• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেচৰকাৰী সংস্থাৰ হাতত মধ্যাহ্ন ভোজন যোগানৰ কাম; বহুতো বিদ্যালয়লৈ নাহিল খাদ্য, কিছুমানত আহিল কমকৈ, বেয়াকৈ

বহুতো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বাটলৈ চাই চাই ঘৰমুৱা হ'ল নোখোৱাকৈয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 1, 2019 10:10 pm
Madhyahna Bhojan_2

আজি বিভিন্নজনে ফেইচবুকত আপল'ড কৰা মধ্যাহ্ন ভোজনৰ কিছুমান ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যাপক অনিয়ম আৰু খেলিমেলিৰ অভিযোগত লুতুৰি-পুতুৰি হ’ল আজিৰ পৰা ৰাজ্যৰ বিদ্যালয়বোৰত মধ্যাহ্ন ভোজন যোগানৰ ঠিকা কামত হাত দিয়া বেচৰকাৰী সংস্থাবোৰে।

চৰকাৰৰ সহযোগত মধ্যাহ্ন ভোজনৰ কৰ্মীসকলক কামৰ পৰা আঁতৰাই এই ঠিকাদাৰী বেচৰকাৰী সংস্থাবোৰে সমগ্ৰ দেশৰ লগতে আজিৰ পৰা চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজন যোগান ধৰিছিল।

Apply Now

কিন্তু আজি প্ৰথম দিনটোতে খাদ্য যোগানকাৰী সংস্থাবোৰে বিভিন্ন অনিয়ম, অনুপযুক্ত খাদ্য আৰু খেলিমেলি কৰা বুলি চাৰিওফালে চৰ্চা হৈছে।

বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই বেচৰকাৰী সংস্থাবোৰৰ পক্ষ লৈ ইয়াক “অপপ্ৰচাৰ” আখ্যা দিছে।

“এইটো এটা সম্পূৰ্ণ অপপ্ৰচাৰ। আৰম্ভণিতে এইটো অপপ্ৰচাৰ কৰিবই”, শিক্ষা মন্ত্ৰীৰ মন্তব্য।

আনপিনে ছ’চিয়েল মিডিয়াত বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ নিজৰ বিদ্যালয়ৰ পৰিস্থিতি আৰু অভিজ্ঞতাক মন্তব্য, ফটো, ভিডিঅ’ আদিৰ জৰিয়তে দাঙি ধৰিছে, যিবোৰৰ বেছিভাগেই অভিযোগৰ সত্যতা প্ৰমাণ কৰিছে।

বেছি সংখ্যকৰে অভিযোগ, মধ্যাহ্ন ভোজনত কেৱল অলপ ভাত আৰু দাইলৰ পাতল পানী। আলু এটুকুৰা, পাচলি এটুকুৰা- এইবোৰ একো নাই।

ৰাজ্যৰ চিৰাং, দৰং, তিনিচুকীয়া, নগাওঁ, হোজাই, লংকা, গোলাঘাট, নুমলীগড়কে ধৰি বিভিন্ন প্ৰান্তৰ বিদ্যালয়বোৰৰ পৰা এনে অভিযোগ আহিছে।

চিৰাঙৰ গৰাইমাৰী এম ই মাদ্ৰাছাত পোকে ধৰা চাউলৰ খাদ্য দিয়া বাবে খাদ্যসমূহ নাখাই পেলাই দিয়া বুলিও খবৰ আহিছে। মাদ্ৰাছাখনত “সঘন ক্ষেত্ৰ সমন্বয় সমিতি” নামৰ সংস্থাটোৱে খাদ্য যোগান ধৰিছিল।

ঠিক সেইদৰে লংকাৰ একাংশ বিদ্যালয়ত পনীয়া দাইলৰৈ সৈতে খাদ্য যোগান ধৰাৰ লগতে নুমলীগড়ত পচা চাউলৰ ভাত যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে।

আনকি গোলাঘাটকে ধৰি অন্য বহু প্ৰান্তত একাংশ বিদ্যালয়ত এই ঠিকাদাৰী সংস্থাবোৰে খাদ্য
যোগান ধৰাত ব্যৰ্থ হ’ল, যাৰ বাবে মধ্যাহ্ন ভোজনৰ বাবে আশাৰে বাট চাই থকা ছাত্ৰ-ছাত্ৰীয়ে নোখোৱাকৈয়ে ঘৰলৈ গুচি যায়।

লখিমপুৰৰ মাধৰাম প্ৰাথমিক বিদ্যালয়, ৩ নং নকাৰি প্ৰাথমিক বিদ্যালয়, মাজগাওঁ প্ৰাথমিক বিদ্যালয়কে ধৰি অন্য বহুকেইখন বিদ্যালয়ত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে খাদ্য যোগান নধৰাৰ ফলত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভোকেৰে বিদ্যালয়ত দিনটো কটাব লগীয়া হয়। গোলাঘাটৰ বহুকেইখন বিদ্যালয়ত তেনেকুৱা হোৱাৰ বাতৰি আহিছে। আন বহুত বিদ্যালয়ত পলমকৈহে খাদ্য গৈ পায়।

এজন শিক্ষকে ফেইচবুকত কয়, “মোৰ ছাত্ৰ-ছাত্ৰীসকলে ২ বজালৈ বাট চাই চাই বৰ দুখেৰে গ’লগৈ… বৰ বেয়া লাগিছিল… নিজকে মিছলীয়া সজোৱাহে হ’ল”

গোলাঘাট, দৰং, লখিমপুৰ আদি জিলাৰ কেইখনমান বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুপাতে খাদ্য নহাত, আধাতকৈও বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে খাবলৈ নাপালে।

