• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বকাপৰ প্ৰতিশোধ! কোহলীৰ বিৰাট বেটিং বিক্ৰমেৰে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2025 7:44 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইচিচি প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া এক ভয়ংকৰ প্ৰতিদ্বন্দ্বী। আইচিচি প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত অষ্ট্ৰেলিয়া মানেই এক দুঃস্বপ্ন। ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত ভাৰতে সেই আতংক সহ্য কৰিবলগীয়া হৈছিল।

মঙলবাৰে টিম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ অহংকাৰ ভংগ কৰি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তাৰ লগতে অষ্ট্ৰেলিয়াৰ অভেদ্য মিথটোও ভাঙি পেলোৱাৰ প্ৰত্যাহ্বান। ডুবাইত একেলগে সেই দুটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল টিম ইণ্ডিয়াই।

Apply Now

২০২৩ চনৰ বিশ্বকাপত পৰাজয়ৰ মধুৰ প্ৰতিশোধ লৈ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিলে ৰোহিতৰ ব্ৰিগেডে। ভাৰতে ৪ উইকেটত জয়লাভ কৰে। তাকো সেই বিৰাট কোহলীৰ সৌজন্যত।

ভাৰতৰ বাবে লক্ষ্য আছিল ২৬৫ৰান। ডুবাইৰ স্লো টাৰ্নাৰ পিচত কামটো একেবাৰেই সহজ নাছিল। টিম ইণ্ডিয়াৰ আৰম্ভণিও আছিল অস্বস্তিকৰ। ৩০ ৰানত প্ৰথম উইকেটৰ পতন। অধিনায়ক ৰোহিত শৰ্মাই দলৰ ৪৩ ৰানত পেভলিয়নলৈ ৰাওনা হয়। সেয়ে চাপ পৰিল দলৰ ওপৰত। সেই চাপৰ সন্মুখীন হৈ বিৰাটে আকৌ এবাৰ নিজৰ স্বাভাৱিক শৈলীত যুঁজিবলৈ আৰম্ভ কৰিলে।

প্ৰথমতে সংগী শ্ৰেয়াছ আয়াৰ। শ্ৰেয়াস-কোহলীৰ ৯০ ৰানৰ পাৰ্টনাৰশ্বিপে ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনে। হঠাতে ৪৫ ৰানত আউট হয় শ্ৰেয়াছ। তাৰ পিছত আকৌ যেতিয়া যুটী বন্ধাটো একেবাৰে প্ৰয়োজনীয়, এইবাৰ অক্ষৰৰ লগত আৰম্ভ কৰিলে বিৰাটে। ৪৪ ৰানৰ দ্ৰুতগতিৰ পাৰ্টনাৰশ্বিপ। ইফালে বিৰাটে অৰ্ধশতক অতিক্ৰম কৰে।

অক্ষৰ আউট হোৱাৰ পিছত তেওঁ পুনৰ ৰাহুলৰ সৈতে যুটী বান্ধিলে। তেওঁ দলৰ স্ক’ৰ ২২৫ ৰানলৈ বৃদ্ধি কৰে। ৯৮টা বলত ৮৪ ৰান সংগ্ৰহ কৰি যেতিয়া কোহলী উভতি আহিছিল, তেতিয়া দলটো যে জয়ী হ’ব তাত কোনো সন্দেহ নাছিল। বাকী কামখিনি কে এল ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াই কৰিছিল।

ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ২৬৪ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ বাবে দিনটোৰ আৰম্ভণি ভাল নাছিল। মেচখনৰ তৃতীয় অভাৰত ছামীয়ে যুৱ অ’পেনাৰ কুপাৰক ঘূৰাই পঠিয়ায়। কিন্তু প্ৰথম উইকেটৰ পিছতে ট্ৰেভিছ হেডে আক্ৰমণাত্মক ভূমিকা গ্ৰহণ কৰে। কিন্তু বৰুণ চক্ৰৱৰ্তীয়ে বহু ক্ষতি কৰাৰ আগতেই হেডক ঘূৰাই পঠালে। যদিও হেডে ৩৯ ৰানত আউট হৈছিল, স্মিথ-লাবুশ্বেনৰ পাৰ্টনাৰশ্বিপে ভাৰতৰ মূৰৰ কামোৰণি সৃষ্টি কৰিছিল।

অষ্ট্ৰেলিয়াৰ স্ক’ৰ যেতিয়া ১১০ ৰান হয়, তেতিয়া ৰবীন্দ্ৰ জাদেজাই লাবুশ্বানক ঘূৰাই পঠিয়ায়। জাডেজাই ক্ষিপ্ৰতাৰে ইংলিছকো (১১) ঘুৰাই পঠালে। ইফালে স্মিথে অৰ্ধশতক অৰ্জন কৰে। তাৰ পিছত কেৰীৰ সৈতে ৰানৰ গতি বৃদ্ধি কৰিবলৈ ধৰে। যেতিয়া স্মিথ ৭৩ ৰানত আউট হৈছিল, তেতিয়া অষ্ট্ৰেলিয়াৰ স্ক’ৰ আছিল ৫ উইকেটত ১৯৮ ৰান।

তাৰ পাছত অক্ষৰ পেটেলে সোনকালেই মেক্সৱেলক ঘূৰাই পঠিয়ালে। মেক্সৱেল আৰু স্মিথ আউট হোৱাৰ লগে লগে ৰান ৰেট অলপ লেহেমীয়া হ’ল। কিন্তু এলেক্স কেৰীয়ে এটা মূৰৰ পৰা যুঁজ দি থাকিল। শেষত ৫৭টা বলত ৬১ ৰান সংগ্ৰহ কৰি তেওঁ ৰান আউট হয়। কেৰীৰ ইনিংছে অষ্ট্ৰেলিয়ান দলটোক ২৫০ ৰানৰ সীমালৈ লৈ যায়। অৱশ্যে কেৰী আউট হোৱাৰ পাছত অষ্ট্ৰেলিয়াই বেছি ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। শেষত ৪৯ অভাৰ আৰু ৩ বলত ২৬৪ ৰানত তেওঁলোকৰ ইনিংছ শেষ হয়।

চেম্পিয়নছ ট্ৰফীৰ নকআউটৰ দৰে মেচত এই ৰান সংগ্ৰহ কৰাটো সহজ কাম নাছিল। কিন্তু সেই লক্ষ্যত উপনীত হ’বলৈ টিম ইণ্ডিয়াই বিশেষ সংগ্ৰাম কৰিব নালাগিল৷ ভাৰতৰ বিজয়ৰ স্থপতি নিঃসন্দেহে বিৰাট কোহলী। কিন্তু মহম্মদ ছামী, শ্ৰেয়াছ আয়াৰ, অক্ষৰ পেটেল আৰু ৰবীন্দ্ৰ জাদেজাৰ অৱদানক কোনোপধ্যে আওকাণ কৰিব নোৱাৰি।

সংক্ষিপ্ত স্কোৰঃ

অষ্ট্ৰেলিয়া: ২৬৪ (স্মিথ ৭৩, কেৰী ৬১, ছামী ৩-৪৮)

ভাৰতঃ ২৬৭-৬ (কোহলী ৮৪, শ্ৰেয়াছ আয়াৰ ৪৫)

ভাৰতে ৪ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd