• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

দেশৰ কোভিড সংকটৰ অন্তৰালত কোন? হাজাৰ হাজাৰ কৰোনাক্ৰান্তক হত্যা কৰিছে কোনে?

কৌশিক তালুকদাৰ by কৌশিক তালুকদাৰ
May 16, 2021 5:40 pm
covid-19_cremations-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড-১৯ৰ দ্বিতীয় জোৱাৰে সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষত সৰ্বাধিক তাণ্ডৱ চলাইছে বুলি এতিয়া বিজ্ঞানী-বিশেষজ্ঞ মহল পতিয়ন গৈছে৷ বিশেষজ্ঞসকলে পূৰ্বতেও এনে এক কোৰোনা-সৃষ্ট তাণ্ডৱৰ সম্ভাৱনা ব্যক্ত কৰিছিল৷ পিছে কোভিডৰ প্ৰথম ঢৌত বিশেষজ্ঞসকলৰ ভৱিষ্যবাণী এশ শতাংশ বাস্তৱায়িত নোহোৱাত আমাৰ প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানী-বিশেষজ্ঞসকলৰ জ্ঞানক উপহাস কৰাৰ লগতে ভাৰতে কৰোনাক পৰাস্ত কৰিছে বুলি বিশ্ববাসীৰ সন্মুখত বুকু ফিন্দাই ভাষণ দিছিল৷

এইবছৰৰ মাৰ্চ মাহৰ আৰম্ভণিতে “চেন্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়’লজি”ৰ সঞ্চালক ডঃ ৰাকেশ মিশ্ৰ তথা “নেচনেল চেন্টাৰ ফৰ দিজিছ কন্ট্ৰ’ল”ৰ সঞ্চালক প্ৰধান সুজিত কুমাৰ সিঙে কোভিড সংক্ৰমণৰ দ্বিতীয় ঢৌ আৰু ইয়াৰ মাৰাত্মক প্ৰভাৱ সম্পৰ্কে চৰকাৰক সতৰ্কবাণী শুনাইছিল৷ পিছে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ চৰকাৰে ইয়াক আওকাণ কৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল৷

Apply Now

প্ৰধানমন্ত্ৰীৰ অহংকাৰ আৰু ৰাজনৈতিক আকাংক্ষাৰ আগত বিজ্ঞানী-বিশেষজ্ঞৰ সতৰ্কবাণী তথা জনগণৰ জীৱনৰ মূল্য মূল্যহীন হৈ পৰিল৷ এফালে কোভিড-নিৰ্দেশনাক ভূ-লুণ্ঠিত কৰি আয়োজন কৰা ৰাজনৈতিক দলবোৰৰ বিশাল নিৰ্বাচনী সমাবেশ, পদযাত্ৰা, নাচ-গান ইত্যাদি আৰু আনফালে, ধৰ্মান্ধ চৰকাৰৰ লাখ লাখ মানুহৰ সমাগম হোৱা কুম্ভমেলা আয়োজনৰ অনুমতি প্ৰদান৷ ই ভাৰতত কোভিডৰ দ্বিতীয় জোৱাৰৰ বাবে ঘাইকৈ দায়ী বুলি বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিভিন্ন বিশেষজ্ঞই মত পোষণ কৰিছে৷

ইণ্ডিয়ান মেডিকেল এচ’ছিয়েচনৰ ৰাষ্ট্ৰীয় উপ-সভাপতিয়ে প্ৰধানমন্ত্ৰী মোদীক কোভিড-১৯ৰ ‘চুপাৰ স্প্ৰেডাৰ’ বুলি অভিহিত কৰিছে৷ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে মাৰাত্মক কোভিড সংক্ৰমণৰ দ্বিতীয় ঢৌৰ বাবে নিৰ্বাচনী আয়োগৰ বিষয়াসকলক কেৱল ভৎসৰ্না কৰিয়েই ক্ষান্ত হোৱা নাই, এনে বিষয়াৰ বিৰুদ্ধে ‘হত্যাৰ অভিযোগ’ত গোচৰ তৰিব লাগে বুলিও কৈছে৷

