নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp Image 2021-01-25 at 8.53.24 AM

এদিনৰ মুখ্যমন্ত্ৰী সৃষ্টি গোস্বামী।

ৰাষ্ট্ৰীয় শিশু কন্যা দিৱসৰ দিনটোতে এদিনৰ বাবে মুখ্যমন্ত্ৰী হ’ল হৰিদ্বাৰৰ সৃষ্টি গোস্বামী। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসনত প্ৰতীকিৰূপত হ’লেও প্ৰথমবাৰৰ বাবে এইবাৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল এগৰাকী মহিলা।

মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি সৃষ্টিয়ে জানিবলৈ দিলে যে ভৱিষ্যতে সুযোগ পালে তেওঁ ৰাজনীতিত যোগ দিবলৈ সাজু।

দেওবাৰে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰিলে ১৯ বছৰীয়া সৃষ্টিয়ে। বৰ্তমান ৰুৰকিৰ এখন কলেজত কৃষি বিষয়ত স্নাতক শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৬৫শতাংশ কৃষিজীৱী লোকৰ উন্নয়নৰ লগতে শিশু আৰু নাৰীৰ সুৰক্ষা, যুৱ প্ৰজন্মৰ মাদকদ্ৰব্যৰ প্ৰতি আসক্তিৰ বিষয়টো গুৰুত্বপূৰ্ণ সহকাৰে ল’বলৈ পৰামৰ্শ দিয়ে।

সৃষ্টিয়ে কয়,’’ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান (DGP)ক শিক্ষানুষ্ঠানলৈ যোৱাৰ পথত আৰু শিক্ষানুষ্ঠানৰ পৰা ওভতাৰ পথত ছোৱালীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কৈছো।‘’ সৃষ্টিয়ে দিয়া নিৰ্দেশ ৰাজ্যখনৰ শিশু অধিকাৰ আয়োগৰ জৰিয়তে মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ হাতত তুলি দিয়া হৈছে।

সৃষ্টি গোস্বামীয়ে ২০১৮চনত উত্তৰাখণ্ডৰ ‘শিশু বিধানসভা’ত তিনি বছৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। শিশুৰ অধিকাৰ নিশ্চিত তথা শিশুসকলক গণতান্ত্ৰিক ব্যৱস্থাটো সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যৰে সেই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

সৃষ্টিৰ কৃতিত্বত স্বাভাৱিকতেই গৌৰৱান্বিত পিতৃ প্ৰবীণ আৰু মাতৃ সুধা। কন্যাই এনে সন্মান পোৱাৰ বাবে কৃতজ্ঞতাও প্ৰকাশ কৰিছে।

তেওঁলোকে কয় যে সৃষ্টি যি দৃষ্টান্ত দাঙি ধৰিলে তাৰ দ্বাৰা সমাজলৈ এক বাৰ্তা যাব যে ল’ৰাসকলৰ তুলনাত ছোৱালীসকল কোনোগুণে কম নহয়। ছোৱালীসকলেও যি লক্ষ্য স্থিৰ সেয়া পূৰণ কৰিব পাৰে।