India vs England, 2nd Test: বিশাখাপট্টনমত চাহাবক খেল দেখুৱালে ভাৰতে; দ্বিতীয় টেষ্টত জিকি ছিৰিজত আনিলে সমতা

হায়দৰাবাদ টেষ্টৰ পাছত যি লক্ষ্যৰে টীম ইণ্ডিয়াই বিশাখাপট্টনমত নামিছিল, অৱশেষত সেয়া পূৰণ হ’ল৷ আজি ভিজাগত প্ৰথম ছেছনৰ পৰাই ভাৰতীয় শিবিৰত সামান্য জয়ৰ গোন্ধ পোৱা গৈছিল। মধ্যাহ্ন বিৰতিৰ পিছত ভাৰতীয় দৰ্শকে আৰু সহ্য কৰিব পৰা নাছিল। অৱশ্যে চাহ বিৰতিৰ আগলৈকে ধৈৰ্য্য ধৰিব লগা হ’ল।

ইংলেণ্ডে এটা এটাকৈ তেওঁলোকৰ উইকেট হেৰুৱাইছিল, ভাৰতীয় অনুৰাগীৰ গেলেৰীত চিঞৰ বাঢ়ি গৈছিল। হায়দৰাবাদ টেষ্টত ভাৰত ২৮ ৰানত পৰাস্ত হয়। ৰোহিত বাহিনীয়ে বিশাখাপট্টনমত ছিৰিজত সমতা স্থাপনৰ লক্ষ্য লৈছিল।

ভাৰতৰ মাটিত একেৰাহে ২ খন টেষ্টত জয়ী হোৱাৰ লক্ষ্যত বেন ষ্ট’কছৰ দলৰ সন্মুখত আছিল ৩৯৯ ৰান। ইয়াৰ আঁৰত আছিল শুভমনৰ দুৰ্দান্ত শতৰাণ। টীম ইণ্ডিয়াক জয়ী হ’বলৈ চতুৰ্থ দিনটোত ৯টা উইকেটৰ প্ৰয়োজন হৈছিল। সেইদৰে ইংলেণ্ডক ৩৩২ ৰানৰ প্ৰয়োজন আছিল।

অৱশেষত ভাৰতীয় শিবিৰত হাঁহি বিৰিঙিল। ৰোহিতৰ টীম ইণ্ডিয়াই ১০৬ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰাৰ উপৰিও শৃংখলাটোত সমতা স্থাপন কৰে।

তৃতীয় দিনৰ শেষত ইংলেণ্ডে ১ টা উইকেট হেৰুৱাই ৬৭ ৰান সংগ্ৰহ কৰে। চতুৰ্থ দিনত ভাৰতৰ হৈ প্ৰথমটো উইকেট দখল কৰে অক্ষৰ পেটেলে। তেওঁ ৰেহান আহমেদক ঘূৰাই পঠিয়ায়। জেক ক্ৰ’লিয়ে দৃষ্টিনন্দন অৰ্দ্ধশতক সম্পূৰ্ণ কৰে। তাৰ পাছত ৰবিচন্দ্ৰন অশ্বিনে ভাৰতক তৃতীয় উইকেটটো আনি দিয়ে। ২৩ ৰান সংগ্ৰহ কৰি ঘূৰি যায় অলি পোপ। অধিনায়ক ৰোহিত শৰ্মাই এটা ডাঙৰ কেচ লয়।

ইয়াৰ পিছতে অশ্বিনে জো ৰুটৰ উইকেট দখল কৰি টেষ্ট কেৰিয়াৰৰ ৪৯৯ সংখ্যক উইকেট সম্পূৰ্ণ কৰে। ভাৰতৰ মাটিত দ্বাদশ টেষ্ট মেচ খেলিছিল ৰুটে। তাত তেওঁ ১০০৪ ৰান সম্পূৰ্ণ কৰে। ফিল্ডিং কৰি থাকোঁতে আঙুলিত আঘাত পাইছিল। তথাপিও দ্বিতীয় ইনিংছত বেট কৰিবলৈ নামে। তেওঁ ১৬ ৰান সংগ্ৰহ কৰে।

দুয়োটা দলে মধ্যাহ্ন ভোজনৰ বিৰতিলৈ যোৱাৰ সময়লৈকে ইংলেণ্ডে স্ক’ৰব’ৰ্ডত ১৯৪ ৰান সংগ্ৰহ কৰিছিল। আনহাতে, ভাৰতীয় বলাৰসকলে ৬টা উইকেট দখল কৰে। দ্বিতীয় ছেছনত টম হাৰ্টলী আৰু বেন ফ’কছৰ অষ্টম উইকেটৰ পাৰ্টনাৰশ্বিপ ক্ৰমান্বয়ে কঠিন হৈ পৰে। তাৰ পিছত যশপ্ৰীত বুমৰাহে ফ’কছক কট এণ্ড বল কৰি যুটিটো ভাঙি পেলালে। মুকেশ কুমাৰে শোৱেইব বছিৰক ঘূৰাই পঠিয়াই নৱম উইকেটটো দখল কৰে। তাৰপিছতে বুমৰাহে হাৰ্টলীক ৩৬ ৰানত ঘূৰাই পঠিয়ায় শেষ উইকেটটো দখল কৰে।

ৰবিচন্দ্ৰন অশ্বিনৰ ৫০০ টেষ্ট উইকেটৰ অভিলেখ পূৰ্ণ হয়। দ্বিতীয় টেষ্টত ইংলেণ্ডৰ দ্বিতীয় ইনিংছত যশপ্ৰীত বুমৰাহ আৰু ৰবিচন্দ্ৰন অশ্বিনে ৩টাকৈ উইকেট দখল কৰে। কুলদীপ যাদৱ, অক্ষৰ পেটেল আৰু মুকেশ কুমাৰে ১টাকৈ উইকেট দখল কৰে। চাহ বিৰতিৰ পূৰ্বেই ইংলেণ্ডে ২৯২ ৰান সংগ্ৰহ কৰি অল আউট হৈ যায়।