Farmer Protest against Farmer act : বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ ৰাকেশ টিকাইট, ২৬ নৱেম্বৰলৈ দিলে সময়সীমা

Rakesh Tikait

Farmer Protest against Farmer act : নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে কৃষক নেতা ৰাকেশ টিকাইট। আজি কৃষক নেতাজনে চৰকাৰক সতৰ্ক কৰি কয় যে যদি চৰকাৰে ২৬ নৱেম্বৰৰ ভিতৰত বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ নকৰে তেন্তে দিল্লী সীমান্তত প্ৰতিবাদ বৃদ্ধি পাব।

“কেন্দ্ৰীয় চৰকাৰৰ হাতত ২৬ নৱেম্বৰলৈকে সময় আছে, তাৰ পিছত ২৭ নৱেম্বৰৰ পৰা কৃষকসকলে গাওঁৰ ট্ৰেক্টৰেৰে দিল্লীৰ চাৰিওফালৰ সীমান্তৰ প্ৰতিবাদস্থলীত উপস্থিত হ’ব আৰু প্ৰতিবাদস্থলী শক্তিশালী কৰিব।” তেওঁ টুইটাৰত কয়।

 

এই দুদিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰলৈ টিকাইটৰ এইয়া দ্বিতীয় সতৰ্কবাণী। দেওবাৰে টিকাইটে চৰকাৰক সতৰ্ক কৰি দিছিল যে যদি তেওঁলোকে প্ৰতিবাদকাৰীসকলক দিল্লীৰ সীমান্তৰ পৰা বলপূৰ্বক আঁতৰাবলৈ চেষ্টা কৰে তেন্তে ইয়াৰ পৰিণাম হ’ব।

দেওবাৰে টিকাইটে চৰকাৰক উদ্দেশ্যি মন্তব্য কৰিছিল যে যদি কৃষকসকলক বলপূৰ্বক সীমান্তৰ পৰা আঁতৰাবলৈ চেষ্টা কৰা হয়, তেন্তে তেওঁলোকে সমগ্ৰ দেশৰ চৰকাৰী কাৰ্যালয়সমূহক শস্যবজাৰলৈ পৰিৱৰ্তন কৰিব।

টিকাইটে লগতে কয় যে যদি প্ৰশাসনে প্ৰতিবাদস্থলীত তেওঁলোকে শিবিৰ পাতি থকা তম্বুবোৰ উচ্ছেদ কৰিবলৈ চেষ্টা কৰে, কৃষকসকলে আৰক্ষী থানা আৰু জিলা দণ্ডাধীশৰ কাৰ্যালয়ত তম্বু স্থাপন কৰিব।

Also read : LPG price rise: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম, কেনে ছিলিণ্ডাৰত কিমান বাঢ়িল দাম?

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্ত্তন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত যোৱা বছৰৰ ২৬ নৱেম্বৰৰ পৰা হাজাৰ হাজাৰ কৃষকে তিনিটা সীমান্ত ক্ৰমে টিক্ৰি, সিংগু আৰু গাজীপুৰত প্ৰতিবাদ কৰি আহিছে।

কেন্দ্ৰ আৰু কৃষকসকলৰ মাজত কেইবাবাৰো আলোচনা হৈছে যদিও আলোচনা ব্যৰ্থ হৈছে। আইন তিনিখন বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি ইতিমধ্যে প্ৰতিবাদী কৃষকসকলে নিশ্চিত কৰিছে।

Also read : Covid India Update দেৱালীৰ পূৰ্বে দেশত কৰ’নাৰ সংক্ৰমণ, মৃত্যুৰ হাৰত স্বস্তি