বিজেপিৰ হৈ পক্ষপাতিত্ব কৰাৰ অভিযোগ তুলি ফেচবুক, গুগললৈ পত্ৰ INDIA মিত্ৰজোঁটৰ

ইণ্ডিয়া মহাজোঁটে ফেচবুকক বিজেপিৰ হৈ পক্ষপাতিত্ব কৰা বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ মতে, মাৰ্ক জুকাৰবাৰ্গৰ ফেচবুকে শাসকীয় বিজেপিৰ সাম্প্ৰদায়িক ঘৃণা বিয়পাই দিয়া অভিযানক সমৰ্থন জনাইছে। ইয়াৰ বাহিৰেও ফেচবুক, হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়া চাইটত বিৰোধীক দমন কৰাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

এই অভিযোগ উত্থাপন কৰি ইণ্ডিয়া জোঁটে ফেচবুকৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ আৰু গুগলৰ চিইঅ’ সুন্দৰ পিচাইলৈ পত্ৰ প্ৰেৰণ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে পত্ৰখন। পত্ৰখনত ফেচবুকক ভাৰতত সামাজিক বৈষম্যৰ প্ৰচাৰ আৰু সাম্প্ৰদায়িক ঘৃণা উচটনি দিয়াৰ বাবে দোষাৰোপ কৰা হৈছে।

লগতে পঢ়কঃ নতুন প্ৰতিবেদনৰ দাবীঃ বিদেশৰ পৰা কয়লা আমদানিৰ খৰচ বৃহৎ হাৰত বঢ়াই দেখুৱাই বিপুল মুনাফা লুটিছে আদানীয়ে!

২৮টা ৰাজনৈতিক দলৰ ইণ্ডিয়া এলায়েন্সে শাসকীয় বিজেপিৰ সাম্প্ৰদায়িক বিৰোধী অপপ্ৰচাৰত সহায় কৰা হোৱাটছএপ, ফেচবুক আৰু ইউটিউবৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। পত্ৰখনত ৱাশ্বিংটন পোষ্টৰ এক প্ৰতিবেদনৰ কথা উল্লেখ কৰা হৈছে, য’ত দাবী কৰা হৈছিল যে কেনেকৈ বিজেপিৰ নেতা-কৰ্মীয়ে হোৱাটছএপ গ্ৰুপৰ জৰিয়তে বিভাজনমূলক অপপ্ৰচাৰ চলাইছিল।

পত্ৰখনত আন এক সংবাদ মাধ্যমৰ বাতৰিৰ কথাও উল্লেখ কৰা হৈছে, য’ত ফেচবুক আৰু গুগলৰ বিষয়াসকলে চৰকাৰৰ প্ৰতি নৰম পন্থা গ্ৰহণ কৰা বুলি দাবী কৰা হৈছে। অভিযোগ উত্থাপন হৈছে যে সেইক্ষেত্ৰত পক্ষপাতিত্ব কৰা হৈছে।

পত্ৰখনত কোৱা হৈছে, ‘আমাৰ হাতত তথ্য আছে, আমাৰ হাতত প্ৰমাণ আছে যে বিৰোধী কন্টেন্ট দমন কৰা হৈছে আৰু শাসক দলৰ কন্টেন্ট আপোনাৰ প্লেটফৰ্মত প্ৰচাৰ কৰা হৈছে।’ পত্ৰখনত সতৰ্ক কৰি দি কোৱা হৈছে যে এটা বেচৰকাৰী বিদেশী কোম্পানীৰ এই ধৰণৰ পক্ষপাতমূলক পদক্ষেপৰ দ্বাৰা ভাৰতৰ গণতন্ত্ৰত হস্তক্ষেপ কৰা হৈছে। এইটো কৰিব নোৱাৰি।

লগতে পঢ়কঃ ২৪ ঘন্টাৰ ভিতৰত ১০ লাখ পেলেষ্টাইনীক গাজাৰ উত্তৰাঞ্চল এৰি যোৱাৰ নিৰ্দেশ দিলে ইজৰাইলে

অহা বছৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়তে ইণ্ডিয়া জোঁটে মাৰ্ক জুকাৰবাৰ্গক এই অভিযোগক গুৰুত্বসহকাৰে ল’বলৈ কয়। তদুপৰি তেওঁৰ সামাজিক মঞ্চসমূহ যাতে নিৰপেক্ষ হৈ থাকে তাৰ বাবে মিত্ৰজোঁটে আবেদন জনাইছে।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই পত্ৰখন শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে ভাৰতৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মেটাৰ সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মক নিৰপেক্ষ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।‘