NORTHEAST NOW (Assamese)

অসমত প্ৰবল বৰষুণক লৈ সতৰ্কীকৰণ জাৰি

May 26, 2020 8:04 pm · এন ই নাও নিউজ
Updated: May 26, 2020 8:35 pm
প্ৰতিনিধিত্বমূলক ফটো

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু চুবুৰীয়া মেঘালয়ত প্ৰবল বৰষুণৰ আগজাননীৰে মঙলবাৰে সতৰ্কীকৰণ জাৰি কৰিছে।

২৬ৰ পৰা ২৮ মে’ৰ ভিতৰত দুয়োখন ৰাজ্যতে প্ৰবল বৰষুণৰ আগজাননীৰে বিভাগে ৰঙা ক’ডৰ বতৰ সতৰ্কীকৰণ জাৰি কৰিছে।

“পৰৱৰ্তী তিনি দিনত অসম আৰু মেঘালয়ৰ বাবে ৰঙা ক’ডযুক্ত সাৱধানবাণী জাৰি কৰা হৈছে,” বিভাগৰ সঞ্চালকপ্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰৰ উদ্ধৃতিৰে বাতৰিত প্ৰকাশ।

বংগোপসাগৰৰ পৰা দক্ষিণ-পশ্চিমমুৱা শক্তিশালী বতাহে দুয়োখন ৰাজ্যলৈ বৃহৎ পৰিমাণৰ জলীয় বাষ্প কঢ়িয়াই আনিছে।

বিভাগটোৰ ৰাষ্ট্ৰীয় বতৰ আগজাননী কেন্দ্ৰৰ মুৰব্বী চাথি দেৱীৰ উদ্ধৃতিৰে এই বাতৰি প্ৰকাশিত হৈছে।

বিভাগটোৱে সদৰী কৰা মতে অঞ্চলটোৰ বেছিভাগ ঠাইতেই বৰষুণ হ’ব আৰু কিছুমান ঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

উত্তৰ-পূবৰ ৰাজ্যসমূহত জুন মাহতে সৰ্বাধিক বৰষুণে দেখা দিয়ে। জুনৰ পিছতে মে’ মাহত অঞ্চলটোত সৰ্বাধিক বৰষুণ হয়।

Related News