NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে ভোটদানৰ পৰা পুনৰ বিৰত থাকিল ভাৰত

February 28, 2022 4:50 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: February 28, 2022 4:55 pm

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধকলৈ ভাৰতেও বহু চিন্তা-চৰ্চা কৰিহে আগুৱাবলগীয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় নীতি, কূটনৈতিক সম্পৰ্ক আদি সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে।

সেইবাবেই আজিও ভাৰতে ৰাষ্ট্ৰসংঘৰ মজিয়াত পুনৰ ৰাছিয়াৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত থাকি নিৰপেক্ষ চৰিত্ৰ বজাই ৰাখে।

উল্লেখ্য ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ অধিৱেশন আহ্বান কৰাৰ বাবে যি প্ৰস্তাৱ উত্থাপন কৰা হৈছিল সেই প্ৰস্তাৱৰ সপক্ষে অথবা বিপক্ষে ভোটদানৰ পৰা বিৰত থাকে ভাৰত।

ভাৰতৰ উপৰি সংযুক্ত আৰৱ গণৰাজ্য আৰু চীনেও পূৰ্বৰ দৰেই আজিও ভোটদানৰ পৰা বিৰত থাকে।

উল্লেখ্য ইয়াৰ পূৰ্বেও ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণক গৰিহণা দি আমেৰিকাই অনা প্ৰস্তাৱৰ সপক্ষে অথবা বিপক্ষে ভোটদানৰ পৰা বিৰত আছিল ভাৰত।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মজিয়াত ৰাছিয়াক গৰিহণা দি এক প্ৰস্তাৱত উত্থাপন কৰা হৈছিল।

প্ৰস্তাৱটোত আমেৰিকাই ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ “আক্ৰমণ”ক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। এই প্ৰস্তাৱ গৃহীত কৰাৰ বাবে নিৰাপত্তা পৰিষদৰ মজিয়াত ভোট অনুষ্ঠিত হয় যদিও ভাৰত আৰু চীনে ভোটদানৰ পৰা বিৰত থাকে।
ভোটদানৰ পৰা বিৰত থকাৰ প্ৰসংগত ভাৰতে  এইবুলি কৈছে যে বিবাদ নিষ্পত্তি কৰাৰ একমাত্ৰ উপায় হৈছে আলোচনাত বহা ।

উল্লেখ্য ৰাছিয়াই আমেৰিকা আৰু আলবেনিয়াই উত্থাপন কৰা প্ৰস্তাৱত ভেটো দিছিল।

আমেৰিকা যুক্তৰাজ্য, ব্ৰিটেইন আৰু ফ্ৰান্সকে ধৰি নিৰাপত্তা পৰিষদৰ বাকী ১১ খন সদস্য ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ সপক্ষে ভোট দিছিল যদিও ৰাছিয়াই ভেটো দিয়াৰ বাবে প্ৰস্তাৱটো গৃহীত হোৱা নাছিল।

Related News