ভাৰতৰ চৌদিশৰ পৰা মৃত্যুৰ কিৰিলি শুনাৰ পাছত সমগ্ৰ বিশ্বই মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰাত চৰকাৰ এতিয়া কোভিডক লৈ শংকিত হোৱা যেন দেখুৱাইছে৷ সেয়ে বোধহয় প্ৰধানমন্ত্ৰী বা আন চৰকাৰী মন্ত্ৰী-বিষয়াৰ মুখত ভেকচিন, অক্সিজন চিলিণ্ডাৰ, আই চি ইউ, ভেন্টিলেটৰ আদি শব্দবোৰ শুনা গৈছে৷ উল্লেখ্য যে অজ্ঞাত দূৰ্ঘটনাবশতঃ কোভিডৰ প্ৰাদুৰ্ভাৱ হোৱা বাবেই বিশ্ববাসী তথা কোনো দেশৰ স্বাস্থ্যখণ্ড কোভিড সংক্ৰমণৰ প্ৰথম ঢৌৰ বাবে সাজু হৈ থকা নাছিল৷ অৱশ্যে বিজ্ঞানী-বিশেষজ্ঞসকলৰ নেৰানেপেৰা অধ্যয়ন আৰু গৱেষণাৰ পৰিণতিত কোভিড সম্পৰ্কে বিভিন্ন কথা জানিব পৰা গ’ল, কোভিডৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন নিৰ্দেশনা জাৰি কৰা হ’ল, বিভিন্ন দেশৰ স্বাস্থ্য-ব্যৱস্থাক কোভিডৰ মোকাবিলা কৰিবলৈ উন্নত কৰি তোলাও হ’ল৷

বিজ্ঞানীসকলে কোভিডৰ প্ৰতিষেধকৰ অনুসন্ধানত দিন-ৰাতি একাকাৰ কৰি অৱশেষত ভেকচিন আৱিষ্কাৰ কৰিলে৷ উন্নত দেশবোৰ আৰু তাৰ বিজ্ঞানবিশ্বাসী চৰকাৰবোৰে বিজ্ঞানীসকলৰ পৰামৰ্শ অনুসৰি ততাতৈয়াকৈ কৰ্মপন্থা হাতত ল’লে, জনগণে চৰকাৰবোৰক সহযোগ কৰিলে৷

কিন্তু ভাৰতবৰ্ষৰ ধৰ্মান্ধ আৰু অহংকাৰী চৰকাৰে কৰিলে কি? কোভিডৰ প্ৰথম ঢৌৰ পিছত স্বাস্থ্যসেৱাৰ কি কি উন্নতি সাধন কৰিলে? চিকিৎসালয়বোৰত আই চি ইউ বিচনা কিমান বাঢ়িল?  অক্সিজেন চিলিণ্ডাৰৰ যোগান কিমান উন্নত হ’ল?  কোভিড-ভেকচিন উৎপাদনৰ বাবে চৰকাৰে কি উদ্যোগ ল’লে?  এই প্ৰশ্নবোৰৰ আচল উত্তৰবোৰ জানিলে আপুনি হতাশ হ’ব, চৰকাৰৰ কাম-কাজ দেখি আপুনি ক্ষোভিত হ’ব৷

