গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত পাখিৰীগুৰিত কৰোনাৰ গণ সংক্ৰমণ ঘটিছে৷
কৃষ্ণাই ৰে’ল ষ্টেচনৰ নিচেই কাষৰীয়া পাখিৰীগুৰি গাঁৱত একেটা পৰিয়ালৰ ১১ সদস্যসহ কৰোনাত আক্ৰান্ত হৈছে মুঠ ৩৬ লোক৷
পৰিস্থিতিৰ দ্ৰুতগতিত অৱনতি লৈ লক্ষ্য ৰাখি ইতিমধ্যে জিলাখনৰ অন্য তিনিটা অঞ্চলৰ লগতে খামাৰ পাখিৰী ধুন্দিপাৰা অঞ্চলটোকো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে৷
সেই অনুসৰিি ৮ মে’ত পাখিৰীগুৰি গাঁৱৰ বাট পথসমূহ বন্ধ কৰি দিয়ে আৰক্ষী প্ৰশাসনে৷ অত্যাবশ্যকীয় সেৱা আৰু অতি জৰুৰী পৰিস্থিতিৰ বাহিৰে কোনো লোককে গাঁওখনত প্ৰৱেশ প্ৰস্থানত বাধা আৰোপ কৰিছে আৰক্ষীয়ে৷
ইয়াৰ ফলত গাঁওখনৰ দৈনিক শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰা লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ ইফালে স্বাস্থ্য বিভাগেও গাঁওখনৰ কৰোনাত আক্ৰান্ত লোকসকলৰ কোনো ধৰণৰ খা খবৰ নকৰাৰ অভিযোগ তুলিছে ৰাইজে৷ মাথোঁ পৰীক্ষা কৰিয়ে দায়িত্ব সামৰা স্বাস্থ্য বিভাগক পৰ্যাপ্ত ঔষধ পাতি যোগান দিবলৈ ৰাইজে দাবী জনাইছে৷

উল্লেখ্য যে গোৱালপাৰা জিলাত কৰোনা ৰোগীৰ সংখ্যাই ইতিমধ্যে প্ৰায় আঠ শৰ ঘৰ স্পৰ্শ কৰাৰ উপক্ৰম হৈছে৷ ইতিমধ্যে জিলাখনত কৰোনাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ১৭ জনকৈ লোক৷
প্ৰণিধানযোগ্য যে কৰোনাৰ দ্বিতীয় লহৰত জিলাখনত চহৰ অঞ্চলতকৈ গ্ৰাম্যাঞ্চলত আক্ৰান্ত হৈছে অধিক লোক৷ ৰোগীৰ সংখ্যাধিক্যলৈ চাই ইতিমধ্যে জিলা প্ৰশাসনে পাখিৰীগুৰিৰ লগতে বৰবৰী, নাৰেংগাবাৰী আৰু ডুবাপাৰা অঞ্চল কেইটাক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে৷