আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা এক নতুন বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা!

কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদ ৰোধৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ সৈতে ২২ অক্টোবৰত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত চীনত বাহৰ পাতি থকা আলফা (স্বা)ৰ সেনাধ্যক্ষৰ পৰেশ বৰুৱাৰ লগতে আন আন ভাৰতীয় উগ্ৰপন্থীসকলক কৰায়ত্ত কৰাত ভাৰত সক্ষম হ’ব।

গতিকে দীৰ্ঘদিন চীনত বাহৰ পাতি থকা আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আগন্তুক দিনত এক নতুন বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আহি পৰিছে।

২২ অক্টোবৰত এই চুক্তিখনত স্বাক্ষৰ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ ৰাজহুৱা নিৰাপত্তা বিভাগৰ মন্ত্ৰী ঝাও খেঝিয়ে।

মন কৰিব লগীয়া যে দীৰ্ঘদিন ধৰি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগতে উত্তৰ-পূবৰ আন কেইবাটাও উগ্ৰপন্থী সংগঠনৰ সদস্যসকলে চীনত আশ্ৰয় লৈ থকাৰ ফলত তেওঁলোকক কৰায়ত্ত কৰাত অসম চৰকাৰ তথা ভাৰত চৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছে।

কিন্তু বৰ্তমান এই চুক্তি স্বাক্ষৰিত হ’লে চীনত থকা উগ্ৰপন্থী সদ্যসসকলক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত চুবুৰীয়া ৰাষ্ট্ৰখনক হেঁচা দিবলৈ সক্ষম হ’ব ভাৰত চৰকাৰ।