• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ উত্তপ্ত ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক! কানাডাৰ ৬ গৰাকী ‘ৰাষ্ট্ৰদূত’ক দিল্লী এৰাৰ নিৰ্দেশ, অট’ৱা এৰিছে ভাৰতীয় ৰাষ্ট্ৰদূতেও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2024 8:27 am
কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডো আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী। ফাইল ফটোঃ সংগ্ৰহীত।

কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডো আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী। ফাইল ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খালিস্তানপন্থী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জৰৰ হত্যাৰ প্ৰসংগই ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক পুনৰ উত্তপ্ত কৰি তুলিছে। কানাডাই ভাৰতীয় উচ্চায়ুক্তগৰাকীক এই হত্যাকাণ্ডত জড়িত বুলি অভিযোগ উত্থাপন কৰিছে। ভাৰতে এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

কানাডাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জয় কুমাৰ ভাৰ্মাক দেশলৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিল্লীত নিয়োজিত ৬ জন কানাডাৰ কূটনীতিবিদক দেশ এৰি যাবলৈ নিৰ্দেশ দিছে।

যোৱা বছৰৰ জুন মাহত হৰদীপ সিং নিজ্জৰক হত্যা কৰা হৈছিল। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ট্ৰুডোৱে নিজেই অভিযোগ কৰে যে ভাৰতৰ চোৰাংচোৱা সংস্থা নিজ্জৰ হত্যাকাণ্ডত জড়িত। অৱশ্যে সেই সময়ত দিল্লীয়ে এই ‘ভিত্তিহীন অভিযোগ’ খাৰিজ কৰিছিল। সঞ্জয় কুমাৰ ভাৰ্মাৰ বিৰুদ্ধে কানাডাৰ তদন্তকাৰী সংস্থাৰ বিবৃতিত পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে।

Apply Now

ভাৰতীয় উচ্চায়ুক্ত সঞ্জয় কুমাৰ ভাৰ্মা এই গোচৰত ‘স্বাৰ্থ সম্পৰ্কিত ব্যক্তি’ বুলি তেওঁলোকে দাবী কৰে। মূলতঃ কূটনৈতিক সুৰক্ষাৰ বাবেই তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ল। এই মন্তব্যৰ পিছত দিল্লীয়ে পাছলৈ ভাৰতত থকা কানাডাৰ ৰাষ্ট্ৰদূত ষ্টুয়াৰ্ট হুইলাৰক তলব কৰে। তেওঁৰ পৰা গোটেই বিষয়োৰ বাখ্যা বিচৰা হ’ল। স্পষ্টকৈ কৰা হৈছে যে কানাডা চৰকাৰে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন।

সোমবাৰে এই বিষয়ক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে। তাত কোৱা হৈছে, বাৰে বাৰে অনুৰোধ কৰা হৈছিল। কিন্তু কানাডা চৰকাৰে নিজ্জৰ হত্যাকাণ্ডত ভাৰত জড়িত থকাৰ কোনো প্ৰমাণ দাঙি ধৰা নাই। এতিয়া ভোট বেংকৰ স্বাৰ্থত ভাৰতক অপমান কৰা হৈছে। সাম্প্ৰতিক পৰিস্থিতিত কানাডা চৰকাৰে ৰাষ্ট্ৰদূত সঞ্জয় কুমাৰক নিৰাপত্তা প্ৰদান কৰিব বুলি কোনো আশা নাই। যাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জয় কুমাৰ ভাৰ্মা আৰু কানাডা চৰকাৰে লক্ষ্য কৰি লোৱা অন্যান্য কূটনীতিবিদসকলক ঘৰলৈ উভতি আহিবলৈ নিৰ্দেশ দিয়া হৈছে।

আনহাতে, বিশেষজ্ঞসকলে দাবী কৰে যে কানাডা চৰকাৰৰ এই আচৰণৰ কাৰণ হ’ল কানাডাৰ আসন্ন সংসদীয় নিৰ্বাচন। সেইবাবেই নতুনকৈ নিজ্জৰ হত্যা প্ৰসংগ টানি আনি ট্ৰুডো চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে। লক্ষ্য হৈছে উগ্ৰ খালিস্তানী গোটসমূহৰ সমৰ্থন লাভ কৰা।

ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিল্লীত থকা ৬ জন কানাডাৰ কূটনীতিবিদক দেশ এৰি যাবলৈ কৈছে। অহা শনিবাৰে নিশা ১১:৫৯ বজাৰ ভিতৰত এই দেশ এৰি যাব লাগিব। এই তালিকাত আছে ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত ষ্টুয়াৰ্ট ৰছ হুইলাৰ, উপ উচ্চায়ুক্ত পেট্ৰিক হেবাৰ্টৰ লগতে ৪ জন সচিব।

উল্লেখ্য যে যোৱা বছৰৰ ১৮ জুনত কানাডাত আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল খালিস্তান টাইগাৰ ফৰ্চ সংগঠনৰ মুৰব্বী হৰদীপ সিং নিজ্জৰক। ভাৰত চৰকাৰৰ উগ্ৰপন্থীৰ হিট লিষ্টৰ প্ৰথম শাৰীত এই উগ্ৰপন্থীৰ নাম আছিল। মৃত্যু বাৰ্ষিকী উপলক্ষে কানাডাৰ হাউছ অৱ কমনছৰ অধ্যক্ষ গ্ৰেগ ফ’গাৰ্ছে নিজ্জৰৰ বাবে শোক বাৰ্তা পাঠ কৰে। ইয়াৰ পিছতে তেওঁ বৰ্তমানৰ সাংসদসকলক নিজ্জৰৰ মৃত্যুত এক মিনিট মৌনতা অৱলম্বন কৰিবলৈ কয়।

কানাডাৰ সংসদত এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰম্ভ হয় এক নতুন বিতৰ্কৰ। প্ৰধানমন্ত্ৰী ট্ৰুডোৱে অভিযোগ কৰে যে এই হত্যাকাণ্ডৰ আঁৰত ভাৰত আছে। সেই ঘটনাই ভাৰত-কানাডাৰ সম্পৰ্ক পুনৰ উত্তপ্ত কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd