ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন! আয়াৰলেণ্ডৰ বিৰুদ্ধে জয়েৰে আৰম্ভ টী-২০ বিশ্বকাপৰ অভিযান

ভাৰতে এক সুন্দৰ প্ৰদৰ্শনেৰে টী-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছে। বুধবাৰে প্ৰথমখন মেচত আয়াৰলেণ্ডক পৰাস্ত কৰে টীম ইণ্ডিয়াই। প্ৰথমতে বলাৰসকলেই জয়ৰ ভেটি স্থাপন কৰিছিল। অৱশ্যে কম ৰানৰ লক্ষ্য অতিক্ৰমৰ সময়তে বহু পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হ’ল ৰোহিত বাহিনীৰ বেটিং লাইন আপ।

বিশ্বকাপ আৰম্ভ হোৱাৰ পিছৰে পৰা নাছাউ ষ্টেডিয়ামৰ পিটচ, আউটফিল্ডক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে। বুধবাৰৰ খেলখনত দুয়োটা দলে একেখন মন্থৰ পিটচতেই খেলিছিল। দুয়োটা দলৰ বেটছমেনে ৰান সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। শেষত ভাৰত জয়ী হ’লেও খেলপথাৰৰ অৱস্থাৰ ওপৰত প্ৰশ্ন থাকি যাব।

টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয় ৰোহিত শৰ্মাই। যদিও চলিত বিশ্বকাপৰ কেইবাখনো মেচ কাৰ্যতঃ খালী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল, বুধবাৰৰ দিনটোত ভাৰতৰ খেল চাবলৈ নিউয়ৰ্কবাসীয়ে ভিৰ কৰিছিল। ইয়াৰে অধিকাংশই ভাৰতক সমৰ্থন কৰিছিল। অৱশ্যে তেওঁলোকে একপক্ষীয় মেচ এখন উপভোগ কৰিছিল।

বুমৰাহে প্ৰত্যাশিতভাৱেই দুৰ্দান্ত বলিং কৰিছিল। অৰ্শদীপ সিং-হাৰ্দিক পাণ্ডিয়াই আৰম্ভণিৰে পৰা ৰান ৰেট নিয়ন্ত্ৰণত ৰাখিছিল। মাত্ৰ ১৬ অভাৰত আয়াৰলেণ্ডৰ ইনিংছ সমাপ্ত হয়। পল ষ্টাৰলিঙৰ দলটোৱে এশ ৰাণো স্পৰ্শ কৰিব নোৱাৰিলে। ৯৬ ৰানতে ভাৰতৰ বলিঙৰ ওচৰত আত্মসমৰ্পণ কৰে।

খেলখনত হাৰ্ডিক পাণ্ডিয়াই তিনিটা উইকেট দখল কৰে। বুমৰাহ-অৰ্শদীপে দুটাকৈ উইকেট লাভ কৰে। মাত্ৰ ৯৭ ৰানৰ লক্ষ্য লৈও ভাৰতো বিপদত পৰিছিল। আই পি এলত বিৰাট ফৰ্মত থকা কোহলীয়ে মাত্ৰ ১ ৰানেৰে আউট হয়। কিন্তু ৰোহিত শৰ্মাৰ অৰ্ধশতকে দলটোক বিজয় কৰিছিল। লগতে আছিল পন্থৰ ৩৬ ৰান। ১৩ অভাৰত খেলখনত জয়লাভ কৰে টীম ইণ্ডিয়াই।