NORTHEAST NOW (Assamese)

ক’ভিড আক্ৰান্ত স্বামীক চিকিৎসালয়ত দেখুৱাবলৈ নি যৌন নিৰ্যাতনৰ সম্মুখিন এগৰাকী মহিলা, ক’ত?

May 11, 2021 2:34 pm · এন ই নাও নিউজ
Updated: May 11, 2021 2:35 pm
(মহিলাগৰাকীৰ ভিডিঅ'টোৰ এটা স্ক্ৰীণশ্বট)

কোভিডত আক্ৰান্ত স্বামীক চিকিৎসালয়ত ভৰ্তি কৰাবলৈ গৈ এজন স্বাস্থ্যকৰ্মীৰ পৰা যৌন অত্যাচাৰৰ সম্মুখিন হ’ল এগৰাকী মহিলা।

বিহাৰৰ ভগলপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

১২ মিনিটৰ এটা ভিডিঅ’ত মহিলাগৰাকীয়ে যৌন নিৰ্যাতনৰ উপৰিও চিকিৎসকসকলৰ গাফিলতিৰ বাবেই তে্ওঁৰ স্বামীৰো মৃত্যু হোৱা বুলি অভিযোগ কৰিছে।

তেওঁ কয় যে তিনিখনকৈ চিকিৎসালয়ত তেওঁৰ স্বামীক দেখুৱাবলৈ লৈ গৈছিল যদিও চিকিৎসকসকলে তেওঁক বিমুখ কৰে।

তদুপৰি ভগলপুৰৰ চিকিৎসালয়ৰ কৰ্মীসকলে ৰামডেচিৱিৰৰ অৰ্ধেকসংখ্যক বেজী নষ্ট কৰি পেলোৱাৰো অভিযোগ কৰে তেওঁ।

তেওঁ কয় যে স্বামীৰ স’তে তেওঁ নয়দাত বাস কৰে আৰু হোলিৰ বাবে বিহাৰলৈ আহিছিল।

কিন্তু ৯ এপ্ৰিল তাৰিখে তেওঁৰ স্বামী অসুস্থ হৈ পৰাৰ  ফলত দুবাৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছিল আৰু দুইবাৰেই ক’ভিড নিগেটিভ আহে, সেয়ে তেওঁলোকে আৰটি-পিচিআৰ টেষ্টৰ ৰিপ’ৰ্টৰ বাবে অপেক্ষা কৰিছিল।

যেতিয়া নডডাৰ এজন চিকিৎসকে তেওঁলোকৰ বুকুৰ চিটি স্কেন কৰে, ৰিপ’ৰ্টত দেখা যায় হৃদযন্ত্ৰত ৬০ শতাংশ সংক্ৰমণ হৈছে।

মহিলাগৰাকীয়ে কয় যে তাৰ পাছতে তেওঁৰ স্বামী আৰু শাহুক ভগলপুৰৰ গ্লোকাল হস্পিতালত ভৰ্তি কৰোৱা হয়।

কিন্তু চিকিৎসালয়ত চিকিৎসকসকলে ৰোগী চাবলৈ আহি অলপ সময় থাকিয়ে গুছি যায় আৰু কৰ্মীসকল অনুপস্থিত থাকে বুলি মহিলাগৰাকীয়ে কয়।

চিকিৎসকৰ অৱহেলাৰ ফলত মহিলাগৰাকীৰ স্বামীয়ে বাকশক্তি হেৰুৱাই পেলাব ধৰে।

মহিলগৰাকীয়ে কয় যে চিকিৎসালয়খনত কৰ্মৰত জ্যোতি কুমাৰ নামৰ এজন স্বাস্থ্যকৰ্মীক তেওঁ স্বামীৰ অৱস্থাৰ বিষয়ে অৱগত কৰে আৰু কৰ্মীজনে সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে।

কিন্তু যেতিয়া মহিলাগৰাকীয়ে স্বামীৰ স’তে ভাৱ বিনিময় কৰে, জ্যোতি কুমাৰে তেওঁক পাছফালৰ পৰা পিন্ধি থকা সাজযোৰত হাত দিয়ে।

মহিলাগৰাকীয়ে ভয় খাই পাছলৈ ঘূৰি দেখে যে জ্যোতি কুমাৰে তেওঁৰ কঁকালত হাত দিছে আৰু ঊৰ্ণাখন টানিব ধৰিছে।

সেই সময়ত তেওঁ পৰিস্থিতি অধিক ভয়াৱহ হ’ব বুলি কোনোধৰণৰ চিঞৰ-বাখৰ নকৰিলে।

জানিব পৰামতে, মহিলাগৰাকীৰ এই ভিডিঅ’টোৰ পাছতে স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা জ্যোতি কুমাৰক চিকিৎসালয়খনৰ পৰা বৰ্খাস্ত কৰা হৈছে।

Related News