ভাৰতবৰ্ষৰ চৰকাৰে কোভিশ্বিল্ড আৰু কোভেক্সিনৰ অনুসন্ধান আৰু গৱেষণাৰ বাবে এক পইচাও খৰছ কৰা নাই বুলি উচ্চতম ন্যায়ালয়ক স্বয়ং চৰকাৰেই জনাইছে৷ কিন্তু চৰকাৰৰ আনুগত্যশীল মিডিয়াই ৰাইজৰ সন্মুখত এনে এখন ছবি দাঙি ধৰি আহিছে, যেন প্ৰধানমন্ত্ৰী মোদীয়েহে ভেকচিন অনুসন্ধানৰ নেতৃত্ব লৈছে আৰু চৰকাৰৰ উদ্যোগতহে ভাৰতত কোভেক্সিন আৰু কোভিশ্বিল্ড নামৰ ভেকচিন দুটা আৱিষ্কাৰ তথা উৎপাদন কৰা হৈছে৷ কোভিশ্বিল্ডৰ অনুসন্ধান অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাৰ বিজ্ঞানীসকলেহে কৰিছে, পুণেস্থিত চিৰাম ইনষ্টিউটক কেৱল উৎপাদন কৰাৰ অনুমতিপত্ৰহে দিছে এষ্ট্ৰাজেনেকাই৷ ভেকচিন উৎপাদন কৰিবলৈ ভাৰত চৰকাৰে কোনো চৰকাৰী সাহায্য চিৰাম ইনষ্টিউটকতো দিয়া নায়েই, আনকি ভেকচিনৰ বাবে আগতীয়া বুকিংও কৰা নাই৷ আই চি এম আৰে অৱশ্যে ভেকচিন ট্ৰায়েলৰ বাবে ১০০ কোটি টকাৰ সাহায্য দিছে৷ কিন্তু কোভিড প্ৰতিষেধকৰ উৎপাদনৰ বাবে চৰকাৰে পুঁজি যোগান ধৰিব নতুবা ঋণ হিচাপে দিব বুলি বাতৰি কাকতত ‘হেডলাইন’ ঠিকেই নিৰ্মাণ কৰি আছে৷ এই সাহায্য বা ঋণ কেতিয়া ভেকচিন উৎপাদনকাৰী সংস্থাৰ হাতলৈ আহিব?  চৰকাৰৰ দুৰ্বল ভেকচিন-নীতিৰ বাবে আজি ভাৰতত ভেকচিনৰ মাত্ৰাধিক নাটনি হৈছে৷

ভাৰতৰ দৰে জনবহুল তৃতীয় বিশ্বৰ দেশ এখনত নাগৰিকসকলক অতি শীঘ্ৰে ভেকচিন প্ৰদান কৰিব নোৱাৰিলে কোভিডে দেশত নৰক সৃষ্টি কৰিব বুলি বিভিন্ন বিশেষজ্ঞৰ অভিমত আমি শুনিছো৷ চৰকাৰক এই কথা কিয় বুজোৱা হোৱা নাই যে মিথ্যাচাৰ আৰু মিডিয়া মেনেজমেন্টেৰে বিৰোধী দলক নিৰ্বাচনত পৰাস্ত কৰিব পাৰি, ভাৰতীয় জনগণক মূৰ্খ বনাব পাৰি, কিন্তু কৰোনাক পৰাজিত কৰিব নোৱাৰি৷

ভাৰত চৰকাৰৰ ধৰ্মান্ধতা, অজ্ঞতাৰ অহংকাৰ, অদূৰদৰ্শিতা তথা অকৰ্মণ্যতাৰ বাবে আজি ভাৰতত লাখ লাখ মানুহ কোভিডত আক্ৰান্ত হৈছে৷ লাখ লাখ কোভিড ৰোগীয়ে চিকিৎসালয়ত বিছনা নাপাই, উপযুক্ত চিকিৎসা নাপাই নতুবা অক্সিজেনৰ অভাৱত মৃত্যুক সাৱটি ল’বলগীয়া হৈছে৷ চৰকাৰে বিশেষজ্ঞৰ পৰামৰ্শক গুৰুত্ব দি দূৰদৰ্শিতাৰে কৰ্মপন্থা হাতত ল’লে আৰু ৰাজনৈতিক ক্ষমতাৰ লোভ সম্বৰণ কৰি ভাৰতৰ জনগণৰ কথা ভাবিলে আজি ইমানবোৰ মৃতদেহে শ্মশানত, কবৰস্থানত নতুবা গংগাত ভিৰ নকৰিলেহেঁতেন৷

এই দুৰ্ভগীয়া ৰোগীসকলৰ মৃত্যু হোৱা নাই, এওঁলোকক আচলতে হত্যা কৰা হৈছে! কিন্তু কোনে হত্যা কৰিলে এওঁলোকক?  প্ৰধানমন্ত্ৰীয়ে?  চৰকাৰী ব্যৱস্থাই? গোদী মিডিয়াই? নে ধৰ্মান্ধ জণগণে? সমাজৰ বিজ্ঞানবিৰোধী মানসিকতাই? নে অৰ্থনেতিক অনগ্ৰসৰতাই? উত্তৰটো আপুনিয়েই সন্ধান কৰক৷

 

ই-মেইল: [email protected]

Tags: COVID-19
কৌশিক তালুকদাৰ

কৌশিক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd