ৰাঁচী টেষ্টতো পৰাজিত চাহাবৰ দল ইংলেণ্ড; যুৱ শক্তিৰ পৰাক্ৰমেৰে ছিৰিজ দখল টীম ইণ্ডিয়াৰ

ফটো সৌজন্যঃ বিচিচিআই।

যোৱা ১০ বছৰত টীম ইণ্ডিয়াই কৰিব নোৱাৰা কামটো সোমবাৰে পুৱা ৰোহিত শৰ্মা বাহিনীয়ে কৰিলে। হাতত এখন টেষ্ট বাকী থকা অৱস্থাতে ৰাঁচীত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাটো হস্তগত কৰিলে টীম ইণ্ডিয়াই। দেশৰ মাটিত যোৱা ১০ বছৰত চতুর্থ ইনিংছত ১৫০ ৰানতকৈ অধিক ৰান অনুসৰণ কৰি জয়ী হোৱা নাই ভাৰতে৷ ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই এইবাৰ মহেন্দ্ৰ সিং ধোনীৰ গৃহ চহৰত বেন ষ্ট’কছ বাহিনীৰ বিৰুদ্ধে সেয়া কৰি দেখুৱালে।

ৰাঁচী টেষ্টৰ তৃতীয় দিনৰ পৰাই ভাৰতীয় ক্ৰিকেট প্ৰেমীসকলে খেলখন আৰু শৃংখলা জয়ৰ উদযাপন আৰম্ভ কৰিছিল। মাথোঁ অপেক্ষা আছিল সোমবাৰে ভাৰতৰ চতুৰ্থ টেষ্ট জয়লৈ। শেষলৈ প্ৰায় ডেৰ দিন বাকী থকা অৱস্থাত ৰাঁচী টেষ্ট আৰু ছিৰিজ দুয়োটা ৰোহিত বাহিনীৰ দখলত। ইয়াৰ আঁৰত আমি দুজন যুৱ খেলুৱৈৰ কথা ক’ব লাগিব। শুভমান গিল আৰু ধ্ৰুৱ জুৰেল-এই দুই যুৱ যোদ্ধাই ধোনিৰ গৃহ খেলপথাৰত ভাৰতক জয়ী কৰিলে।

তৃতীয় দিনৰ শেষত ভাৰতৰ অপেনিং যুটিয়ে বিনা উইকেটত ৪০ ৰান সংগ্ৰহ কৰে। তাৰ পাছত সোমবাৰে পুৱা ৬৯টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে ৰোহিত শৰ্মাই। সেই সময়ত ৰোহিতৰ সৈতে আছিল অ’পেনাৰ যশস্বী জয়ছোৱাল। তাৰ পাছত জো ৰুটে যশস্বীৰ উইকেট দখল কৰে। ৪১ বছৰীয়া জেমছ এণ্ডাৰছনে ডাইভিং কৰি কেচ ধৰে।

অধিনায়ক ৰোহিত শৰ্মা যি ছন্দত আছিল, সেই ছন্দত তেওঁ ভাৰতক জয়ী কৰি খেলপথাৰ এৰিব পাৰিলেহেঁতেন। কিন্তু টম হাৰ্টলীয়ে ২৫.১ অভাৰত ৰোহিতৰ উইকেট দখল কৰে। ৰোহিতে ৮১টা বলত ৫৫ ৰান সংগ্ৰহ কৰি পেভলিয়নলৈ উভতি যায়। তাৰ পাছত ৰজত পাটিদাৰ আৰু শুভমন গিলে দলক জয়ী কৰাৰ সোণালী সুযোগ লাভ কৰে। কিন্তু ৰাঁচীতো বিফল হ’ল ৰজত। প্ৰথম ইনিংছত ১৭ ৰান সংগ্ৰহ কৰি শ্বোৱেইব বছিৰৰ চিকাৰ হৈছিল ৰজত। দ্বিতীয় ইনিংছত একাউণ্ট খুলিবলৈ সুযোগে নিদিলে শ্বোৱেইব বছিৰ।

স্ক’ৰব’ৰ্ডত ১ উইকেটৰ বিনিময়ত ৮৪ ৰান আছিল যদিও ভাৰতে ১০০ ৰানৰ ভিতৰত ৩ টা উইকেট হেৰুৱাইছিল। ইয়াৰ পিছত শুভমন গিল আৰু ৰবীন্দ্ৰ জাদেজাই দলটোক আগুৱাই লৈ গৈ থাকিল। এই যুটিটোৱে ৰান কৰিবলৈ বেছি খৰখেদা কৰা যেন নালাগিল। দুপৰীয়াৰ মধ্যাহ্ন ভোজনৰ সময়লৈকে টীম ইণ্ডিয়াই ৩ উইকেটত ১১৮ ৰান সংগ্ৰহ কৰে। সেই সময়ত জয়ী হ’বলৈ আৰু ৭৪ ৰানৰ প্ৰয়োজন আছিল।

দুপৰীয়াৰ আহাৰ বিৰতিৰ পৰা উভতি অহাৰ পিছত শ্বোৱেইব বছিৰে ৰবীন্দ্ৰ জাদেজাৰ উইকেট দখল কৰে। ৪ ৰানেৰে খেলপথাৰ এৰিলে জাডেজাই। তেনেতে সৰফৰাজ ক্ৰীজত নামিল। কিন্তু কোনো ৰাণ অবিহনে ঘূৰি আহিল।

শুভমন গিল আৰু ধ্ৰুৱ জুৰেলে তাৰ পৰাই দলক জয়ী কৰাৰ দায়িত্ব কান্ধত লৈছিল। ১৩৬টা বলত শুভমন আৰু ধ্ৰুৱই ৭২ ৰানৰ অপৰাজিত অংশীদাৰিত্বৰে এই টেষ্ট মেচখনত টীম ইণ্ডিয়াই ৫ উইকেটত জয়লাভ কৰে। শুভমনে অপৰাজিত ৫২ আৰু ধ্ৰুৱই অপৰাজিত ৩৯ ৰানৰ ইনিংছ উপহাৰ দিয়ে। এইবাৰ ৩-১ ব্যৱধানত শৃংখলা লৈ ধৰ্মশালাত খেলিব ৰোহিত বাহিনীয়ে।