যুৱ এছিয়া কাপত ভাৰতে হৰুৱালে পাকিস্তানক; ৰুদ্ধশ্বাস মেচত ৭ ৰানত বিজয়ী তিলকবাহিনী

এদিনীয়া বিশ্বকাপ, টি-২০ বিশ্বকাপৰ পিছতে যুৱ এছিয়া কাপতো পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰিছে। ওমানত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ৰুদ্ধশ্বাস মেচখনত জয়লাভ কৰে তিলক ভাৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়াই।

পাকিস্তান শ্বাহিনছৰ বিৰুদ্ধে ভাৰতে ৭ ৰাণত জয়লাভ কৰে। মেচখনৰ নায়ক হিচাপে পৰিগণিত হয় যুৱ পেচাৰ অংশুল কাম্বোজ। উল্লেখ্য যে যোৱাবাৰ এই প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানৰ হাতত পৰাস্ত হৈছিল ভাৰত। ফলত এইবাৰ তাৰ মধুৰ প্ৰতিশোধ ল’লে তিলকবাহিনীয়ে।

ভাৰতৰ অধিনায়ক তিলকে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অভিষেক শৰ্মা আৰু প্ৰভসিমৰন সিঙে আৰম্ভণিতে আক্ৰমণাত্মক খেলে। অভিষেকে ২২টা বলত ৩৫ ৰান কৰাৰ বিপৰীতে প্ৰভসিমৰনে ১৯টা বলত ৩৬ ৰান সংগ্ৰহ কৰে।

লগতে পঢ়কঃ সোণতকৈও চৰা! বিশ্বৰ আটাইতকৈ দামী পাচলি, এক কেজিৰ দাম কিমান জানেনে?

ইয়াৰ পিছতে অধিনায়ক তিলক আৰু নেহাল ৱাধেৰাই দায়িত্ব চম্ভালে। আৰম্ভণিতে তিলকে কিছু সময় লৈছিল যদিও পিছত চাৰি-ছয় মাৰিবলৈ আৰম্ভ কৰে। তেওঁ ৪৪ ৰান সংগ্ৰহ কৰে। কেকেআৰৰ বেটছমেন ৰমনদীপ সিঙে পৰৱৰ্তী অভাৰত তেনেকুৱা ৰান নাপালেও ১১টা বলত ১৭ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ভাৰতে ৮টা উইকেট হেৰুৱাই ১৮৩ ৰান সংগ্ৰহ কৰে।

ভাৰতে বলিং কৰিবলৈ নমাত আৰম্ভণিতে অংশুলে আঘাত হানে। দ্বিতীয় বলত তেওঁ পাকিস্তানৰ অধিনায়ক মহম্মদ হেৰিছক বোল্ড কৰে। অংশুলৰ চিকাৰ হয় ওমেৰ ইউছুফো। কিছু প্ৰচেষ্টা চলাইছিল ইয়াছিৰ খান আৰু আৰাফাত মিনহাছে। কিন্তু অংশুলৰ লগতে ৰশিখ চালাম আৰু নিশান্ত সিন্ধুৱে দুৰ্দান্ত বলিং কৰে। তাৰ তুলনাত বেছি ৰান দি দিয়ে বৈভৱ অৰোৰাই।

কিন্তু ধাৰাবাহিকভাৱে উইকেট হেৰুওৱাৰ বাবে পাকিস্তানে খেলখনলৈ ঘূৰি অহাৰ সুযোগ নাপালে। তেওঁলোকৰ ইনিংছ ১৭৬ ৰানত স্তব্ধ হৈ পৰে। অৱশেষত ভাৰতে ৭ ৰানত জয়লাভ কৰে। ৩৩ ৰানত ৩টা উইকেট দখল কৰি খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় অংশুল।

সংক্ষিপ্ত স্কোৰঃ

ভাৰত এ: ১৮৩/৮ (অভিষেক ৩৫, তিলক ৪৪)

পাকিস্তান শ্বাহিনছঃ ১৭৬/৭ (আৰাফাত ৪১, অংশুল ৩৩/৩)

ভাৰতে ৭ ৰানত জয়লাভ কৰে।