মোক ক্ষমা কৰিবা বাইদেউ, মই যাওঁগৈ : যৌন নিৰ্যাতনৰ বলি হৈ চৰম সিদ্ধান্ত ল’লে ১৭ বছৰীয়া ছাত্ৰীয়ে

যৌন নিৰ্যাতনৰ বলি হৈ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী ছাত্ৰীয়ে। বিশাখাপট্টনমৰ এখন মহাবিদ্যালয় ভৱনৰ পৰা জপিয়াই আত্মহত্যা কৰিছে ছাত্ৰীগৰাকীয়ে।

মৃত্যুৰ আগতে নিজৰ পৰিয়াললৈ পঠোৱা এটা বাৰ্তাত আত্মহত্যাৰ কাৰণ উল্লেখ কৰিছে ছাত্ৰীগৰাকীয়ে।

পৰিয়াললৈ প্ৰেৰণ কৰা বাৰ্তা অনুসৰি মহাবিদ্যালয়ত যৌন নিৰ্যাতনৰ বলি হৈছিল ছাত্ৰীগৰাকী। আনকি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ বা আৰক্ষীৰ ওচৰত অভিযোগ দিব পৰা নাছিল ছাত্ৰীগৰাকীয়ে। কাৰণ ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ সময়ত নিৰ্যাতনকাৰীয়ে ছাত্ৰীগৰাকীৰ ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰিছিল আৰু অভিযোগ দাখিল কৰিলে সেইবোৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছিল।

ছাত্ৰীগৰাকীয়ে লিখা বাৰ্তা অনুসৰি ছাত্ৰীগৰাকীৰ আন কেইবাগৰাকী সহপাঠীৰ ওপৰতো তেওঁলোকে যৌন নিৰ্যাতন চলাইছিল।

মৃত্যুৰ আগত জ্যেষ্ঠ ভগ্নীলৈ  ছাত্ৰীগৰাকীয়ে লিখিছিল – “ক্ষমা কৰিবা বাইদেউ, মই যাওঁগৈ।”

ভিছাখাপট্টনমৰ এখন পলিটেকনিক কলেজত অধ্যয়ন কৰি আছিল ভুক্তভোগী ছাত্ৰীগৰাকী।

বৃহস্পতিবাৰে নিশা ১০ বজাত অন্ধ্ৰপ্ৰদেশৰ আনকাপলে জিলাত বাস কৰা ছাত্ৰীগৰাকীৰ পৰিয়ালক ফোন কৰি আৰক্ষীয়ে কৈছিল যে প্ৰতিষ্ঠানটোৰ অভিযোগ অনুসৰি ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈ আছে।

শুকুৰবাৰে পুৱা প্ৰায় ১২.৫০ বজাত ছাত্ৰীগৰাকীয়ে তেলেগু ভাষাত পৰিয়াললৈ প্ৰেৰণ কৰা বাৰ্তাত কৈছিল – “ তোমালোক চিন্তাত নাথাকিবা। মোৰ মৃত্যুৰ কাৰণ তোমালোকক জনাব নোৱাৰোঁ। তোমালোকে বুজিও নাপাবা। মোৰ সঁচাকৈয়ে দুখ লাগিছে। মা আৰু দেউতা, মই কৃতজ্ঞ যে তোমালোকে মোক জন্ম দি ডাঙৰ-দীঘল কৰিলা। মই এই সিদ্ধান্ত লোৱাৰ কাৰণটো হ’ল যে মই এতিয়া আঁতৰি গ’লে কেইবছৰমানৰ বাবে তোমালোকৰ বেয়া লাগিব আৰু পিছত পাহৰি যাবা। কিন্তু, যদি মই ওচৰত থাকোঁ, তেন্তে তোমালোকে সদায় দুখ কৰি থাকিবা।”

আৰক্ষীৰ খবৰ পোৱাৰ পিছতেই ছাত্ৰীগৰাকীৰ পৰিয়াল লগে লগে বিশাখাপট্টনম অভিমুখে ৰাওনা হয় আৰু ইফালে কিছু সময়ৰ পিছত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। 

ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃয়ে জনোৱা মতে, আৰক্ষীক এজাহাৰ দাখিল কৰা হৈছে। 

পিতৃয়ে সাংবাদিকৰ আগত কয় – “মোৰ ছোৱালীজনীৰ মৃত্যু কিয় হ’ল মই জানিব লাগিব। মই তাইক বৰ মৰম আৰু যত্নৰে ডাঙৰ-দীঘল কৰিছিলোঁ। তাই দশম শ্ৰেণীৰ পৰীক্ষাত ভাল নম্বৰ পাইছিল আৰু সেয়ে আমি ইয়াতো ভাল শিক্ষা পাব বুলি বিশ্বাস কৰি এই কলেজত ভৰ্তি কৰি দিছিলোঁ”