অগ্নিগৰ্ভ ৰাখাইন; ভাৰতীয় নাগৰিকক অনতিপলমে ম্যানমাৰ এৰাৰ পৰামৰ্শ ভাৰত চৰকাৰৰ

ম্যানমাৰৰ ৰাখাইন প্ৰদেশ। ফটোঃ সংগ্ৰহীত।

ম্যানমাৰৰ ৰাখাইন পুনৰ অশান্ত হৈ পৰিছে। সেই দেশৰ বিদ্ৰোহৰ জুইত জ্বলি উঠিছে প্ৰদেশখন। তাত থকা লোকসকলে নিৰাপত্তাৰ অভাৱত ভুগিছে। এনে পৰিস্থিতিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ নাগৰিকক ৰাখাইনলৈ নাযাবলৈ অনুৰোধ জনাইছে। কেৱল সেয়াই নহয়, দেশৰ নাগৰিকক ৰাখাইন এৰি যাবলৈ অনুৰোধ জনাই এক বিবৃতি জাৰি কৰা হৈছে।

ম্যানমাৰৰ ৰাখাইনত ক্ৰমাৎ বৃদ্ধি পোৱা হিংসাত্মক পৰিস্থিতিত ভাৰতৰ নাগৰিকৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে ৰাখাইনৰ নিৰাপত্তা পৰিস্থিতি অৱনতি ঘটিছে।

লেণ্ডলাইনকে ধৰি সমগ্ৰ টেলিকমিউনিকেচন ব্যৱস্থাটো কাৰ্যতঃ ধ্বংস হৈছে। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱৰ বাবে চাহিদা বাঢ়িছে। এনে পৰিস্থিতিত ভাৰতীয় নাগৰিকে ৰাখাইনলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।

তদুপৰি, ‘ইতিমধ্যে ৰাখাইনত থকা ভাৰতীয় নাগৰিকসকলক অনতিপলমে সেই প্ৰদেশ এৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে।’ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আগতেই দেশৰ নাগৰিকসকলক নিৰাপদে ভাৰতলৈ ঘূৰাই অনাৰ উদ্যোগ লৈছে ভাৰত চৰকাৰে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সামৰিক অভ্যুত্থানৰ পিছৰে পৰা ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত বাৰে বাৰে বিদ্ৰোহ চলি আহিছে। যোৱা বছৰৰ অক্টোবৰৰ পৰা সশস্ত্ৰ জনগোষ্ঠী আৰু ম্যানমাৰ সেনাৰ মাজত তীব্ৰ যুদ্ধৰ সূচনা হৈছে।

যোৱা বছৰৰ নৱেম্বৰৰ পৰা দেশৰ তিনিটা বিদ্ৰোহী গোটৰ নতুন মিত্ৰতা ব্ৰাদাৰহুড এলায়েন্স- টাং নেচনেল লিবাৰেশ্যন আৰ্মী (টিএনএলএ), আৰাকান আৰ্মী (এএ) আৰু ম্যানমাৰ নেচনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মী (এমএনডিএএ)-এ সামৰিক জুন্টা বাহিনীৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰিছে।

তেতিয়াৰ পৰাই ভাৰতৰ সীমান্তৱৰ্তী ম্যানমাৰৰ কেইবাটাও অঞ্চল অস্থিৰ হৈ পৰিছে। ইয়াৰ ফলত মণিপুৰ আৰু মিজোৰামৰ নিৰাপত্তা ব্যৱস্থাতো প্ৰভাৱ পৰিছে। যিটো ভাৰতৰ বাবে অন্যতম মূৰৰ বিষৰ কাৰণ হৈ পৰিছে।

ম্যানমাৰৰ সেনাই বিৰোধীক লক্ষ্য কৰি বিমান আক্ৰমণ চলাইছে। জানিব পৰা মতে, ৰাখাইন প্ৰদেশৰ ৰামৰি চহৰৰ ৰামৰি বিমানবন্দৰৰ পৰাই এই আক্ৰমণৰ পৰিকল্পনা কৰা হৈছে। দেশৰ পৰিস্থিতি কেতিয়া স্বাভাৱিক হ’ব সেই লৈ চিন্তিত হৈ পৰিছে ম্যানমাৰৰ সাধাৰণ জনতা। প্ৰাণ ৰক্ষাৰ বাবে মাথোঁ ইখন প্ৰদেশৰ পৰা আন এখন প্ৰদেশলৈ দৌৰি পলাইছে।