• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১০ লাখ চাকৰি, ৩০০০ ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিব কংগ্ৰেছে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2022 3:24 pm
Congress Gujarat Manifesto
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচন উপলক্ষ্যে আজি ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। বিগত ২৭ বছৰ ধৰি গুজৰাটত ক্ষমতাহীন হৈ থকা কংগ্ৰেছে ভোটাৰক আকৰ্ষণ কৰিবলৈ ইস্তাহাৰত বহুকেইটা আকৰ্ষণীয় প্ৰতিশ্ৰুতি দিয়া গৈছে।

মাহিলী ৩০০ ইউনিট বিনামূলীয়া বিদ্যুতৰ পৰা আৰম্ভ কৰি ১০ লাখ চাকৰিৰ প্ৰদান কৰালৈকে কংগ্ৰেছে বহুকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

Apply Now

ইস্তাহাৰ প্ৰকাশ কৰি ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা গুজৰাট কংগ্ৰেছৰ পৰ্যবেক্ষক অশোক গেহলটে কয় যে দলটো ক্ষমতালৈ অহাৰ লগে লগে এই প্ৰতিশ্ৰুতিসমূহ পূৰণৰ কাম আৰম্ভ কৰা হ’ব।

গুজৰাটৰ ১০ লাখ যুৱকক চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে। কংগ্ৰেছে কয় যে গুজৰাটৰ সকলো চৰকাৰী পদ অতি সোনকালে পূৰণ কৰা হ’ব। মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণো ইয়াত অন্তৰ্ভুক্ত কৰা হ’ব।

উল্লেখ্য যে ৰাজ্যখনত ১৮ৰ পৰা ৪৯ বছৰৰ ভিতৰৰ ভোটাৰ সংখ্যা হৈছে ৩.২৬ কোটি। ইয়াৰে ১.১২ লাখ ভোটাৰ ১৮ৰ পৰা ১৯ বছৰ বয়সৰ। ১০ লাখ চাকৰিৰ পূৰণৰ প্ৰতিশ্ৰুতিৰে কংগ্ৰছে এই যুৱ ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।

কংগ্ৰেছে লগতে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছে যে ৰাজ্যখনত চৰকাৰ গঠন কৰিলে সকলোকে ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰা হ’ব। একে সময়তে কৃষকসকলে প্ৰতিদিনে ১০ ঘন্টা বিনামূলীয়া বিদ্যুতৰ সুবিধা লাভ কৰিব।

২০১১ চনৰ লোকপিয়ল অনুসৰি গুজৰাটত ৫৫ লাখৰো অধিক কৃষক আছে। তাৰ ভিতৰত প্ৰায় ২০ লাখ ক্ষুদ্ৰ কৃষক আছে। এনে পৰিস্থিতিত কংগ্ৰেছৰ এই প্ৰতিশ্ৰুতিৰে কৃষকক নিজৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। পুৰণি বিদ্যুতৰ বিলো ৰেহাই দিয়া হ’ব।

ইয়াৰ উপৰিও গুজৰাটৰ যুৱক-যুৱতীসকলক আন এক ডাঙৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে। ক্ষমতালৈ অহাৰ পিছত কংগ্ৰেছে নিবনুৱাক প্ৰতিমাহে ৩০০০ টকা ভাট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰিও সেনা নিযুক্তিৰ প্ৰস্তুতিৰ বাবে ‘ছেম মানকেছা মিলিটাৰী একাডেমী’ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

দক্ষতা বিকাশৰ বাবে ‘বিশ্বকৰ্মা হুনাৰ নিৰ্মাণ যোজনা’ আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিও দিছে। দুখীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া এণ্ড্ৰইড মোবাইল দিয়াৰ প্ৰতিশ্ৰুতিও আছে নিৰ্বাচনী ইস্তাহাৰত।

কংগ্ৰেছে ক্ষমতালৈ আহিলে ৩ লাখ টকা পৰ্যন্ত কৃষকৰ ঋণ ৰেহাই দিয়া হ’ব বুলি কোৱা হৈছে। আনহাতে, গাখীৰ উৎপাদকসকলক প্ৰতি লিটাৰ গাখীৰত ৫ টকা ৰাজসাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

গৃহিনীসকলক আকৰ্ষিত কৰিবলৈ ইস্তাহাৰত প্ৰতিশ্ৰুতি দি কৈছে যে কংগ্ৰেছে ক্ষমতালৈ আহিলে গুজৰাটত ৰন্ধন গেছৰ চিলিণ্ডাৰ মাত্ৰ ৫০০ টকাতে উপলব্ধ হ’ব। ২০ লাখৰো অধিক চৰকাৰী চাকৰিয়ালক লক্ষ্য কৰি কংগ্ৰেছে পুৰণি পেন্সন ব্যৱস্থা পুনৰ ঘূৰাই অনাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

তদুপৰি প্ৰতিজন গুজৰাটীকে ১০ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিয়া হৈছে। ইফালে প্ৰতিবন্ধী, বিধৱা, দৰিদ্ৰসকলক প্ৰতিমাহে দুহাজাৰ টকাকৈ দিয়া হ’ব বুলিও প্ৰতিশ্ৰুতি দিছে দলটোৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd