টীয়কৰ চেলেংহাটত লোমহৰ্ষক হত্যাকাণ্ড; স্বামীয়ে হত্যা কৰাৰ সন্দেহ পত্নীক
ফটো: নৰ্থইষ্ট নাও।
টীয়কৰ চেলেংহাটত যোৱা নিশা এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
এই ঘটনাত স্বামী গিৰীশ গগৈয়ে পত্নীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত নতুন লোণপূৰীয়া গাঁৱৰ মীৰা গগৈ নামৰ এগৰাকী প্ৰায় ৪৫ বছৰীয়া মহিলাক নিজা ঘৰত স্বামী গিৰীশ গগৈয়ে হত্যা কৰা সন্দেহ।
স্থানীয় ৰাইজে দিনৰ ভাগত স্বামী গিৰীশ গগৈয়ে পত্নী মীৰা গগৈক মাৰপিট কৰা প্ৰত্যক্ষ কৰিছিল ।
টীয়ক আৰক্ষীয়ে গিৰীশ গগৈক সন্দেহৰ আধাৰত আটক কৰিছে।
আৰক্ষীয়ে স্বামী গিৰীশ গগৈক সোধপোছ কৰাৰ লগতে গোটেই ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।