NORTHEAST NOW (Assamese)

মূলাগাভৰুৰ বেশেৰে মনোনয়ন দিব অহা জোনমনি দেৱী খাউণ্ডে লাভ কৰিলে কিমান ভোট?

May 24, 2019 11:01 am · এন ই নাও নিউজ
Updated: May 24, 2019 11:05 am
জোনমনি দেৱী খাউণ্ডৰ ফাইল ফটো

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে এইবাৰ অসমত লোকসভা নিৰ্বাচনৰ ফলাফলত নাগৰিকত্ব সংশোধনী বিধেয়কে প্ৰভাৱ পেলাব বুলি ভবা হৈছিল যদিও ফলাফলত ইয়াৰ কোনোধৰণৰ প্ৰভাৱ পৰিলক্ষিত নহ’ল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰভাৱ থকা আটাইতকৈ উল্লেখযোগ্য সমষ্টিটো আছিল গুৱাহাটী লোকসভা সমষ্টি। গুৱাহাটীত নাগৰিকত্ব বিধেয়কক মূল ইচ্ছ্যু হিচাপে লৈ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছিল জোনমনি দেৱী খাউণ্ড আৰু উমমান্যু হাজৰিকা।

গুৱাহাটী সমষ্টিত ভোটদান কৰা মুঠ ১৭,৬১,২৪০ গৰাকী ভোটাৰৰ ভিতৰত জোনমনি দেৱী খাউণ্ডে ০.৩১ শতাংশ হাৰেৰে মাত্ৰ ৫৪৮৩ টা ভোট লাভ কৰাৰ বিপৰীতে আন এগৰাকী প্ৰাৰ্থী উপমান্যু হাজৰিকাই ১.২ শতাংশ হাৰেৰে ২১,১৯৩ টা ভোটহে লাভ কৰে।

উল্লেখযোগ্য যে, মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত জোনমনি দেৱী খাউণ্ডে ঘোঁৰাত উঠি মূলাগাভৰুৰ বেশেৰে আহি চমক সৃষ্টি কৰিবৈ চেষ্টা কৰিছিল।

গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী কুইন ওজাই প্ৰতিদ্বন্দ্বি কংগ্ৰেছৰ ববিতা শৰ্মাক বিশাল ব্যৱধানত পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়।

দহখন বিধানসভা আসনযুক্ত গুৱাহাটী লোকসভা সমষ্টিত এইবাৰ  মুঠ ১৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

Related News