লখিমপুৰ জিলাৰ চৰাইমৰীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ৭৫জন ছাত্ৰ-ছাত্ৰীৰ মাত্ৰ ২০জনেহে খাবলৈ পালে বুলি বিদ্যালয়খনৰ শিক্ষয়িত্ৰীগৰাকীৰ পোষ্টৰ পৰা জানিব পৰা গৈছে।

একেদৰে দৰঙৰ কোনো এখন প্ৰাথমিক বিদ্যালয়ত ৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ২৯জনে খাদ্য নোযোৰাৰ বাবে অনাহাৰে থাকিব লগীয়া হ’ল বুলি দীপাঞ্জল শৰ্মা নামৰ এজনে ‘প্ৰাথমিক শিক্ষকৰ মুকলি মঞ্চ’ নামৰ গ্ৰুপ এটাত পোষ্ট কৰিছে।

আনহাতে, নৱেম্বৰ মাহৰ প্ৰথম দিনটোতে ৰান্ধনীৰ মুখৰ ভাত কাঢ়ি এন জি অ’ৰ হাতত অৰ্পণ কৰাৰ পাছতে ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৰান্ধনী তথা সহায়িকা সন্থাৰ উপ সভানেত্ৰী কুডেজা খাতুনে।

ক্ষোভ আৰু দুখত ভাগি পৰা খাতুনে আমাৰ সাংবাদিকৰ আগত কয়, “ৰাজ্যৰ সমূহ ৰান্ধনী ক্ষোভত ভাগি পৰিছো। আমি ছাত্ৰ-ছাত্ৰীসকলৰ একো একোগৰাকী মাতৃৰ নিচিনা। আমি ১৪ বছৰ ধৰি ১০০০ টকা মজুৰিৰে কাম কৰি আহিছিলো। আজিৰ দৰে খাদ্য কেতিয়াও অসমৰ ছাত্ৰ-ছাত্ৰীয়ে খোৱা নাইবা ৰান্ধনীৰ বিৰুদ্ধে বেয়া খাদ্য বনোৱাৰ অভিযোগো নাই। কিন্তু ১ নৱেম্বৰৰ দিনটোত এনেকুৱা অখাদ্য ছাত্ৰ-ছাত্ৰীয়ে খাব লগীয়া হোৱাত আমি ভাগি পৰিছো।”

তেওঁ চৰকাৰে ৰান্ধনী আৰু সহায়িকাসকলক বহুত ঠগ-প্ৰবঞ্চনা কৰিলে বুলি অভিযোগ কৰে।

“বুকুত বহু দুখ-বেদনা আৰু মনোকষ্ট লৈ ১০০০ টকাৰ বিনিময়ত অতদিনে কাম কৰি আছো। কিন্তু আমাক চৰকাৰে বহু ঠগ-প্ৰৱঞ্চনা কৰিলে। চৰকাৰে ছলে-বলে-কৌশলে আমাৰ পৰা কামটো কাঢ়ি নিব বিচাৰিছে।” আমাৰ সাংবাদিকৰ আগত খাতুনৰ মন্তব্য।

ইপিনে, ২০২১ ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি চৰকাৰক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে খাতুনে।

“আমি ৰান্ধনীসকলে কোনো কাৰণতে নৰেন্দ্ৰ মোডী আৰু সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক ২০২১ ত ভোট নিদিওঁ।”, খাতুনে কয়।

ইপিনে, ৰাজ্যৰ ১ লাখ ১৭ হাজাৰ ৰান্ধনীৰ দুখ উপলব্ধি কৰিব নোৱৰা শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই দায়সৰা মন্তব্য কৰাৰ লগতে ৰান্ধনীসকলৰ সেয়া চাকৰি নাছিল বুলি দাবী কৰে।

“তেওঁলোকৰ সেইটো চাকৰি আছিল নেকি? তেওঁলোক ভল’নটিয়াৰ্ছ (স্বেচ্ছাসেৱক)। ৰান্ধনীসকলে কেৱল খাদ্য বিলাই দিয়াত সহায় কৰিলেই হ’ল।” মন্তব্য ভট্টাচাৰ্য্যৰ।

মধ্যাহ্ন ভোজনৰ ঠিকাদাৰী সংগঠনবোৰক স্বেচ্ছাসেৱী সংগঠন বুলি উল্লেখ কৰি মন্ত্ৰীজনে আৰু কয়, “এতিয়া তেওঁলোকৰ (ৰান্ধনীসকলৰ) দায়িত্ব কমিছে। ৰান্ধনীসকলে এতিয়া বেয়া পাব লগীয়া কি কথা আছে? আমি এতিয়া স্বেচ্ছাসেৱী সংগঠনক দায়িত্ব দিছো, অকল অসমতে নহয় সমগ্ৰ ভাৰততে স্বেচ্ছাসেৱী সংগঠনক এই দায়িত্ব দিয়া হৈছে। মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত বহুতো আঁসোৱাহ দেখা পাইছিলো, এই আঁসোৱাহসমূহ দূৰ কৰিবৰ বাবে স্বেচ্ছাসেৱী সংগঠনক দিয়াৰ সিদ্ধান্ত লোৱা হ’ল।”

উল্লেখ কৰিব পাৰি যে, সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৰান্ধনী ও সহায়িকা সন্থাই ঠিকাদাৰী সংস্থাক খাদ্য যোগানৰ দায়িত্ব দিয়াৰ বিৰোধিতাৰে আৰু তেওঁলোকৰ মজুৰি ১০০০ টকাৰ পৰা ৯২০০ টকালৈ বৃদ্ধি কৰৰা দাবীত দীৰ্ঘদিনে প্ৰতিবাদ কৰি আহিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd