ICC T-20 World Cup: কম ৰান কৰিও দুৰ্দান্ত বলিঙেৰে পাকিস্তানক পৰাস্ত কৰি ইতিহাস দোহাৰিলে ভাৰতে

ভাৰত-পাকিস্তানৰ মাজত ক্ৰিকেট যুঁজ মানে অন্য এক আৱেগ। যাৰ লগত আন দহটা মেচৰ অনুভৱ কোনো কাৰণতে খাপ নাখায়। বহু ইতিহাস, বহু কাহিনী ভাৰত-পাক মহাৰণৰ লগত জড়িত। আনকি বিশ্বকাপতো দেখা যায় ৰুদ্ধশ্বাস যুঁজ। তাত সদায় আধিপত্য বিস্তাৰ কৰিছিল ভাৰতে। আনকি টী-২০ বিশ্বকাপতো ইমানদিন টীম ইণ্ডিয়া আগবাঢ়ি আছিল।

দেওবাৰে বেটিং ব্যৰ্থ হোৱাৰ পিছতো শেষত খেলখনত জয়লাভ কৰে ভাৰতে। সৌজন্যত বুমৰাহৰ দুৰ্দান্ত বলিং। হাৰ্দিকো সঠিক সময়ত উজলি উঠিল।

দেওবাৰে ‘সুযোগ’ক লৈ ৰোহিতৰ অলপ চিন্তিত হৈ পৰিছিল। সহজ নাছিল যদিও তেওঁলোকে টী-২০ বিশ্বকাপত  ৭-১ ব্যৱধানৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। সকলো তেওঁলোকৰ সৈতে আছিল। পূৰ্বৰ খেলখনত ছুপাৰ অভাৰত দুৰ্বল ইউ এছ এৰ হাতত পৰাস্ত হৈছিল পাকিস্তান।

ফটো সৌজন্যঃ বিচিচিআই।

তেওঁলোকৰ এই দুৰ্বল প্ৰদৰ্শনৰ বাবে বাৰে বাৰে সমালোচনাৰ সন্মুখীন হয়। প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ ভয়টোৱেও খেদি ফুৰিছিল। আনহাতে, আয়াৰলেণ্ডক সহজেই পৰাস্ত কৰে ৰোহিত বাহিনীয়ে। দেওবাৰে ভাৰতে সুযোগৰ সদ্ব্যৱহাৰ কৰে। পাকিস্তানে পুনৰ শেষ মুহূৰ্তত চাপ চম্ভালিব নোৱাৰিলে।

মেচখনৰ আগলৈকে বৰষুণ দি আছিল। খেলখন এঘণ্টাৰো অধিক সময় পিছুৱাই গৈছিল। বাবৰ আজমে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। এটা অভাৰৰ পিছত আকৌ বৰষুণ দিয়ে। তাৰ পিছতে মেচৰ ৰং সলনি হ’ল।

ফটো সৌজন্যঃ বিচিচিআই।

নাছাউ ষ্টেডিয়ামৰ খেলপথাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। যুদ্ধকালীন তৎপৰতাৰে আইচিচিয়ে খেলপথাৰখন ঠিক কৰি দিছিল। ফলত খেলপথাৰত কোনো অতিৰিক্ত বিপদৰ সৃষ্টি নহ’ল। বৰঞ্চ আমিৰ, ৰাউফ বাহিনীৰ ছুইংয়ে অস্থিৰ কৰি তোলে ভাৰতীয় বেটিং। ৰোহিত আৰু বিৰাটে পুনৰ দুই অভাৰৰ ভিতৰতে উভতি গ’ল। বাকীসকলে পুনৰ বুজাই দিলে যে ভাৰতীয় দলটো এই দুই মহাতাৰকাৰ ওপৰত কিমান নিৰ্ভৰশীল।

১৯ ৰানতে ২ টা উইকেট হেৰুৱায় ভাৰতে। তাৰ পৰাই ঋষভ আৰু অক্ষৰ পেটেলৰ যুটিয়ে দলটোক পুনৰ ছন্দলৈ অনাৰ চেষ্টা চলাইছিল। কিন্তু যেতিয়া নাছিম শ্বাহে আক্রমণলৈ ঘূৰি আহিল, তেতিয়া অক্ষৰে (২০) ক্লিন বল্ড হৈ উভতিল৷

ফটো সৌজন্যঃ বিচিচিআই।

ইয়াৰ পিছত কেৱল বেটাৰৰ অহা-যোৱা। সূৰ্যকুমাৰ (৭) জাদেজা (০), শিৱম (৩) সকলো বিফল। আনকি ঋষভ পন্থেও কিছু মুখ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৱো ৪২ ৰানেৰে উভতি আহিল। আই পি এলৰ পাছতো বেটৰ সৈতে নিজৰ ফৰ্ম বিচাৰি আছে হাৰ্দিকে (৭)। শেষত ভাৰতৰ ইনিংছ মাত্ৰ ১১৯ ৰানত স্তব্ধ হৈ পৰে।

কিন্তু বুমৰাহে প্ৰমাণ কৰিলে যে মেচ তেতিয়াও বাকী আছে। তেওঁ আৰম্ভণিৰে পৰা নিয়ন্ত্ৰিত বলিং কৰে। পাক বেটছমেনসকলে সুৰুঙা বিচাৰি নাপালে। সেই লেহেমীয়া বেটিংয়ে ডুবালে তেওঁলোকক। আগতীয়াকৈ উইকেট নপৰিল যদিও ৰাণো বৃদ্ধি পাইছিল।

ফটো সৌজন্যঃ বিচিচিআই।

কিন্তু ভাৰতীয় বলাৰসকলে সঠিক সময়ত আঘাত হানিলে। বুমৰাহ (১৪/৩),হাৰ্দিক বাহিনীয়ে বাবৰ, ফখৰ জামান, উছমানহঁতক পেভলিয়নলৈ ঘূৰাই পঠিয়ায়। কেৱল ৰিজৱানেহে কিছু প্ৰচেষ্টা চলাইছিল। তেওঁ হাৰ্দিকৰ বলি হয়।

অৱশেষত ভাৰতে মেচখনত ৬ ৰানত জয়লাভ কৰে। দেখুৱালে যে ‘এইদৰেও  প্ৰত্যাৱৰ্তন কৰিব পাৰি’। ক’ৰবাত হাতাশাত ম্ৰিয়মান হৈ পৰা সমৰ্থকসকলৰ মাজত বিশ্বাসৰ জুই জ্বলাই দিলে। এইবাৰ দেশলৈ আহিবনে বিশ্বকাপ? ভাৰতীয়সকলে সপোন দেখিবই পাৰে।

ফটো সৌজন্যঃ আইচিচি।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ১১৯/১০ (ঋষভ ৪২, অক্ষৰ ২০, নচিম ২৩/২)

পাকিস্তানঃ ১১৩/৭ (ৰিজৱান ৩১, ৱাছিম ​​১৫, বুমৰাহ ১৪/৩)

ভাৰতে ৬ ৰাণত জয়লাভ কৰে।