ডিজিটেল ইণ্ডিয়াত ‘ৰিজাল্ট গেজেট’ ছপাৰ নামতে কেইবা লাখ টকা খৰচ কৰে মাধ্যমিক শিক্ষা সংসদে

বুকলেট ছপা কৰাৰ নামত ব্যয় হয় কেইবালাখ টকা

AHSEC

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

কেন্দ্ৰীয় চৰকাৰৰ ‘ই-অফিচ’ বা ‘পেপাৰলেছ অফিচ’ৰ প্ৰয়াস অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত কাৰ্য্যতঃ বিফল হোৱাটো পৰিলক্ষিত হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে চৰকাৰৰ সকলো বিভাগকে ‘ই-অফিচ’ ব্যৱস্থাক আদৰি লৈ স্বচ্ছ, দায়বদ্ধ আৰু সৃজনীশীল প্ৰশাসনৰ লক্ষ্য ল’বলৈ আহ্বান জনাই থকাৰ সময়তে পৰম্পৰা ৰক্ষা কৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰীক্ষাৰ ফলাফল দিবলৈকে ছপা কৰি উলিয়াইছে প্ৰায় ৯০০ পৃষ্ঠাৰ ‘ৰিজাল্ট গেজেট’।

আজি ঘোষণা কৰা ২০১৯ বৰ্ষৰ ফলাফল ‘ৰিজাল্ট গেজেট’ত ছপা কৰি ৰাজ্যৰ চৌদিশে থকা বিভিন্ন পৰীক্ষা কেন্দ্ৰবোৰলৈ প্ৰেৰণ কৰাৰ লগতে সংবাদ মাধ্যম, বিভিন্ন চৰকাৰী বিভাগলৈ প্ৰেৰণ কৰা হৈছে।

মুঠ ১৫শ প্ৰতিলিপি ছপা কৰা বৃহৎ কলেৱৰৰ (প্ৰায় এহেজাৰ পৃষ্ঠাৰ ১/৮ ডিমাই) বুকলেট বা ‘ৰিজাল্ট গেজেট’ৰ নামত কেইবা লাখ টকা খৰচ কৰি কৰিছে শিক্ষা সংসদে।

এই বিষয়ে যোগাযোগ কৰাত সংসদে নৰ্থ-ইষ্ট নাওক জনালে, প্ৰতিটো কপিত মুদ্ৰণ খৰচ প্ৰায় তিনিশ টকাকৈ পৰিছে। গতিকে ফলাফলৰ তালিকাখন ছপা কৰি উলিওৱাৰ বাবে প্ৰায় ৪ লাখ ৫০ হাজাৰ টকা খৰচ কৰা হৈছে। অথচ ফলাফলসমূহ সংসদৰ নিজা ৱেবছাইটৰ লগতে কেইবাটাও অনুমোদিত ৱেবছাইটতো সহজেই পাব পাৰি। বুকলেটখনৰ পি ডি এফৰ কপিও পাব পাৰি।

“সংসদে এইদৰে ৰিজাল্ট গেজেটৰ ছপা কপি নুলিয়াই ডিজিটেল পদ্ধতিৰে ফলাফল প্ৰকাশ কৰি ৪-৫ লাখ টকাৰ এই যথেষ্ট ধনৰাশি ৰাহি কৰিব পাৰে”, গুৱাহাটীৰ এখন মহাবিদ্যালয়ৰ এজন শিক্ষকৰ মত।

“যি সময়ত পৰীক্ষাৰ ফলাফল বা অন্য তথ্য ডিজিটেলি সহজেই পঠিয়াব পাৰি, তেনেক্ষেত্ৰত ইমান ডাঙৰ গেজেট ছপা কৰাৰ প্ৰয়োজন কি বুজি নাপাওঁ। বৰ্তমান সময়ত প্ৰায় সকলো স্থানতেই ইন্টাৰনেটৰ সুবিধা ঠিকেই পোৱা যায়”, শিক্ষকজনে কয়।

তেওঁ লগতে কয় যে “পেপাৰলেছ” ব্যৱস্থা অধিক গ্ৰহণযোগ্য আৰু কম কৰ্মচাৰীৰে কৰিব পৰা ব্যৱস্থা।

বিষয়টোত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঞিৰ সৈতে যোগাযোগ কৰাত তেওঁ কেৱল ‘পেপাৰলেছ’ ব্যৱস্থাৰে ফলাফল ঘোষণা কৰিলে বিৰূপ সমালোচনাৰ সন্মুখীন হ’ব লগীয়া হ’ব বুলিয়েই এই পুৰণি পৰম্পৰামতে বুকলেট ছপা কৰা বুলি জানিবলৈ দিয়ে।