DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাডাখ সংকট: আজি ভাৰতৰে হ’বলগীয়া আলোচনাত প্ৰথমবাৰৰ বাবে উপস্থিত থাকিব চীনৰ মন্ত্ৰ্যালয়ৰ বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2020 8:58 am
a lada
318
VIEWS
Share on FacebookShare on Twitter

ইখনৰ পিছত সিখন আলোচনা অনুষ্ঠিত কৰাৰ পিছতো চীন-ভাৰত সংঘাতকলৈ লাডাখত এতিয়াও বৰফ গলা  নাই ।

আজি পুনৰ দুয়ো খন দেশৰ মাজত একেটা বিষয়ৰে আশু সমাধান সূত্ৰ বিচাৰি অনুষ্ঠিত হ’ব সপ্তমলানি আলোচনা।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আজিৰ আলোচনাত প্ৰথমবাৰৰ বাবে উপস্থিত থাকিব চীনৰ মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ বিষয়া।

পূৰ্বৰ ছয় লানি আলোচনাত চীনৰ কেৱল  সামৰিক পৰ্যায়ৰ বিষয়াহে উপস্থিত আছিল।

১০ ছেপ্তেম্বৰত ভাৰতৰ বৈদেশিক দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িয়ে লাডাখ সংকট দূৰ কৰাৰ বাবে আলোচনা কৰিছিল যদিও সেই আলোচনাই কোনো ফল ধৰা নাছিল।

একেদৰে ২১ ছেপ্তেম্বৰত চীন-ভাৰতৰ মাজত অনুষ্ঠিত ষষ্ঠ লানি আলোচনাত ভাৰতৰ পূব এছিয়াৰ দায়িত্বত থকা যুটীয়া সচিব নবীন শ্ৰীবাস্তৱে অংশগ্ৰহণ কৰিছিল।

আজি অনুষ্ঠিত হ’বলগীয়া আলোচনাত চীনৰ মন্ত্ৰ্যালয়ৰ বিষয়া উপস্থিত থাকিবলগীয়ালৈ চাই আলোচনাই নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য ইতিমধ্যে লাডাখত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিবেশ স্বাভাৱিক কৰাৰ বাবে চীনৰ সৈতে ভাৰতৰ ছয় লানি আলোচনা অনুষ্ঠিত হৈ গৈছে যদিও সেই আলোচনাত গৃহীত কোনো প্ৰস্তাৱেই চীনে কাৰ্যকৰী কৰা নাই।

ইয়াৰ মাজতে ১২ অক্টোৱৰ অৰ্থাৎ  আজিৰ দিনটো ভাৰতৰ বাবেও গুৰুত্বপূৰ্ণ দিন হৈ পৰিছে।

কিয়নো সেই দিনটোত ভাৰতে এগৰাকী নতুন সেনা বিষয়াৰ নেতৃত্বত চীনৰ সৈতে সপ্তম লানি আলোচনাত মিলিত হ’ব।

বিগত ছয় লানি আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিঙে।

কিন্তু সপ্তম লানি আলোচনাত হৰিন্দৰ সিঙৰ ঠাইত দায়িত্ব গ্ৰহণ কৰিব লেফটেনেণ্ট জেনেৰেল পিজিকে মেননে।

নতুন সেনা বিষয়া গৰাকীয়ে আলোচনাক কি দিশেৰে লৈ যায় সেয়া লক্ষ্যণীয় হ’ব।

উল্লেখ্য ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ চীনে এতিয়ালৈকে দেশৰ  ৩৮ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল দখল কৰিছে।
লোকসভাৰ মজিয়াত এই তথ্য সদৰী কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

ৰাজনাথ সিঙে কৈছিল যে দেশৰ বিভিন্ন সীমান্তৱৰ্তী অঞ্চলত চীনে ৩৬ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল দখল কৰি ৰখাৰ লগতে চাইনো-পাকিস্তান অঞ্চলৰ ৯ হাজাৰ ১৫০ বৰ্গ কিলোমিটাৰ অঞ্চল পাকিস্তানে চীনৰ হাতত তুলি দিছে।

এই অঞ্চলটো ভাৰতৰে যদিও দ্বিপাক্ষিক বিবাদৰ বাবে উক্ত অঞ্চলটোত পাকিস্তানে বলপূৰ্বক  নিজৰ নিয়ন্ত্ৰণ বজাই ৰাখিছে।

Recent News

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd