বিহাৰত ভয়াৱহ গৰমত দুঘণ্টাতে ১৬ জন লোকৰ মৃত্যু! হাস্পাতালত কৰুণ পৰিস্থিতি

প্ৰতিনিধিত্বমূলক ফটো।

তীব্ৰ গৰমৰ বাবে বিহাৰত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। গ্ৰীষ্মপ্ৰবাহ চলি থকাৰ মাজতে ঔৰংগাবাদত দুঘণ্টাতে ১৬ জন লোকে প্ৰাণ হেৰুৱাইছে! বুধবাৰে তাত সৰ্বোচ্চ তাপমাত্ৰা ৪৮.২ ডিগ্ৰী চেলছিয়াছ আছিল। বৃহস্পতিবাৰে তাপমাত্ৰা ৪৪ ডিগ্ৰীলৈসামান্য হ্ৰাস পায়। এই চহৰখন বৰ্তমান বিহাৰৰ আটাইতকৈ উষ্ণ অঞ্চল। ৰাজ্যৰ বাকী অংশতো একেধৰণৰ পৰিস্থিতি হৈছে।

সংবাদ মাধ্যমৰ আগত বৃহস্পতিবাৰে এজন চিকিৎসকে ঔৰংগাবাদৰ এখন চিকিৎসালয়ত ৩৫ জন ৰোগীক ভৰ্তি কৰা বুলি জানিবলৈ দিয়ে। গৰমৰ ফলত আটাইকেইজন অসুস্থ হৈ পৰে। ইয়াৰে ১৬ জন লোকৰ মৃত্যু হয়। সমগ্ৰ চিকিৎসালয় চৌহদটো ক্ষন্তেকতে শ্মশান সদৃশ হৈ পৰে। মৃতকৰ পৰিয়ালৰ কান্দোনত মৰ্মান্তিক পৰিৱেশৰ সৃষ্টি হয়।

অৱশ্যে চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ ঔষধ, বৰফৰ পেক আৰু কুলাৰ ৰখা হৈছে বুলি চিকিৎসকে জানিবলৈ দিয়ে। চিকিৎসকসকলো সাজু হৈছে। এনে পৰিস্থিতিৰ সৈতে পুনৰ মোকাবিলা কৰিবলৈ সাজু হৈছে চিকিৎসালয় কৰ্তৃপক্ষ।

বিগত কিছুদিন ধৰি বিহাৰত তাপমাত্ৰাই এক অভিলেখ স্পৰ্শ কৰিছে। প্ৰশাসনে ৮ জুনলৈকে সকলো চৰকাৰী, বেচৰকাৰী বিদ্যালয়, কোচিং ইনষ্টিটিউট আৰু অংগনবাড়ী কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কিন্তু তাৰ আগেয়ে বিভিন্ন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অজ্ঞান হৈ পৰাক লৈ বিতৰ্কৰ সৃষ্টি হয়। শ্বেখপুৰা জিলাৰ এখন চৰকাৰী বিদ্যালয়ত কমেও ১৬ গৰাকী ছাত্ৰী অচেতন হৈ পৰাৰ খবৰ পোৱা গৈছে। কিন্তু এম্বুলেঞ্চ আহি নোপোৱাৰ বাবে দুচকীয়া আৰু ই-ৰিক্সাত তেওঁলোকক চিকিৎসালয়ত নি ভৰ্তি কৰোৱা হয়।

একেদৰে বেগুছৰাই আৰু জামুইতো ছাত্ৰ-ছাত্ৰী অসুস্থ হোৱাৰ খবৰ আহিছিল। তথাপি বিহাৰ চৰকাৰে বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লোৱা নাছিল। তাৰ পিছতে ৰাজ্যৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱে নীতিশ চৰকাৰক তীব্ৰ সমালোচনা কৰে।

তেজস্বীয়ে কয় “বিহাৰত গণতন্ত্ৰ নাই। চৰকাৰ নাই। কিয় ইমান দুৰ্বল মুখ্যমন্ত্ৰী? তাপমাত্ৰা ৪৭ ডিগ্ৰী চেলছিয়াছ পালে, চিকিৎসকে শিশুসকলক নিৰাপদ স্থানত থাকিবলৈ কয়, ইয়াৰ পিছতো স্কুল খোলা আছে!”

অৱশ্যে সমালোচনা তীব্ৰতৰ হোৱাৰ লগে লগে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লয়। কিন্তু তাৰ অলপ পিছতে কম সময়ৰ ভিতৰতে ১৬ জন লোকৰ মৃত্যুৰ ফলত ৰাজ্যত আতংক বিয়পি পৰে।