৬ চকীয়া ট্ৰাকেৰে বৃহৎ সংখ্যক কাঠৰ চোৰাং গাড়ী জাগুন, লেখাপানী আৰু মাৰ্ঘেৰিটা পশ্চিম বনাঞ্চলিক কাৰ্যালয়ৰ সন্মুখেদি ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেদি সৰবৰাহ হৈ আহিছে যদিও কোনো এটা বনাঞ্চলিক বিষয়াই এক্ষেত্ৰত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ নকৰি চোৰাং কাঠ ব্যৱসায়ীৰে গোপন বুজাবুজিৰে অবৈধ বৃহৎ কাঠৰ ব্যৱসায় চলাই যোৱাত সাৰ পানী যোগোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷

এইক্ষেত্ৰত স্থানীয় একাংশ দল সংগঠনৰ নেতাকো কাঠ মাফিয়াই নিজৰ পকেটত ৰাখিছে বুলি সূত্ৰত প্ৰকাশ৷

এইক্ষেত্ৰত বন বিভাগে পুঠি খলিহনা ধৰিছে যদিও ৰৌ বৰালী জালত পেলাবলৈ সক্ষম হ’ব কেতিয়া ইয়াকে লৈ সচেতন প্ৰকৃতি প্ৰেমীৰ মাজত ব্যাপক চৰ্চা চলিছে৷

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd