কৰদাতালৈ সকাহ: আয়কৰ প্ৰদানৰ সময়সীমা বৃদ্ধি, কেতিয়ালৈ দিব পাৰিব আয়কৰ জমা ?

INCOME_TAX_1200

দেশত এতিয়া ক’ৰ’নাৰ সংহাৰ চলিছে। এনে সময়ত দেশৰ বহু নীতি-নিয়মৰেই সলনি ঘটাবলগীয়া হৈছে। আয়কৰ প্ৰদানৰ ক্ষেত্ৰতো কৰদাতাসকলক সকাহ দি আয়কৰ প্ৰদানৰ অন্তিম দিন যথেষ্ট বৃদ্ধি কৰা হৈছে।

আজি আয়কৰ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষত আয়কৰ প্ৰদানৰ অন্তিম দিন ক’ৰ’নাতংকৰ বাবেই ৩০ ছেপ্তেম্বৰলৈ বঢ়াই দিয়া হৈছে। পূৰ্বে আয়কৰ জমা দিয়াৰক অন্তিম দিন ৩১ জুলাই নিৰ্ধাৰণ কৰা হৈছিল।

আয়কৰ জমা দিয়াৰ দিন বৃদ্ধি কৰাৰ সমান্তৰাল ভাবে অডিটৰ কাম-কাজৰো দিন বৃদ্ধি কৰা হৈছে।

আয়কৰ বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি অডিটৰ কাম-কাজৰ দিন পূৰ্বৰ ৩০ অক্টোৱৰৰ সলনি ৩০ নৱেম্বৰ কৰা হৈছে। সমজাৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে হোৱা আলোচনাৰ পিছতেই এনে সিদ্ধান্ত লোৱা হৈছে বুলি আয়কৰ বিভাগৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে।

একেদৰে আয়কৰ ৰিটাৰ্ণৰ বাবে এটা নতুন প’ৰ্টেল মুকলি কৰা হ’ব। উক্ত প’ৰ্টেলটো মুকলি হ’ব ৭ জুনৰ পৰা।

ইয়াৰ বাবে আয়কৰ বিভাগৰ বৰ্তমানৰ প’ৰ্টেলটো ১ৰ পৰা ৬ জুনলৈ বন্ধ থাকিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য ক’ৰ’নাৰ সংহাৰৰ বাবে ৰাজ্যই ৰাজ্যই এতিয়া লকডাউন চলিছে। ফলত অৰ্থনৈতিকভাবে ক্ষতিৰ সন্মুখীন হৈছে দেশ।