দেশৰ ৰাজনীতিত ক্ৰমাৎ ভেটি শক্তিশালী কৰি তোলাৰ দিশত অগ্ৰসৰ হোৱা আম আদমী পাৰ্টিয়ে এইবাৰ কৰ্ণাটকত খোজ পেলাইছে। দাক্ষিণাত্যৰ ৰাজ্যখনত আজি ৰণদুন্দুভি বজাই আজি প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ আক্ৰমণ কৰে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
বিশেষকৈ কৰ্ণাটকৰ এগৰাকী স্থানীয় বিধায়কৰ পুত্ৰৰ পৰা কোটি কোটি টকা উদ্ধাৰক অচিলা হিচাপে লৈ কেজৰিৱালে দিল্লীৰ আবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দলীয় সতীৰ্থ মনীষ চিছ’দিয়াৰ গ্ৰেপ্তাৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।
নিৰ্বাচনমুখী কৰ্ণাটক ভ্ৰমণৰত আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীয়ে চন্নাগিৰিৰ বিজেপিৰ বিধায়ক মদল বিৰুপক্ষপ্পাক দুৰ্নীতি বিৰোধী কৰ্তৃপক্ষই তেওঁৰ বাসগৃহৰ পৰা কোটি কোটি টকা উদ্ধাৰ কৰাৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰা নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰে।
কৰ্ণাটকত প্ৰথমবাৰৰ বাবে ৰাজহুৱা নিৰ্বাচনী সভাত ভাগ লোৱা কেজৰিৱালে নিজ ভাষণত কৰ্ণাটকত ৪০ শতাংশ কমিচনৰ চৰকাৰ আছে বুলি অভিযোগ কৰে। এই প্ৰসংগত কেজৰিৱালে বিৰুপক্ষপ্পাৰ পুত্ৰ প্ৰশান্ত কুমাৰৰ পৰা ৮.২৩ কোটি টকা হিচাপবিহীন নগদ ধন উদ্ধাৰ কৰাৰ কথা উল্লেখ কৰে।
কেজৰিৱালে কয়, “শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰ্ণাটকলৈ আহি আগন্তুক বিধানসভা নিৰ্বাচনত নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰ বাবে ৰাইজৰ ওচৰত আবেদন জনাইছিল, যাতে ৰাজ্যখনত দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিব পৰা যায়। তাৰ পিছতে কোনো লোকে তেওঁক সোঁৱৰাই দিলে যে ইতিমধ্যেই ৰাজ্যত বিজেপি চৰকাৰ আছে।”
গৃহমন্ত্ৰী শ্বাহৰ এই আহ্বানৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেজৰিৱালে যোৱা চাৰি বছৰত শ্বাহে কিয় দুৰ্নীতি নিৰ্মূল কৰিব নোৱাৰিলে বুলি প্ৰশ্ন কৰে। তেওঁ লগতে কয় যে অমিত শ্বাহ বিমানেৰে দিল্লীলৈ উভতি যোৱাৰ ঠিক পিছদিনাই বিজেপিৰ এগৰাকী বিধায়কৰ পুত্ৰই কোটি কোটি হিচাপহীন নগদ ধনসহ ধৰা পৰে।
আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত চিবিআইয়ে দিল্লীৰ উপ মুখ্যমন্ত্ৰী চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰি কেজৰিৱালে কয় যে, “সেই বিধায়ক আৰু তেওঁৰ পুত্ৰক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই। তাৰ পৰিৱৰ্তে মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰা হৈছে।”
8 crore cash was seized after raid on BJP MLA’s son in Karnataka
But they arrested Manish Sisodia, when in fact they didn’t find anything after raiding his house & bank lockers
बड़ी नाइंसाफी है!
-CM @ArvindKejriwal #KarnatakaWantsKejriwal pic.twitter.com/rUETmonlT0
— AAP (@AamAadmiParty) March 4, 2023
আপৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে ৰাজ্যিক ঠিকাদাৰ সন্থাৰ সভাপতি কেম্পান্নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰি কৰ্ণাটকৰ মন্ত্ৰীসকলে ৪০ শতাংশ কমিছনৰ দাবী জনায় বুলি উল্লেখ কৰিছে। বিজেপিৰ ‘ডাবল ইঞ্জিন চৰকাৰ’ ধাৰণাক ইতিকিং কৰি কেজৰিৱালে “ডাবল ইঞ্জিন চৰকাৰত দুৰ্নীতি দুগুণ হয়। আমাক এটা নতুন চৰকাৰী ইঞ্জিন লাগে” বুলি মন্তব্য কৰে।
তেওঁ লগতে কৰ্ণাটকক নতুন ৰূপত গঢ়ি তোলাৰ বাবে আপক সুযোগ দিবলৈ ৰাজ্যবাসীক আহ্বান জনায়। কেজৰিৱালে কয়, “আমি অটল সৎ। দুৰ্নীতিমুক্ত চৰকাৰ দিম। বিনামূলীয়াকৈ বিদ্যুৎ দিম, উন্নত চৰকাৰী বিদ্যালয় নিৰ্মাণ কৰিম আৰু মানসম্পন্ন শিক্ষা প্ৰদান কৰিম।”
উল্লেখ্য যে, মে’ মাহৰ ভিতৰত কৰ্ণাটকত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।