অমিত শ্বাহৰ বিৰুদ্ধে গান্ধীনগৰত প্ৰতিদ্বন্দ্বিতা কৰা ৩জন প্ৰাৰ্থীক মনোনয়ন প্ৰত্যাহাৰৰ বাবে হেচাঁ

২১ এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টিয়ে চুৰাট লোকসভাত বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰাৰ সময়তে সেইদিনা সন্ধিয়া গান্ধীনগৰৰ পৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইয়াত দেখা গৈছিল হুমুনিয়াহ কাঢ়ি থকা ৩৯ বছৰীয়া জিতেন্দ্ৰ চৌহানে গুজৰাটৰ গান্ধীনগৰ সংসদীয় সমষ্টিৰ অমিত শ্বাহৰ একাংশ সমৰ্থকে চৌহানক প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰা বুলি অভিযোগ কৰিছিল।

পিছদিনা চৌহানে মনোনয়ন প্ৰত্যাহাৰ কৰে। চৌহানে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম স্ক্ৰ’লক কয় যে, ‘মোৰ ওপৰত হেঁচা থকাৰ বাবেই মই আঁতৰি আহিলোঁ। এই হেচাঁ আহমেদাবাদৰ বাপুনগৰৰ বিজেপি বিধায়ক দীনেশ সিং কুশৱাহৰ পৰা আহিছিল।”

উল্লেখ্য যে, গান্ধীনগৰ বিজেপিৰ দুৰ্গ। ১৯৮৯ চনৰ পৰা বিজেপি দলটোৱে লোকসভাৰ আসনত জয়লাভ কৰি আহিছে।২০১৯ চনত অমিত শ্বাহৰ বিজয়ৰ ব্যৱধান আছিল ৫.৫ লাখতকৈ অধিক ভোট।

চলিত নিৰ্বাচনতো ৫ লাখতকৈ অধিক ভোটৰ ব্যৱধানত গুজৰাটৰ ২৬খন আসন জিকাৰ লক্ষ্য বিজেপিয়ে লৈছে বুলি জানিব পৰা গৈছে। এইবাৰো ৰাজ্য গুজৰাটৰ ৰাজধানীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শ্বাহে। অহা ৭ মে’ত তৃতীয় পৰ্যায়ত ভোটদান সমষ্টিটোত অনুষ্ঠিত হ’ব।

চৌহানকে ধৰি গান্ধীনগৰৰ তিনিজন প্ৰাৰ্থীয়ে স্ক্ৰ’লক জনোৱা মতে, তেওঁলোকে প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি আহিবলৈ হেঁচা প্ৰদান কৰা হৈছিল। তিনিওজনে স্থানীয় বিজেপি ৰাজনীতিবিদ বা দলৰ সৈতে জড়িত লোকে ভয় দেখুৱাওৱাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰে দুজন প্ৰাৰ্থীয়ে দাবী কৰে যে গুজৰাট আৰক্ষীয়ে তেওঁলোকক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ হেচাঁ দিছিল।

ইপিনে বিজেপিৰ নেতাসকলে এই অভিযোগ অস্বীকাৰ কৰে। স্ক্ৰ’লে গুজৰাটৰ আৰক্ষী সঞ্চালক প্ৰধান বিকাশ সহায়লৈ প্ৰশ্ন প্ৰেৰণ কৰে৷এই পৰ্যন্ত গান্ধীনগৰৰ ১৬ গৰাকী প্ৰাৰ্থীয়ে লোকসভা নিৰ্বাচনৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিছে। ইয়াৰে বাৰজন নিৰ্দলীয় আৰু চাৰিজন সৰু সৰু ৰাজনৈতিক দলৰ।