• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে ভোটদানৰ পৰা পুনৰ বিৰত থাকিল ভাৰত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 28, 2022 4:50 pm
302
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধকলৈ ভাৰতেও বহু চিন্তা-চৰ্চা কৰিহে আগুৱাবলগীয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় নীতি, কূটনৈতিক সম্পৰ্ক আদি সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে।

সেইবাবেই আজিও ভাৰতে ৰাষ্ট্ৰসংঘৰ মজিয়াত পুনৰ ৰাছিয়াৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত থাকি নিৰপেক্ষ চৰিত্ৰ বজাই ৰাখে।

উল্লেখ্য ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ অধিৱেশন আহ্বান কৰাৰ বাবে যি প্ৰস্তাৱ উত্থাপন কৰা হৈছিল সেই প্ৰস্তাৱৰ সপক্ষে অথবা বিপক্ষে ভোটদানৰ পৰা বিৰত থাকে ভাৰত।

ভাৰতৰ উপৰি সংযুক্ত আৰৱ গণৰাজ্য আৰু চীনেও পূৰ্বৰ দৰেই আজিও ভোটদানৰ পৰা বিৰত থাকে।

উল্লেখ্য ইয়াৰ পূৰ্বেও ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণক গৰিহণা দি আমেৰিকাই অনা প্ৰস্তাৱৰ সপক্ষে অথবা বিপক্ষে ভোটদানৰ পৰা বিৰত আছিল ভাৰত।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মজিয়াত ৰাছিয়াক গৰিহণা দি এক প্ৰস্তাৱত উত্থাপন কৰা হৈছিল।

প্ৰস্তাৱটোত আমেৰিকাই ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ “আক্ৰমণ”ক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। এই প্ৰস্তাৱ গৃহীত কৰাৰ বাবে নিৰাপত্তা পৰিষদৰ মজিয়াত ভোট অনুষ্ঠিত হয় যদিও ভাৰত আৰু চীনে ভোটদানৰ পৰা বিৰত থাকে।
ভোটদানৰ পৰা বিৰত থকাৰ প্ৰসংগত ভাৰতে  এইবুলি কৈছে যে বিবাদ নিষ্পত্তি কৰাৰ একমাত্ৰ উপায় হৈছে আলোচনাত বহা ।

উল্লেখ্য ৰাছিয়াই আমেৰিকা আৰু আলবেনিয়াই উত্থাপন কৰা প্ৰস্তাৱত ভেটো দিছিল।

আমেৰিকা যুক্তৰাজ্য, ব্ৰিটেইন আৰু ফ্ৰান্সকে ধৰি নিৰাপত্তা পৰিষদৰ বাকী ১১ খন সদস্য ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ সপক্ষে ভোট দিছিল যদিও ৰাছিয়াই ভেটো দিয়াৰ বাবে প্ৰস্তাৱটো গৃহীত হোৱা নাছিল।

Recent News

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

ৰাইজৰ ধনৰ শৰাধ! মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ টকালৈ বৃদ্ধি দিল্লীৰ বিজেপি চৰকাৰৰ

ৰাইজৰ ধনৰ শৰাধ! মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ টকালৈ বৃদ্ধি দিল্লীৰ বিজেপি চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd