দেশত এতিয়া ক’ৰ’নাৰ সংহাৰ চলিছে। এনে সময়ত দেশৰ বহু নীতি-নিয়মৰেই সলনি ঘটাবলগীয়া হৈছে। আয়কৰ প্ৰদানৰ ক্ষেত্ৰতো কৰদাতাসকলক সকাহ দি আয়কৰ প্ৰদানৰ অন্তিম দিন যথেষ্ট বৃদ্ধি কৰা হৈছে।
আয়কৰ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষত আয়কৰ প্ৰদানৰ অন্তিম দিন ক’ৰ’নাতংকৰ বাবেই ৩০ ছেপ্তেম্বৰলৈ বঢ়াই দিয়া হৈছিল।
ইয়াৰ পূৰ্বে আয়কৰ জমা দিয়াৰ অন্তিম দিন ৩১ জুলাই নিৰ্ধাৰণ কৰা হৈছিল।
এতিয়া আয়কৰ বিভাগে আয়কৰ জমা দিয়াৰ দিন পুনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
আয়কৰ জমা দিয়াৰ দিন বৃদ্ধি কৰাৰ সমান্তৰাল ভাবে অডিটৰ কাম-কাজৰো দিন বৃদ্ধি কৰা হৈছে।
বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে হোৱা আলোচনাৰ পিছতেই এনে সিদ্ধান্ত লোৱা হৈছে বুলি আয়কৰ বিভাগৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে।
উল্লেখ্য ক’ৰ’নাৰ সংহাৰৰ বাবে অৰ্থনৈতিকভাবে ক্ষতিৰ সন্মুখীন হৈছে দেশ।
আয়কৰ জমা দিয়াৰ অন্তিম দিন ৩১ ডিচেম্বৰ কৰাৰ ফলত এতিয়া কৰদাতাসকলে হাতত অতিৰিক্ত তিনি মাহ সময় পাব।