• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্পৰ ‘ব’ৰ্ড অফ পীচ’ত ভাৰত! গাজা বিষয়ক প্ৰথমখন বৈঠকত নতুন দিল্লী, সলনি কূটনৈতিক স্থিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2026 10:47 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাজা সংঘাতক কেন্দ্ৰ কৰি আন্তৰ্জাতিক কূটনীতিত এক নতুন সমীকৰণৰ সৃষ্টি হৈছে, আৰু ভাৰত এতিয়া সেই পৰিৱৰ্তনৰ কেন্দ্ৰবিন্দু। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উদ্যোগত গঠন হোৱা ‘ব’ৰ্ড অফ পীচ’ৰ প্ৰথমখন বৈঠকত সদস্য হিচাপে নহয় যদিও পৰ্যবেক্ষক হিচাপে নতুন দিল্লীয়ে অংশগ্ৰহণ কৰিছে।

ভাৰতে যি পদক্ষেপৰ পৰা কিছু সপ্তাহ পূৰ্বেও দূৰত্ব বজাই ৰাখিছিল, তাত হঠাৎ অংশগ্ৰহণে কূটনৈতিক মহলত নতুন জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।

Apply Now

বৃহস্পতিবাৰে ৱাশ্বিংটন ডি চিত অনুষ্ঠিত বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰে আমেৰিকাত থকা ভাৰতীয় দূতাবাসৰ চাৰ্জ ডি এফেয়াৰ্ছ নমজ্ঞ চি খাম্পাই। উল্লেখযোগ্য যে জানুৱাৰী মাহত ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত ‘ব’ৰ্ড অফ পীচ’ আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সময়ত ভাৰত উপস্থিত নাছিল। সেই সময়ত বহুতে ভাবিছিল যে নতুন দিল্লীয়ে ট্ৰাম্পৰ এই পদক্ষেপত যোগদান কৰিবলৈ অনিচ্ছুক।

‘ব’ৰ্ড অফ পীচ’ ঘোষণাৰ সময়ত ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ভাৰতক যোগদান কৰিবলৈ আমন্ত্ৰণ জনাই এখন পত্ৰ লিখিছিল। কেৱল ভাৰতেই নহয়, পশ্চিম ইউৰোপৰ কেইবাখনো দেশেও প্ৰথম পৰ্যায়ত এই পদক্ষেপৰ পৰা দূৰত্ব বজাই ৰাখিছিল। ফলত আন্তঃৰাষ্ট্ৰীয় সমাজত এই প্ৰকল্পৰ গ্ৰহণযোগ্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছিল।

শেহতীয়াকৈ ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিৰ ঘোষণাৰ পিছত পৰিস্থিতি সলনি হ’বলৈ আৰম্ভ কৰে। সেই ঘোষণাৰ পিছৰে পৰা ভাৰতে ‘ব’ৰ্ড অফ পীচ’ত নিজৰ স্থিতি পুনৰ বিবেচনা কৰাৰ ইংগিত পোৱা গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতে গাজাকে ধৰি পশ্চিম এছিয়াত দীৰ্ঘম্যাদী শান্তি স্থাপনৰ পদক্ষেপক নীতিগতভাৱে সমৰ্থন কৰে আৰু অংশগ্ৰহণৰ কথা চিন্তা কৰিছে।

কূটনৈতিক বিশ্লেষকৰ একাংশৰ মতে ‘ব’ৰ্ড অফ পীচ’ৰ বৈঠকত ভাৰতে অংশগ্ৰহণ কৰাটো বাণিজ্য চুক্তিৰ পিছত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ কৌশল। যদিও এই বিষয়ত চৰকাৰৰ পৰা কোনো প্ৰত্যক্ষ মন্তব্য হোৱা নাই।

এই বৈঠকত মুঠ ৫০খন দেশে অংশগ্ৰহণ কৰে, ইয়াৰে পাকিস্তানকে ধৰি ২৭খন দেশ ইতিমধ্যে ব’ৰ্ডৰ সদস্য হৈ পৰিছে। সূত্ৰ অনুসৰি ৯খন সদস্য দেশে গাজাৰ পুনৰ নিৰ্মাণ আৰু শান্তি প্ৰক্ৰিয়াৰ বাবে প্ৰায় ৭ বিলিয়ন ডলাৰ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। আমেৰিকাই নিজেও বৃহৎ পৰিমাণৰ ধন আবণ্টনৰ কথা ঘোষণা কৰিছে যদিও এই ধন কেনেকৈ ব্যয় কৰা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

বিশ্লেষকসকলে দাবী কৰিছে যে এই ব’ৰ্ড গঠনৰ কাৰণ হৈছে ট্ৰাম্প প্ৰশাসনে ৰাষ্ট্ৰসংঘৰ সমান্তৰালভাৱে আন্তঃৰাষ্ট্ৰীয় গাঁথনি গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। যদিও আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পোনপটীয়াকৈ এই অভিযোগ অস্বীকাৰ কৰিছে। কিন্তু এজন পৰ্যবেক্ষক হিচাপে ভাৰতৰ অংশগ্ৰহণে স্পষ্টভাৱে ইংগিত দিয়ে যে নতুন দিল্লীয়ে এতিয়া গাজা বিষয়ত কূটনৈতিক ভাৰসাম্যৰ পথত আগবাঢ়িছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd