NORTHEAST NOW (Assamese)

ভাৰতে প্রথমবাৰৰ বাবে বিদেশী ৰাষ্ট্ৰক বিক্ৰী কৰিব ব্ৰাহ্মছ মিছাইল

January 15, 2022 8:30 pm · এন ই নাও নিউজ,গুৱাহাটী

ভাৰতে প্রথমবাৰৰ বাবে ফিলিপাইনছক বিক্ৰী কৰিব ব্ৰাহ্মছ এৰোস্পেচৰ মিছাইল। ভাৰতে ইমান দিনে বিশ্বৰ কোনো দেশকে এই মিছাইল বিধ বিক্ৰী কৰা নাছিল যদিও এতিয়া ফিলিপাইনছৰ সৈতে হোৱা চুক্তি মৰ্মে মিছাইলবিধ দেশ খনক বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে।

এই বিষয়ত ভাৰত আৰু ফিলিপাইনছৰ মাজত ৩৭৪ নিযুত ডলাৰৰ এখন চুক্তিও স্বাক্ষৰ হৈছে। ফিলিপাইনছৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা সচিব ডেলফিন লৰেঞ্জনাই এক ফেচবুক পোষ্টত কয় যে ভাৰতৰ সৈতে এনে সামৰিক সহযোগিতাই দুয়ো খন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰিব।

ভাৰত-ৰাছিয়াৰ যুটীয়া উদ্যোগত ব্ৰাহ্মছ এৰোস্পেচ চাবমেৰিনৰ পৰা উৎক্ষেপণ কৰিব পৰা চুপাৰচনিক ক্ৰুজ মিছাইল প্ৰস্তুত কৰা হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কিছুদিন পূৰ্বে এইবুলি মন্তব্য কৰিছিল যে ভাৰতে ইয়াৰ বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ সৈতে দ্বিপাক্ষিক বিনিময়ৰ জৰিয়তে সামৰিক প্ৰযুক্তিৰ ৰপ্তানি কৰিব।

উল্লেখ্য ভিয়েটনাম আৰু ইণ্ডোনেছিয়াকে ধৰি দক্ষিণ-পূব এছিয়াৰ আন বহু দেশও ভাৰতৰ পৰা ব্ৰাহ্মছ মিছাইল ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

Related News