বুধবাৰে সন্ধিয়া কলিয়াবৰৰ নলতলিত এক পথ দুৰ্ঘটনাত নিহত হয় এগৰাকী মহিলা। নিহত মহিলাগৰাকী বেবী পাল বুলি জানিব পৰা গৈছে। লগতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে নিহত মহিলাগৰাকীৰ ভগ্নী সবিতা পাল।
জানিব পৰা অনুসৰি কলিয়াবৰৰ আমবাগানৰ পৰা স্কুটিৰে কামাখ্যা গাঁৱৰ নিজ বাসগৃহলৈ আহি থকা অৱস্থাত স্কুটিৰ সন্মুখত হঠাৎ এটা গৰু আহি যোৱাত গৰুটোক খুন্দিয়াই। যাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
আনহাতে দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে কলিয়াবৰৰ চুলুং আৰক্ষীৰ এটা দল ঘটনাস্থলত উপস্থিত হৈ আহত ভগ্নীদ্বয়ক স্থানীয় ৰাইজৰ সহযোগত জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
অৱশ্যে জখলাবন্ধা চিকিৎসালয়ৰ চিকিৎসকে বেবী পালক মৃত ঘোষণা কৰে যদিও আঘাতপ্ৰাপ্ত ভগ্নী সবিতা পালক বৰ্তমান জখলাবন্ধা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি আৰক্ষীয়ে আমাক জানিবলৈ দিয়ে।
আনহাতে মৃত বেবী পালৰ মৰণোত্তৰ পৰীক্ষাৰ লগতে যাৱতীয় অন্যান্য কাম সমূহৰ ব্যৱস্থা তৎপৰতাৰে গ্ৰহণ কৰিছে চুলুং আৰক্ষীয়ে।