পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে দেওবাৰে এটা অনলাইন সাক্ষাৎকাৰত প্ৰকাশ কৰে যে ভাৰত চৰকাৰে যেতিয়ালৈকে কাশ্মীৰলৈ ৩৭০ ধাৰা ঘূৰাই নানে, তেতিয়ালৈকে দুই চুবুৰীয়া দেশৰ মাজৰ সম্পৰ্ক স্বাভাৱিক নহয়।
পাকিস্তানৰ এটা নিউজ চেনেল পিটিভি নিউজে (PTV News) এই বাতৰি প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে ২০১৯ চনৰ ৫ আগষ্টত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ভাৰত চৰকাৰে কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰিছিল।
যাৰ ফলস্বৰূপে জম্মু আৰু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ ক্ষমতা কৰ্তন কৰা হৈছিল।
“Unless and until India does not retract its actions leading up to the revocation of Article 370/35-A; the unilateral actions it took on August 5th, 2019, we cannot normalise relations with India.”
– Prime Minister @ImranKhanPTI #ApkaWazirEAzamAapKeSaath pic.twitter.com/au7pgfE4tI
— PTV News (@PTVNewsOfficial) April 4, 2021
ইয়াৰ পাছতে ৰাজ্যখনৰ শীৰ্ষ ৰাজনীতিবিদ মেহবুবা মুফটি আৰু ওমৰ আবদুল্লাহক গৃহবন্দী কৰি ৰখা হৈছিল।
আনহাতে, চলিত বৰ্ষৰ মাৰ্চত পাকিস্তানৰ সেনাপ্ৰধান কামাৰ জাভেদ বাজৱাই কৈছিল যে এই সময় হৈছে দুয়োখন দেশে অতীতক পাহৰি নতুনৰ দিশে ধাৱমান হোৱাৰ সময়।
কিন্তু ভাৰতে কাশ্মীৰকে ধৰি বিভিন্ন বিষয়ত গঠনসমূলক পৰিৱেশ গঢ় দিলেহে সুস্থ সম্পৰ্ক গঢ় লৈ উঠিব বুলি সেনাপ্ৰধানজনে কৈছিল।
পাকিস্তানৰ প্ৰত্যুত্তৰত ভাৰতে কৈছিল যে দেশখনে চুবুৰীয়া ৰাষ্ট্ৰৰ স’তে স্বাভাৱিক সম্পৰ্ক গঢ়ি তুলিবলৈ আগ্ৰহী।
এইক্ষেত্ৰত পাকিস্তানৰ কৰণীয় আছে বুলিও ভাৰতে কৈছিল।