• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কৰ্ণাটকত কেজৰিৱালৰ নিৰ্বাচনী ৰণদুন্দুভি: মোদী-শ্বাহলৈ তীব্ৰ বাক্যশেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2023 8:35 pm
Kejriwal in Karnataka
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজনীতিত ক্ৰমাৎ ভেটি শক্তিশালী কৰি তোলাৰ দিশত অগ্ৰসৰ হোৱা আম আদমী পাৰ্টিয়ে এইবাৰ কৰ্ণাটকত খোজ পেলাইছে। দাক্ষিণাত্যৰ ৰাজ্যখনত আজি ৰণদুন্দুভি বজাই আজি প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ আক্ৰমণ কৰে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

বিশেষকৈ কৰ্ণাটকৰ এগৰাকী স্থানীয় বিধায়কৰ পুত্ৰৰ পৰা কোটি কোটি টকা উদ্ধাৰক অচিলা হিচাপে লৈ কেজৰিৱালে দিল্লীৰ আবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দলীয় সতীৰ্থ মনীষ চিছ’দিয়াৰ গ্ৰেপ্তাৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।

Apply Now

নিৰ্বাচনমুখী কৰ্ণাটক ভ্ৰমণৰত আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীয়ে চন্নাগিৰিৰ বিজেপিৰ বিধায়ক মদল বিৰুপক্ষপ্পাক দুৰ্নীতি বিৰোধী কৰ্তৃপক্ষই তেওঁৰ বাসগৃহৰ পৰা কোটি কোটি টকা উদ্ধাৰ কৰাৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰা নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰে।

কৰ্ণাটকত প্ৰথমবাৰৰ বাবে ৰাজহুৱা নিৰ্বাচনী সভাত ভাগ লোৱা কেজৰিৱালে নিজ ভাষণত কৰ্ণাটকত ৪০ শতাংশ কমিচনৰ চৰকাৰ আছে বুলি অভিযোগ কৰে। এই প্ৰসংগত কেজৰিৱালে বিৰুপক্ষপ্পাৰ পুত্ৰ প্ৰশান্ত কুমাৰৰ পৰা ৮.২৩ কোটি টকা হিচাপবিহীন নগদ ধন উদ্ধাৰ কৰাৰ কথা উল্লেখ কৰে।

কেজৰিৱালে কয়, “শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰ্ণাটকলৈ আহি আগন্তুক বিধানসভা নিৰ্বাচনত নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰ বাবে ৰাইজৰ ওচৰত আবেদন জনাইছিল, যাতে ৰাজ্যখনত দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিব পৰা যায়। তাৰ পিছতে কোনো লোকে তেওঁক সোঁৱৰাই দিলে যে ইতিমধ্যেই ৰাজ্যত বিজেপি চৰকাৰ আছে।”

গৃহমন্ত্ৰী শ্বাহৰ এই আহ্বানৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেজৰিৱালে যোৱা চাৰি বছৰত শ্বাহে কিয় দুৰ্নীতি নিৰ্মূল কৰিব নোৱাৰিলে বুলি প্ৰশ্ন কৰে। তেওঁ লগতে কয় যে অমিত শ্বাহ বিমানেৰে দিল্লীলৈ উভতি যোৱাৰ ঠিক পিছদিনাই বিজেপিৰ এগৰাকী বিধায়কৰ পুত্ৰই কোটি কোটি হিচাপহীন নগদ ধনসহ ধৰা পৰে।

আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত চিবিআইয়ে দিল্লীৰ উপ মুখ্যমন্ত্ৰী চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰি কেজৰিৱালে কয় যে, “সেই বিধায়ক আৰু তেওঁৰ পুত্ৰক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই। তাৰ পৰিৱৰ্তে মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰা হৈছে।”

 

8 crore cash was seized after raid on BJP MLA’s son in Karnataka

But they arrested Manish Sisodia, when in fact they didn’t find anything after raiding his house & bank lockers

बड़ी नाइंसाफी है!

-CM @ArvindKejriwal #KarnatakaWantsKejriwal pic.twitter.com/rUETmonlT0

— AAP (@AamAadmiParty) March 4, 2023

আপৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে ৰাজ্যিক ঠিকাদাৰ সন্থাৰ সভাপতি কেম্পান্নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰি কৰ্ণাটকৰ মন্ত্ৰীসকলে ৪০ শতাংশ কমিছনৰ দাবী জনায় বুলি উল্লেখ কৰিছে। বিজেপিৰ ‘ডাবল ইঞ্জিন চৰকাৰ’ ধাৰণাক ইতিকিং কৰি কেজৰিৱালে “ডাবল ইঞ্জিন চৰকাৰত দুৰ্নীতি দুগুণ হয়। আমাক এটা নতুন চৰকাৰী ইঞ্জিন লাগে” বুলি মন্তব্য কৰে।

তেওঁ লগতে কৰ্ণাটকক নতুন ৰূপত গঢ়ি তোলাৰ বাবে আপক সুযোগ দিবলৈ ৰাজ্যবাসীক আহ্বান জনায়। কেজৰিৱালে কয়, “আমি অটল সৎ। দুৰ্নীতিমুক্ত চৰকাৰ দিম। বিনামূলীয়াকৈ বিদ্যুৎ দিম, উন্নত চৰকাৰী বিদ্যালয় নিৰ্মাণ কৰিম আৰু মানসম্পন্ন শিক্ষা প্ৰদান কৰিম।”

উল্লেখ্য যে, মে’ মাহৰ ভিতৰত কৰ্ণাটকত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd