• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ-এআইইউডিএফৰ সৈতে AJP ক মিত্ৰতাত আৱদ্ধ কৰোৱাত কিমান সফল হ’ব সাংসদ অজিত কুমাৰ ভূঞা?

AJP লৈ কিয় চিঠি লিখিছিল অজিত কুমাৰ ভূঞাই?

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
October 4, 2020 3:44 pm
AJIT BHUYAN
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিবৰ্তনৰ সপোন দেখুৱাই ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত লোৱা বিজেপিৰ ৰাজনৈতিক অংগীকাৰ সমূহ এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। ২৬ লাখ নিৱনুৱাৰ নিযুক্তি, বান সমস্যাৰ সমাধানকে ধৰি সকলো ক্ষেত্ৰতে বিজেপিয়ে কথা দিয়া মতে কাম কৰিব পৰা নাই।

ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি বিজেপিৰ হস্তক্ষেপতে অসমৰ ভাষা,সাহিত্য,ৰাজনীতি,সমাজ ব্যৱস্থালৈ কাল অমানিশা নমাই আনিব পৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক খন জাপি দিয়া হৈছে। ফলত বিগত বিধান সভা নিৰ্বাচনত বি জে পিক ভোট  দি শাসনত বহুওৱা গৰিষ্ঠসংখ্যক ৰাইজ আজি অসন্তুষ্ট।

Apply Now

বিজেপিৰ ভ্ৰষ্টাচাৰী আচৰণৰ বিৰুদ্ধে এতিয়া সেয়ে ৰাজ্যত আঞ্চলিকতাবাদী শক্তি সমূহে সংগঠিত ৰূপত ঠন ধৰি উঠিছে। আছু,যুৱ ছাত্ৰ পৰিষদকে ধৰি আন বহু কেইটা সংগঠনৰ বেনাৰত গঠন হৈছে অসম জাতীয় পৰিষদ।কৃষক মুক্তিৰ লগতে ৭০ টা সংগঠনৰ বেনাৰত গঠন হৈছে ৰাইজৰ দল।

বিজেপিক শাসনৰ পৰা ওফৰোৱাৰ লক্ষ্যৰে আৰু হয়তো কেইবাটাও নতুন ৰাজনৈতিক দলৰ জন্ম হ’ব। কিন্তু আজিৰ তাৰিখত বিজেপিক চিন্তাত পেলোৱা দল দুটাই হৈছে AJP আৰু ৰাইজৰ দল। অসমৰ মানুহৰ আশীৰ্বাদেৰে পুষ্ট আছুৰ বেনাৰত গঠিত AJP ক এতিয়া জাতীয়তাবাদী শিবিৰে পৰম আস্থাৰে স্বীকাৰ কৰি লোৱা দেখা গৈছে।

ৰাইজৰ দলৰ ক্ষেত্ৰতো গণ সমৰ্থনৰ অভাৱ হোৱা নাই। ভোটৰ কথা, জিকা-হৰাৰ কথা যিয়েই নহওক কিয় এই দুটা দলকলৈ বিজেপিয়ে ঠাই বিশেষে নিৰ্বাচনী ৰণকৌশলৰ বিস্তৰ সালসলনি ঘটাব লাগিব সেয়া নিশ্চিত কথা।

জাতীয়তাবাদৰ ৰস-গোন্ধৰে পুষ্ট AJPৰ ওপৰত এতিয়া চকু পৰিছে কংগ্ৰেছৰো। ইতিমধ্যে অহা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ-এআইইউডিএফে মিত্ৰতা কৰিছেই। কিন্তু এই মিত্ৰতাকলৈয়েই কংগ্ৰেছে বিজেপিক প্ৰতিহত কৰিব পাৰিব বুলি সপোনতো ভবা নাই। সেইবাবেই যিকোনো প্ৰকাৰে জাতীয়তাবাদী শিবিৰৰ শক্তিশালী দল AJPৰ লগতে আন বিজেপি বিৰোধী শক্তিৰ মহাসন্মিলনেৰে মহাজোঁট গঠনৰ পোষকতা কৰি আহিছে কংগ্ৰেছ-ইউডিএফ মিত্ৰ জোঁটে।

মহাজোঁটলৈ AJP ক অনাৰ বাবে প্ৰাণপনে চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছ-এআইইউডিএফৰ সমৰ্থিত সাংসদ অজিত কুমাৰ ভূঞাই।

নৰ্থ ইষ্ট নাওৰ আগত সাংসদ ভূঞাই এই কথা অকপটে স্বীকাৰো কৰিছে। ভূঞাৰ স্পষ্ট মত ‘আজিৰ তাৰিখত বিকল্প কৰিব লাগিলে সকলো বিজেপি বিৰোধী দল এক হ’ব লাগিব। কংগ্ৰেছ-এআইইউডিএফ আৰু আঞ্চলিক শক্তি একলগ হবই লাগিব’।

নব গঠিত আঞ্চলিক শক্তিকলৈ সাংসদ ভূঞাৰ মন্তব্য—‘তেওঁলোকৰ ইমান শক্তি নাই যে তেওঁলোকে অকলে যুঁজি বিজেপি-কংগ্ৰেছ-এআইইউডিএফক বাধা দিব পাৰিব।সেইবাবেই আমি মহাজোঁটৰ পোষকতা কৰিছো’।

কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁটত AJP ক চামিল কৰাৰ বাবে সাংসদ অজিত ভূঞাই AJP নেতৃত্বলৈ চিঠি লিখাৰ কথা উল্লেখ কৰি কয় যে এই বিষয়ত  দলটোৱে কোনো সঁহাৰি দিয়া নাই। AJP-এ হয়তো অকলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি ভাবি আছে বুলিও ভূঞাই তীৰ্যক মন্তব্য কৰে।

ইপিনে মহাজোঁট গঠনৰ নামত অসমৰ জাতীয় চিন্তা-চেতনাক দশকৰ পিছত দশক ধৰি পদাঘাত কৰি অহা, ৮ শতাধিক শ্বহীদৰ তেজেৰে অসম ৰাঙলী কৰা কংগ্ৰেছৰ সৈতে AJP বা ৰাইজৰ দলৰ দৰে দল সমূহে হাত মিলোৱাতো অসমৰ জাতীয় মনোভাৱাপন্ন জনতাই বিচাৰিব নে নাই সেয়াহে আজিৰ তাৰিখৰ প্ৰাসংগিক প্ৰশ্ন হৈ পৰিছে।

যি কথা  জাতীয়তাবাদৰ কথা কৈ অহা অজিত  কুমাৰ ভূঞাৰ দৰে নেতা সকলৰ মনতো হয়তো বাহিৰত প্ৰকাশ নকৰিলেও প্ৰায়ে খেলা কৰি থাকে।

দুলাল মিশ্ৰ

দুলাল মিশ্ৰ

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd