ইৰাণত নাৰী-নিপীড়নৰ বিৰুদ্ধে যুঁজৰ স্বীকৃতি; কাৰাবন্দী নাৰ্গেছ মহম্মদীলৈ শান্তিৰ নোবেল বঁটা

নাৰ্গেছ মহম্মদী।

আৰক্ষীৰ বৰ্বৰতাৰ বাবে ২০২২ চনত মাহছা আমিনিৰ মৃত্যু হয়। যিটো ধৰ্মৰ নামত মানৱ অধিকাৰ উলংঘাৰ বিৰুদ্ধে ইৰাণত আন্দোলন বিয়পি পৰিছিল। তেহৰানে দমনৰ জৰিয়তে এই আন্দোলনৰ কণ্ঠৰোধ কৰিছিল।

যোৱা সপ্তাহত আৰ্মিতা গেৰাৱাণ্ড নামৰ ১৬ বছৰীয়া কিশোৰীৰ ওপৰত পুনৰ নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন উঠিছে নীতি আৰক্ষীৰ বিৰুদ্ধে। বৰ্তমান ছোৱালীজনী ক’মাত আছে। এই ঘটনাই পুনৰবাৰ নীতি আৰক্ষীৰ বিৰুদ্ধে গণ ক্ষোভৰ সৃষ্টি কৰিছে।

ইপিনে, নৰৱেৰ নোবেল কমিটীয়ে ২০২৩ চনৰ শান্তি নোবেল বঁটা বিজয়ী হিচাপে নাৰ্গেছ মহম্মদীৰ নাম ঘোষণা কৰিছে। কোন এই নাৰ্গেছ মহম্মদী?

লগতে পঢ়কঃ ইউক্ৰেইনৰ কেফেত ৰাছিয়াৰ ‘ৰকেট’ আক্ৰমণত কমেও ৫১ জন নিহত, আহত বহু লোক

এইগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে ইৰাণৰ নাৰী নিপীড়নৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দিছে। স্বাভাৱিকতে ইৰাণৰ ধৰ্মীয় শাসকৰ চকুত তেওঁক কাৰাগাৰত বন্দী কৰা হৈছে। নাৰী অধিকাৰৰ বাবে মাত মতা এই মহিলাগৰাকীকে নোবেল কমিটীয়ে সন্মান জনাইছে।

এইবাৰ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীতসকলৰ নাম গোপনে ৰখা হৈছিল যদিও কোৱা হৈছিল যে ৩৫০ জনতকৈ অধিক লোক এই দৌৰত অংশগ্ৰহণ কৰিছিল।

যোৱাবাৰ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পৃষ্ঠভূমিত শান্তিৰ বাৰ্তা কঢ়িওৱা ৰাছিয়াৰ মানৱাধিকাৰ মেমোৰিয়েল সংস্থা, ইউক্ৰেইনৰ চেন্টাৰ ফৰ চিভিল লিবাৰ্টিজ আৰু বেলাৰুচৰ মানৱাধিকাৰ অধিবক্তা এলেছ বিয়ালিয়াতস্কিক সন্মিলিতভাৱে প্ৰদান কৰা হৈছিল।

লগতে পঢ়কঃআজি অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস

উল্লেখ্য যে ১৯০১ চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা ১১০ জন ব্যক্তি আৰু ৩০ টা সংগঠনক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে বিজয়ীসকলৰ ভিতৰত মালালা ইউছুফজাই আৰু ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদো আছে। কিছুমান সংস্থাক একাধিকবাৰ এই বঁটা প্ৰদান কৰা হৈছে, ৰেড ক্ৰছৰ আন্তঃৰাষ্ট্ৰীয় সমিতিয়ে তিনিবাৰকৈ এই বঁটা লাভ কৰাৰ বিপৰীতে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয়ে দুবাৰকৈ এই বঁটা লাভ কৰিছে।