• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নির্বাচন : নেতৃত্বত নিৰ্দলীয়; আছুৰ আধিপত্য

সভাপতি, সাধাৰণ সম্পাদক আৰু উপ সভাপতি পদত জয়ী নিৰ্দলীয় প্ৰাৰ্থী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 3, 2019 8:24 pm
Cotton (1)

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজয়ী কেইগৰাকীমান প্ৰাৰ্থী। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি শান্তিপূৰ্ণভাৱে ঘোষিত হ’ল কটন বিশ্ব বিদ্যালয় ছাত্ৰ একতা সভাৰ ২০১৯-২০ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল।

সভাপতি, সাধাৰণ সম্পাদক আৰু উপ সভাপতি পদত জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী। বাকী ১০ টা পদত আছু সমৰ্থিত প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে দুটা পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হৈছে।

Apply Now

সভাপতি পদত জয়ী হৈছে বুৰঞ্জী বিভাগৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰ হিৰকজ্যোতি পাটোৱাৰী। তেওঁ লাভ কৰিছে সৰ্বমুঠ ১৪২৬ টা ভোট।

উপ সভাপতি পদত জয়ী হৈছে এনথ্ৰ’প’লজি বিভাগৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰী মনিষা ডেকা। মনিষাই লাভ কৰিছে সৰ্বমুঠ ১২৬২ টা ভোট।

সাধাৰণ সম্পাদক পদত জয়ী হৈছে সাংবাদিকতা ও গণ সংযোগ বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ ৰাহুল বৰদলৈ। তেওঁ লাভ কৰিছে ১২৭৩ টা ভোট।

আনহাতে, সহকাৰী সাধাৰণ সম্পাদক পদত আছু সমৰ্থিত ভূগোল বিভাগৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰী অভিলাষা নেওগ জয়ী হৈছে। তেওঁ লাভ কৰিছে ১১০৪ টা ভোট।

কটনিয়ানৰ সম্পাদক পদত জয়ী হৈছে আছু সমৰ্থিত পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ হৃষিকেশ গোস্বামী। তেওঁ লাভ কৰিছে ১৩৩৯ টা ভোট।

সংগীত সম্পাদক পদত জয়ী হৈছে ছাত্ৰ মুক্তি সমৰ্থিত সাংবাদিকতা ও গণ সংযোগ বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী অংকিতা দত্ত। ছাত্ৰীগৰাকীয়ে লাভ কৰিছে ১৪৩৩ টা ভোট।

সাংস্কৃতিক সম্পাদক পদত জয়ী হৈছে আছু সমৰ্থিত ৰাজনৈতিক বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ অনিমেশ ভাগৱতী। ছাত্ৰজনে লাভ কৰিছে ১০৪৩ টা ভোট।

ইপিনে, এথলেটিক্স, ক্ৰিকেট, সমাজ সেৱা, তৰ্ক, ছাত্ৰী জিৰণি কোঠা, লঘু ক্ৰীড়া আৰু টেনিছ, সাঁতোৰ-জিমনাষ্টিকৰ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰিছে।

ইয়াৰ বিপৰীতে ফুটবল সম্পাদক পদত নিৰ্দলীয় আৰু ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত ছাত্ৰ মুক্তি সমৰ্থিত প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।

আনহাতে, মহানগৰীৰ আন এখন আগশাৰীৰ মহাবিদ্যালয় বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এন এছ য়ু আইৰ সমৰ্থিত প্ৰাৰ্থীয়ে আধিপত্য বিস্তাৰ কৰে।

ছাত্ৰ একতা সভাখনৰ সভাপতি পদত হেমাংগ নাথ. উপ সভাপতি পদত দলবীৰ সিং আৰু সাধাৰণ সম্পাদক পদত শুভ্ৰজিত বৰুৱা বিজয়ী হৈছে। এই আটাইকেইগৰাকী এন এছ য়ু আই সমৰ্থিত প্ৰাৰ্থী।

নিৰ্বাচনত এন এছ য়ু আইয়ে মুঠ ৬টা পদ দখল কৰিবলৈ সক্ষম হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd