প্ৰচুৰ বন ধ্বংসৰ দুঃখবৰৰ মাজতে বন্যপ্ৰাণীপ্ৰেমী আৰু প্ৰকৃতিপ্ৰেমীসকলৰ বাবে সুখবৰ যে গোটেই ভাৰতৰ লগতে অসমত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। এই কথাটো প্ৰকাশ হয় চতুৰ্থ নেশ্যনেল টাইগাৰ ষ্টেটাছ এছেছমেণ্ট ৰিপ’ৰ্ট ২০১৮-১৯-ত।
প্ৰতিবেদনখনৰ মতে, অসমত ২০১৪ চনত ১৬৭টা বাঘৰ পৰা ২০১৮ চনত ১৯০টালৈ বৃদ্ধি পাইছে, যিটো প্ৰায় ১৪ শতাংশ বৃদ্ধি।
উত্তৰ-পূব পাৰ্বত্য অঞ্চল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত বাঘৰ সংখ্যা ২০১৪ চনত ২০১টাৰ পৰা ২০১৮ চনত ২১৯টালৈ বৃদ্ধি পাইছে, যিটো প্ৰায় ৯ শতাংশ বৃদ্ধি।
২০০৬ চনৰ পৰা চলি অহা বাঘৰ এই জৰীপ চাৰি বছৰৰ মূৰে মূৰে হয়। যৌথভাৱে জৰীপ চলাইছিল নেশ্যনেল টাইগাৰ কনজাৰ্ভেইশ্যন অথৰিটি (NTCA) আৰু ৱাইল্ড লাইফ ইনষ্টিটিউট ইণ্ডিয়াই। জৰীপৰ প্ৰতিবেদনখন আজি প্ৰধান মন্ত্ৰী মোদীয়ে মুকলি কৰে।
আজি প্ৰকাশ কৰা প্ৰতিবেদন মতে, ২০১৪ চনৰ তুলনাত সমগ্ৰ দেশত বৃদ্ধিৰ হাৰ ৩৩ শতাংশতকৈ বেছি। ২০১৪ চনত ২২২৬টা বাঘৰ বিপৰীতে ২০১৮ চনত বাঘ পোৱা গৈছে ২৯৬৭টা।
গোটেই দেশৰে বাঘ থকা ২০খন ৰাজ্যৰ মুঠ ৩,৮১,৪০০ বৰ্গ কিলোমিটাৰ অঞ্চলক সামৰি শেহতীয়া প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি জৰীপ চলোৱা হৈছিল।