বিশ্বজুৰি হোৱা মুদ্ৰাস্ফীতিত উদ্বিগ্ন আইএমএফ ৰ মুৰব্বীৰ

বিশ্বজুৰি হোৱা মুদ্ৰাস্ফীতিত উদ্বিগ্ন হৈ পৰিছে আইএমএফ ৰ মুৰব্বী। মুদ্ৰাস্ফীতিৰ ফলত সমাজৰ দুখীয়া লোকসকল অধিক ক্ষতিগ্ৰস্ত হৈছে বুলি তেওঁ মন্তব্য কৰিছে।

আইএমএফৰ পৰিচালনা সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভাই আজি ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি এনেদৰে উদ্বেগ ব্যক্ত কৰে। অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ভাৰতে  আগুৱাই গৈ থকা বুলি বিভিন্ন সংস্থাই প্ৰতিবেদন প্ৰকাশ কৰি থকাৰ সময়তে ক্ৰিষ্টালিনা জৰ্জিভাৰ এই সাক্ষাৎ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।ভাৰতৰ বিত্ত মন্ত্ৰীক সাক্ষাৎ কৰি ক্ৰিষ্টালিনা জৰ্জিভাই কয় যে বিশ্বব্যাপী অনিশ্চয়তা স্বত্বেও ভাৰতে বিশ্ব অৰ্থনীতিত এক বিশেষ স্থানউলিয়াই ল’বলৈ সক্ষম হৈছে।

তেওঁ নতুন দিল্লীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে হোৱা বৈঠকত এই মন্তব্য কৰে। বৈঠকত আগন্তুক জি-২০ সন্মিলনৰ বিষয়েও আলোচনা কৰা হয় । তেওঁ কয় যে আইএমএফে ভাৰতৰ প্ৰাৰ্থিত্বৰ প্ৰতি সমৰ্থন দি যাব।দুয়োগৰাকী নেতাই বিশ্ব অৰ্থনীতিৰ বাবে ক্ষতিকাৰক দিশ সমূহ খৰচি মাৰি আলোচনা কৰে আৰু সেই বোৰৰ নিৰাময়ৰ বাবে উপায় উদ্ভাৱনৰ কথা উল্লেখ কৰে। সীতাৰমণ আৰু আইএমএফৰ মুৰব্বী জৰ্জিভাই বৈঠকৰ সময়তে এই কথাটো স্বীকাৰ কৰে যে খাদ্য আৰু ইন্ধনৰ মূল্য বৃদ্ধিৰ লগতে আন্তৰ্জাতিক ঋণৰ ফলত বিশ্বব্যাপী মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে।

এনেবোৰ কাৰকে নিম্ন আয়ৰ দেশবোৰত বেয়াকৈ প্ৰভাৱ পেলাইছে বুলিও তেওঁলোকে কয়। বৈঠকত নিৰ্মলা সীতাৰমণে উন্নত অৰ্থনীতিৰ দেশসমূহে প্ৰতিশ্ৰুতি অনুসৰি ভাৰতক পুঁজিৰ যোগান ধৰা নাই বুলিও কয়। বৈঠকত আইএমএফৰ মুৰব্বী জৰ্জিভা আৰু সীতাৰমণে বিশ্ব অৰ্থনীতিত অসাম্য আৰু ভাৰসাম্যহীনতা দূৰ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।