দেশত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ১৯৬ গৰাকী চিকিৎসকৰ, উদ্বিগ্ন আই এম এৰ পত্ৰ মোডীলৈ

file7a337v2z

ক’ৰ’ণাৰ মহাতংকই খেদি ফুৰা ভাৰতবৰ্ষত ক’ৰ’ণাৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দি থকা চিকিৎসক সকলৰ বহুতেই এতিয়া ক’ৰ’ণাত আক্ৰান্ত।

বহু চিকিৎসকে মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে। কেৱল সেয়াই নহয় এতিয়ালৈকে ক’ৰ’ণাত আক্ৰান্ত হৈ দেশত মৃত্যু ঘটিছে ১৯৬ গৰাকী চিকিৎসকৰ।

কোভিড যোদ্ধাৰ এনে মৃত্যুত উদ্বিগ্ন হৈ পৰিছে চিকিৎসক সকলৰ সংস্থা আই এম এ অৰ্থাৎ ইণ্ডিয়ান মেডিকেল এছোচিয়েচন।

চিকিৎসা ক্ষেত্ৰত চিকিৎসক সকলৰ পৰ্যাপ্ত স্বাস্থ্য সম্পৰ্কীয় নিৰাপত্তা বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ সেয়ে পত্ৰ লিখিলে আই এম এই।

মোডীলৈ লিখা পত্ৰখনত আই এম এই এই বুলি কৈছে যে কোভিডত আক্ৰান্ত বহু চিকিৎসকে উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হৈছে। তেওঁলোকৰ বহুতেই আনকি কোভিড আক্ৰান্ত হোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি হোৱাৰো সুবিধা পোৱা নাই।

দেশত ১৯৬ গৰাকী চিকিৎসকে এনেদৰে মৃত্যুক আকোৱালি লোৱাটো দুৰ্ভাগ্যজনক বুলি সংস্থাটোৱে প্ৰকাশ কৰে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল কোভিডত মৃত্যু ঘটা ১৭০ গৰাকী চিকিৎসকৰেই বয়স ৫০বছৰৰ ওপৰত।

জুলাই মাহৰ মাজ ভাগলৈ মৃত্যু ঘটা চিকিৎসকৰ সংখ্যা আছিল ৯০ গৰাকী।

বাকী চিকিৎসক কেইগৰাকীৰ মৃত্যু ঘটিছে তাৰ পিছৰ সময়ছোৱাত।

এয়া অতি উদ্বেগজনক ঘটনা বুলি মন্তব্য কৰি আই এম এই চিকিৎসক সকলৰ স্বাস্থ্যৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰীক দাবী জনায়।