এখন ফটো প্ৰচাৰ কৰি হাঁহিয়াতৰ পাত্ৰ হ’ল যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰ, কিন্তু কিয়!

Yogi Adityanath UP govt

চীনক দেখি উঠিল গা, নয়দাই বোলে মোকো চা! যেন লোকৰ পিঠাৰে বিহু পাতিবলৈ উলাইছে যোগী আদিত্যনাথ চৰকাৰে! তেনে এটা ঘটনাই সম্প্ৰতি হাস্যৰসৰ সৃষ্টি কৰা দেখা গৈছে।

উত্তৰপ্ৰদেশৰ জেৱাৰত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নয়দা আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ আধাৰশিলা স্থাপন কৰে। ২০২৪ চনত বিমানকোঠটোৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হ’ব বুলি আশা কৰা গৈছে। ই দেশৰ ভিতৰতে বৃহত্তম বিমানকোঠ হিচাপে পৰিগণিত হ’ব।

১,৩০০ হেক্টৰতকৈও অধিক ভূমিত এই বিমানকোঠটো প্ৰতিষ্ঠা কৰা হৈছে। ইয়াৰ বাবে খৰচ কৰা হ’ব দহ হেজাৰ পঞ্চাশ কোটি টকা। প্ৰায় ১ লাখ লোকে বিমানকোঠটোত নিযুক্তি লাভ কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত কয় যে বিমানকোঠটো দেশৰ যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কেন্দ্ৰস্থল হিচাপে বিবেচিত হ’ব।

এইখিনিলৈকে ঠিকেই আছিল। কিন্তু বিমানকোঠটোৰ নিৰ্মাণৰ মডেল ডিজাইনৰ ছবি আৰু ভিডিঅ’টোৱেহে কেনা লগালে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা চকু চাট মাৰি যোৱা প্ৰায় দুই মিনিটৰ এটা ভিডিঅ’ত অত্যাধুনিক প্ৰযুক্তি আৰু মনোৰম পৰিৱেশেৰে ভৰা এটা বিমানকোঠ দেখা গৈছে।

ছবি আৰু ভিডিঅ’টো উত্তৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা প্ৰচাৰ কৰা হৈছে। লগে লগে বিজেপিৰ শীৰ্ষ নেতাসকলে সামাজিক মাধ্যমত পৰম উচ্ছাহেৰে শ্বেয়াৰ কৰে।

কিন্তু দেশৰ আগশাৰীৰ সংবাদ মাধ্যমসমূহে ফেক্ট চেকিং তথা ছবিখনৰ সত্যাসত্য বিচাৰ কৰাৰ পাছতহে জোলোঙাৰ মেকুৰি উলাই পৰিল। ইণ্ডিয়া টুডে আৰু দ্যা কুইণ্টে পৰীক্ষা কৰি জনাইছে যে উক্ত ভিডিঅ’ তথা ছৱিখনত থকা বিমানকোঠটোৰ ডিজাইন নয়দাৰ নহয়, বৰঞ্চ চীনৰহে! সেইটো চীনৰ বেইজিং ডাক্সিং আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰহে মডেল ডিজাইন আছিল!

চীনৰ এই বিমানকোঠটো ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত মুকলি কৰা হৈছিল। বিশ্বৰ আগশাৰীৰ সংবাদপত্ৰ ‘দ্যা গাৰ্ডিয়ান’ত বিমানকোঠটোৰ ছৱি ২০১৯ চনত প্ৰকাশ পাইছিল। ইণ্টাৰনেটটো চাৰ্ছ কৰিলেই চীনৰ উক্ত বিমানকোঠটোৰ ছৱি সকলোৱে দেখা পাব পাৰে। বিমানকোঠটোৰ ডিজাইনিং কৰিছিল ইৰাকী স্থাপত্যবিদ জাহা হাদিদে।

এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও এনেধৰণৰ হাস্যকৰ কাণ্ডত সোমাই পৰিছিল যোগী চৰকাৰ। উত্তৰপ্ৰদেশৰ উন্নয়নৰ ছবি তুলি ধৰিবলৈ কিছুদিন পূৰ্বে এখন কাকতত এটা বিজ্ঞাপন প্ৰকাশ পাইছিল। তাত যোগী আদিত্যনাথৰ স’তে এখনি হাইৱে’ৰ ছবি সন্নিৱিষ্ট কৰা হৈছিল।

পাছত জনা গৈছিল যে বিজ্ঞাপনটোত থকা হাইৱে’খন উত্তৰপ্ৰদেশৰ নহয়, বৰঞ্চ পশ্চিম বংগৰ বিজেপি বিৰোধী মমতা বেনাৰ্জী চৰকাৰে নিৰ্মাণ কৰা এখন হাইৱে’হে! কলকাতাৰ উক্ত হাইৱে’খনক মা হাইৱে’ নামেৰেও জনা যায়।

উত্তৰপ্ৰদেশ চৰকাৰৰ এনেধৰণৰ আজৱ কাণ্ডক লৈ তীব্ৰ হাস্যৰসৰ সৃষ্টি হৈছে। যোগী চৰকাৰৰ প্ৰগতিৰ ছবি তুলি ধৰিবলৈ ভাৰতৰ চিৰবৈৰী চীনৰ প্ৰগতিৰ ছবি এনেধৰণে ব্যৱহাৰ কৰাটোৱে ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অনুমান কৰা হৈছে, হিন্দু মুছলিমৰ ৰাজনীতি আৰু ধৰ্মীয় গোড়ামীত ব্যস্ত থাকি যোগী চৰকাৰে সাধাৰণ কাণ্ডজ্ঞানো হেৰুৱাই পেলাইছে নেকি?