Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

পুনৰ গুলীচালনাৰ ঘটনাত কঁপি উঠিল চিকাগো।এই গুলীচালনাৰ ঘটনাত ছয়জন লোক নিহত হোৱাৰ লগতে আৰু ৩৬ জনতকৈ অধিক লোক আহত হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে উচ্চ ক্ষমতাসম্পন্ন ৰাইফলেৰে এজন লোকে হাইলেণ্ড পাৰ্কত গুলীচালনা কৰিছিল।

জানিব পৰা মতে আক্ৰমণকাৰী লোক জনে এটা ঘৰৰ ছাদৰ ওপৰৰ পৰা গুলীচালনা কৰিছিল। লোক জনে কি উদ্দেশ্যলৈ গুলীচালনা কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈ সমগ্ৰ এলেকাটো ঘেৰাও কৰি ধৰে। চিকাগো আৰক্ষীৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণটোত জৰিত ২২ বছৰীয়া যুৱ এজনক আটক কৰিবলৈ সক্ষম হৈছে।

যুৱক জনক ৰবাৰ্ট ই ক্ৰিমো বুলি চিনাক্ত কৰা হৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতে আক্ৰমণকাৰী যুৱক জনে হাত দাঙি আৰক্ষীৰ ওচৰলৈ আহে আৰু আত্মসমৰ্পন কৰে।

উল্লেখ্য ২৪ মে’ত টেক্সাছৰ উভালদেৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত এক গুলীচালনাৰ ঘটনাত ১৯ গৰাকী স্কুলীয়া শিশু আৰু দুজন শিক্ষক নিহত হৈছিল।

একেদৰে ১৪ মে’ত নিউয়ৰ্কৰ বাফেলোৰ এখন গ্ৰোচাৰী দোকানত সংঘটিত আক্ৰমণত ১০ জন লোকৰ মৃত্যু ঘটিছিল।

এই ঘটনাই সমগ্ৰ আমেৰিকাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। দেশ খনত প্ৰায়ে এনে গণহত্যাৰ ঘটনা বৃদ্ধিয়ে অস্বস্তিত পেলাইছে বাইডেন প্ৰশাসনকো।