অসমীয়া সমাজ জীৱনত বিহু বুলি ক’লেই সততে চকুলৈ অহা এখন ছবি, আঠা দৈ আৰু ঘৰৰ আপোন মানুহবোৰৰ সৈতে এসাঁজ জলপান৷
সেয়ে অনান্য ঠাইৰ লগতে টীয়কটো আজি বিহুক লৈ গুৱালৰ মাজত সীমাহীন ব্যস্ততা ম’হৰ খুটিসমূহত।
গুৱালৰ মুখত যেন আজি হাঁহি বিৰিঙিছে৷
কাৰণ বিগত বৰ্ষত ক’ৰোনা মহামাৰী বাবে ৰাজ্যত যি ভয়াৱহ পৰিস্থিতি হৈছিল তাৰ পৰিপেক্ষিতত বিগত বছৰত সেই বিহু উদযাপন কৰিব নোৱাৰিছিল।
যাৰ ফলত ৰাজ্যবাসীযে এই গাখীৰৰ গুৱালসকল সন্মুখীন হৈছিল বৃহৎ লোকচানৰ৷
এইবাৰ বিহুত যদিও ক’ৰোনাৰ কিছু প্ৰভাৱ আছে তথাপিও প্ৰশাসনৰ নীতি নিৰ্দেশনাই কিছু আশা কঢ়িয়াইছে ৰাইজলৈ আৰু সেয়ে একপ্ৰকাৰে গাখীৰৰ খুটিসমূহত বাঢ়িছে ব্যস্ততা৷
যিটোৱে অসমৰ গ্ৰাম্য অৰ্থনীতিলৈ এক আশা বতৰা কঢ়িয়াইছে।